World Photography Day: ফটোগ্ৰাফী হৈছে পৰ্যবেক্ষণৰ এক কলা

author img

By

Published : Aug 19, 2021, 8:34 AM IST

World Photography Day
বিশ্ব ফটোগ্ৰাফী দিৱস ()

প্ৰতিবছৰে 19 আগষ্টৰ দিনটো ‘বিশ্ব ফটোগ্ৰাফী দিৱস’(World Photography Day) হিচাপে উদযাপন কৰা হয় ৷ অনানুষ্ঠানিক বন্ধ হিচাপে এই দিনটোত ফটোগ্ৰাফীৰ কলা উদযাপন কৰাৰ সুযোগ লাভ কৰে বিশ্ববাসীয়ে ৷

নিউজ ডেস্ক, 19 আগষ্ট : আজি ‘বিশ্ব ফটোগ্ৰাফী দিৱস’(World Photography Day) ৷ প্ৰতিবছৰে 19 আগষ্টৰ দিনটো ফটোগ্ৰাফী দিৱস হিচাপে উদযাপন কৰে বিশ্ববাসীয়ে ৷ এটি অনানুষ্ঠানিক বন্ধ হিচাপে এই দিনটোত ফটোগ্ৰাফীৰ কলা উদযাপন কৰাৰ সুযোগ লাভ কৰা হয় ।

World Photography Day
বিশ্ব ফটোগ্ৰাফী দিৱস

এই বিশেষ দিনটোতেই ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহ থকা ফটোগ্ৰাফী উৎসাহীসকলে তেওঁলোকৰ ফটোৰ ধাৰণাসমূহ বিশ্ববাসীৰ সৈতে ভাগ-বতৰা কৰাৰ সুযোগ লাভ কৰে । এই দিনটোৱে প্ৰতিগৰাকী ব্যক্তিক ফটোগ্ৰাফীৰ ধাৰণা অনুসৰণ কৰিবলৈ সুযোগ প্ৰদান কৰে ৷ প্ৰযুক্তিবিদ্যাৰ বিকাশ আৰু উন্নতি আৰু সময়ৰ লগে লগে যথেষ্ট পৰিমাণে বিকশিত হৈছে ফটোগ্ৰাফীৰ ধাৰণা ।

World Photography Day
বিশ্ব ফটোগ্ৰাফী দিৱস

যদিও ব্যৱহৃত পদ্ধতি, নান্দনিকতা আৰু মানদণ্ডৰ ক্ষেত্ৰত পাৰ্থক্য আছে, কিন্তু প্ৰতিখন ফটোৰেই ভাষা আৰু সাৰাংশ একেই ৷ এটা সময় আছিল যেতিয়া কাঠত অথবা খোদাইৰে ছবি অংকন কৰিবৰ বাবে নতুন কৌশল প্ৰস্তুত কৰা হৈছিল ৷ তাৰ পাচত ছবিখনৰ নকল কৰা হৈছিল ।

ইয়াৰ পাচত নকল কৰা ছবিসমূহ কেমেৰা আৰু অন্যান্য ফটো কেপচাৰিং ডিভাইচৰ পৰা প্ৰিণ্ট কৰা হৈছিল । সম্প্ৰতি ডিজিটেল যুগত ফটোগ্ৰাফীৰ ক্ষেত্ৰত বহুল পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে ৷

World Photography Day
বিশ্ব ফটোগ্ৰাফী দিৱস

1837 চনত যোচেফ নাইচফোৰ নিপচেৰ(Joseph Nicephore Niepce) সহযোগত ফৰাচী ব্যক্তি লুইছ ডাগুয়েৰে(Louis Daguerre) বিকশিত কৰিছিল এটি ফটোগ্ৰাফিক প্ৰক্ৰিয়া । দুবছৰৰ অন্তত ফৰাচী বিজ্ঞান একাডেমীয়ে(French Academy of Sciences) দুয়োৰে আৱিষ্কাৰক প্ৰশংসা কৰি ইয়াক ‘বিশ্বৰ বাবে এক উপহাৰ’ বুলি অভিহিত কৰে ।

World Photography Day
বিশ্ব ফটোগ্ৰাফী দিৱস

তেতিয়াৰ পৰাই বিশ্বত ফটোগ্ৰাফীৰ ধাৰণাটো চৰ্চিত হৈ পৰিছিল ৷ ফটোগ্ৰাফীয়ে 1861 চনত ৰঙীন ফটোগ্ৰাফী প্ৰৱৰ্তনকে ধৰি বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা কৰিছিল ৷ বিগত দশকৰ পৰা বহু যুৱক-যুৱতীয়ে ফটোগ্ৰাফীক নিচা হিচাপে গ্ৰহণ কৰিছে । মানুহক ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষণ আৰু আগ্ৰহী কৰি তুলিবলৈ বিশ্ব ফটোগ্ৰাফী দিৱসটো এক সঠিক আহিলা । এই দিনটোৱে এগৰাকী ফটোগ্ৰাফাৰৰ আবেগ আৰু দক্ষতাক প্ৰদৰ্শন কৰাৰ সুযোগ দিয়ে ৷

লগতে পঢ়ক : জনা নজনা: ইতিহাসৰ আটাইতকৈ সৰু যুদ্ধখন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.