বিশ্ব পৰ্যটন দিৱস 2021

author img

By

Published : Sep 27, 2021, 9:19 AM IST

world tourism day 2021

পৃথিৱীৰ নেদেখা ঠাইসমূহ চোৱা আৰু নজনা কথা জনাটো মানৱ জাতিৰ এক পুৰণি হাবিয়াস ৷ কিন্তু যোৱা দুটা বছৰত ক’ভিড 19 য়ে পৃথিৱীক একপ্ৰকাৰ স্তব্ধ কৰি দিছে ৷ গতিকে পৃথিৱীখন পুনৰ মুকলি হ’বলৈ আৰম্ভ কৰাৰ লগে লগে আমি ভ্ৰমণৰ আৰোপ কৰা নিষেধাজ্ঞা আঁতৰ কৰাৰ লগতে হোটেল আৰু পৰ্যটন ব্যৱসায় পুনৰ আৰম্ভ কৰাৰ কথা চিন্তা-চৰ্চা কৰা উচিত ৷

নিউজ ডেস্ক, 27 ছেপ্তেম্বৰ : পৃথিৱীৰ নেদেখা ঠাইসমূহ ভ্ৰমণ আৰু আৱিস্কাৰ কৰাৰ হাবিয়াস সকলোৰে আছে ৷ কিন্তু যোৱা দুটা বছৰত ক’ভিড 19 কেৱল উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ অৰ্থনীতিত প্ৰভাৱ পেলোৱাই নহয়, ই সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰতো প্ৰভাৱ পেলাইছে ৷

যাৰ ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে দৰিদ্ৰ শ্ৰেণীটো ৷ এতিয়া পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ আমি ভ্ৰমণত আৰোপ কৰা নিষেধাজ্ঞা আঁতৰ কৰাৰ লগতে হোটেল আৰু পৰ্যটন ব্যৱসায় পুনৰ আৰম্ভ কৰাৰ কথা চিন্তা-চৰ্চা কৰা উচিত ৷

world tourism day 2021
ফটো সৌজন্য Google

এই বছৰ বিশ্ব পৰ্যটন দিৱসে এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যে, ‘পৃথিৱীখন মুকলি হ’বলৈ আৰম্ভ কৰাৰ লগে লগে যাতে ই কাকো পিছত এৰি থৈ নাযায় এই কথা পৃথিৱীয়ে ভৱিষ্যতেও লক্ষ্য ৰাখিব লাগিব’ ৷ সমগ্ৰ বিশ্বতে সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা আৰু প্ৰচাৰৰ ক্ষেত্ৰত ভ্ৰমণ খণ্ডৰ গুৰুত্ব কঢ়িয়াই অনাৰ বাবে এইটো দিনটোৰ উদ্দেশ্যৰ বাবে অতিৰিক্ত ।

world tourism day 2021
ফটো সৌজন্য Google

বিশ্ব পৰ্যটন দিৱসৰ ইতিহাস :

1980 চনৰ পৰাই 27 ছেপ্তেম্বৰ তাৰিখটো প্ৰতি বছৰে বিশ্ব পৰ্যটন দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷ 1970 চনত এই দিনটোতে ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাসমূহৰ আইনসমূহ গ্ৰহণ কৰা হৈছিল ৷ এই আইনসমূহকে বৈশ্বিক পৰ্যটনৰ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয় ৷ এইটোৱে পাঁচ বছৰৰ পিছত UNWTO স্থাপনৰ পথ প্ৰশস্ত কৰিছিল । UNWTO য়ে 1980 চনৰ 27 ছেপ্তেম্বৰত প্ৰথম বিশ্ব পৰ্যটন দিৱস আন্তৰ্জাতিক পালন হিচাপে উদযাপন কৰে ৷

world tourism day 2021
ফটো সৌজন্য Google

বিশ্ব পৰ্যটন দিৱসৰ উদ্দেশ্য :

বিশ্ব পৰ্যটন দিৱসৰ উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক মূল্যবোধক প্ৰভাৱিত কৰাৰ ক্ষেত্ৰত পৰ্যটনৰ গুৰুত্বপূৰ্ণ বিষয়ত সজাগতা বৃদ্ধি কৰা । চলিত মহামাৰীৰ সময়ত, পৰ্যটন খণ্ডৰ বিষয়ে সজাগতা বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ যে যোৱা বছৰ মহামাৰীৰ ফলত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ 90% বন্ধ হৈছিল আৰু গ্ৰাম্য সম্প্ৰদায়ৰ যুৱক-যুৱতীসকল নিবনুৱা আছিল ৷

world tourism day 2021
ফটো সৌজন্য Google

২০২০ চনত অতিৰিক্ত ৩২ নিযুত লোকক চৰম দৰিদ্ৰতাৰ ফালে ঠেলি দিয়া হৈছিল । নিম্ন-বিকশিত দেশবোৰত বিশেষকৈ মহামাৰীৰ ফলত হোৱা বিশ্বব্যাপী সংকটৰ ফলত মহিলাসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰ এটা কাৰণ হৈছে যে তেওঁলোকে মুখ্যতঃ পৰ্যটন আৰু অন্যান্য খণ্ডত কাম কৰে, যিবোৰ ক’ভিড 19 ৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল ।

UNWTO ৰ মতে, বিশ্ব পৰ্যটন দিৱস হৈছে "পৰ্যটনৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক মূল্য আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত খণ্ডটোৱে আগবঢ়াব পৰা অৱদানৰ বিষয়ে সজাগতা বৃদ্ধি কৰা বিশ্বব্যাপী পালন দিৱস" ৷

লগতে পঢ়ক : বিশ্ব নদী দিৱস 2021

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.