ETV Bharat / international

নিউজিলেণ্ডত নতুনকৈ ক’ভিড 19 ত আক্ৰান্ত 207 গৰাকী

author img

By

Published : Nov 6, 2021, 11:08 AM IST

New Zealand reports 207 new cases of Covid-19
নিউজিলেণ্ডত নতুনকৈ ক’ভিডত আক্ৰান্ত 207 গৰাকী

নিউজিলেণ্ডত নতুনকৈ পোহৰলৈ আহিছে 207 টা ক’ভিড 19 ৰ ঘটনা ৷ নিউজিলেণ্ডৰ স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰিছে এই কথা ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 6 নৱেম্বৰ : নিউজিলেণ্ডত নতুনকৈ 207 টা ক’ভিড 19 ৰ ঘটনা পোহৰলৈ আহিছে ৷ শনিবাৰে দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিযোগে প্ৰকাশ কৰিছে এই কথা ৷ এই 207 টা ঘটনাৰ ভিতৰত 206 টা সামাজিক সংক্ৰমণৰ ঘটনা আৰু এটা সীমান্তৰ সিপাৰৰ পৰা অহা ৷

বৰ্তমানলৈকে দেশখনত ক’ভিড 19 ৰ ডেল্টা প্ৰকাৰত আক্ৰান্তৰ সংখ্যা 4,240 গৰাকী ৷ ইয়াৰ ভিতৰত 4,047 টা অকলেণ্ডৰ, 154 টা ৱাইকাটোৰ, 17 টা ৱেলিংটনৰ, 17 টা নৰ্থলেণ্ডৰ, 4 টা কাউণ্টাৰবাৰী আৰু এটা নেলচন-মাৰ্লবৰ্গৰ ৷

স্বাস্থ্য মন্ত্ৰালয়ৰ বিবৃতিত উল্লেখ কৰা অনুসৰি, নিউজিলেণ্ডৰ হাস্পতালত 73 গৰাকী ৰোগী ভৰ্তি হৈ আছে ৷ ইয়াৰে 7 গৰাকী ICU আৰু HDU ত ভৰ্তি হৈ আছে ৷ মহামাৰীৰ আৰম্ভণিৰে পৰা নিউজিলেণ্ডত 6,981 টা সক্ৰিয় ঘটনা পোহৰলৈ আহিছে ৷

উল্লেখ্য যে, নিউজিলেণ্ডত 78 শতাংশ উপযুক্ত লোকক ক’ভিডৰ সম্পূৰ্ণ প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ বৰ্তমানেও দেশখনৰ সৰ্ববৃহৎ চহৰ অকলেণ্ড, ৱাইকেটো অঞ্চলৰ কিছু অংশ, উজনি নৰ্থলেণ্ড আৰু নৰ্থ আইলেণ্ডত ক’ভিড 19 ৰ বাবে তৃতীয় পৰ্যায়ৰ নিষেধাজ্ঞা জাৰি কৰি ৰখা হৈছে ৷ ইয়াৰ বাহিৰে দেশখনৰ অন্য প্ৰান্তত দ্বিতীয় পৰ্যায়ৰ নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে indoor কাৰ্য-কলাপসমূহত 100 গৰাকী লোকৰ উপস্থিতিৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক : অলিম্পিকৰ বাতৰি সংগ্ৰহত সাংবাদিকক বাধা নিদিবলৈ চীনক আহ্বান আমেৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.