ETV Bharat / international

Russia Ukraine war: যুদ্ধৰ মাজতে ইউক্ৰেইন সেনালৈ অৰ্থ সাহাৰ্য

author img

By

Published : Feb 25, 2022, 8:31 PM IST

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ লগে লগে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে তেওঁলোকক সমৰ্থন কৰিবলৈ ক্ৰিপ্টোকাৰেন্সীত ইউক্ৰেন সেনালৈ অৰ্থ সাহাৰ্য আগবঢ়াইছে । যোৱা ২৪ ঘণ্টাত, মাত্ৰ এটা গোটলৈ ৪০০,০০০ ডলাৰৰো অধিক মূল্যৰ বিটকইন আগবঢ়ালে এইসকল সমৰ্থকে ।

Russia Ukraine war: যুদ্ধৰ মাজতে ইউক্ৰেইন সেনালৈ অৰ্থ সাহাৰ্য
Russia Ukraine war: যুদ্ধৰ মাজতে ইউক্ৰেইন সেনালৈ অৰ্থ সাহাৰ্য

নেশ্যনেল ডেস্ক,২৫ ফেব্ৰুৱাৰী: যুদ্ধবিদ্ধস্ত ইউক্ৰেইনত হাঁহাকাৰময় পৰিস্থিতি । ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ লগে লগেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে সমৰ্থন আগবঢ়াইছে ইউক্ৰেইনলৈ । ক্ৰিপ্টোকাৰেন্সীত ইউক্ৰেনৰ সেনালৈ আগবঢ়াইছে বিটকইন ।

২৪ ঘন্টাত ইউক্ৰেইনৰ সেনাৰ এটা গোটলৈ আগবঢ়ালে ৪০০,০০০ ডলাৰৰো অধিক মূল্যৰ বিটকইন । ব্লকচেইন আৰু ক্ৰিপ্টো এনালিটিক্স ফাৰ্ম এলিপ্টিক(Blockchain and Crypto analytics firm Elliptic)ৰ তথ্য অনুসৰি ইউক্ৰেইনৰ সেনাৰ বাবে ক্ৰিপ্টো পুঁজি সংগ্ৰহ কৰা ইউক্ৰেইনৰ NGO কাম বেক এলাইভ(Come Back Alive)য়ে যোৱা এটা দিনত ৪০০,০০০ ডলাৰৰ অধিক মূল্যৰ ডিজিটেল টোকন লাভ কৰিছে ।

ফৰ্চুনে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, এইকেইদিনত ইউক্ৰেইনৰ সেনালৈ আগবঢ়োৱা অৰ্থ সাহাৰ্যৰ গড় পৰিমাণ প্ৰায় ১০০০ ৰ পৰা ২০০০ ডলাৰ আৰু গোটটোৱে যোৱা দুদিনত কমেও 317 টা ব্যক্তিগত অনুদান লাভ কৰিছে । টুইটাৰ আৰু ফেচবুকৰ দৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ইউক্ৰেইন পন্থী গোট আৰু ক্ৰিপ্টো পন্থী সম্প্ৰদায়বোৰেও বৰঙণি আগবঢ়াইছে ।

এলিপ্টিকৰ মতে ক্ৰিপ্টোকাৰেন্সীৰ জড়িয়তে আগবঢোৱা সাহাৰ্যৰ পৰিমান বৃদ্ধিয়ে সূচায় যে, ডিজিটেল সম্পদবোৰ "এক গুৰুত্বপূৰ্ণ বৈকল্পিক পুঁজি পদ্ধতি হিচাপে উদ্ভৱ হৈছে (Emerged as an important alternative funding method) ।" যাৰ ফলত আন্তৰ্জাতিক দাতাসকলে এই গোটবোৰক অৰ্থ সাহাৰ্য প্ৰদানত বাধা প্ৰদান কৰা বিত্তীয় প্ৰতিষ্ঠানবোৰক উপেক্ষা কৰিব পাৰিব । তেওঁলোকৰ বিশ্লেষণে দেখুৱাইছে যে এই গোটবোৰলৈ মুঠ কেইবা লাখ ডলাৰৰ শ শ ক্ৰিপ্টো-সম্পদ আগবঢ়োৱা হৈছে ।

এলিপ্টিকে এই স্বেচ্ছাসেৱক গোট আৰু বেচৰকাৰী সংগঠনবোৰে ব্যৱহাৰ কৰা কেইবাটাও ক্ৰিপ্টোকাৰেন্সী ৱালেট চিনাক্ত কৰিছে । যিবোৰে সামূহিকভাৱে মুঠ ৫৭০,০০০ ডলাৰতকৈ অধিক পুঁজি লাভ কৰিছে ।

ইউক্ৰেনীয় চাইবাৰ এলায়েন্সে যোৱা বছৰত বিটকইন অনুদানত প্ৰায় ১০০,০০০ ডলাৰ লাভ কৰিছে । ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে আইনী মুদ্ৰাত ইয়াৰ সৈন্যৰ বাবে অনুদান গ্ৰহণ কৰিবলৈ এটা নিৰ্ধাৰিত বেংক একাউণ্টো স্থাপন কৰিছে । ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ আশংকাত যোৱা দুসপ্তাহত ক্ৰিপ্টোকাৰেন্সীৰ মূল্য হ্ৰাস পাইছে আৰু পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে এক নিৰ্দিষ্ট সামৰিক আক্ৰমণৰ নিৰ্দেশ দিয়াৰ পিছত ১৫০ বিলিয়ন ডলাৰ হেৰুৱাইছে ।

লগতে পঢ়ক: ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞাই আই এচ এছৰ অভিযানত প্ৰভাৱিত নকৰে: নাচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.