ETV Bharat / international

ভাৰত-ইউৰোপীয়ান ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ নাই সম্ভাৱনাঃ বিশেষজ্ঞ

author img

By

Published : Jul 18, 2020, 1:54 PM IST

Updated : Jul 18, 2020, 3:17 PM IST

ভাৰত-ইউৰোপীয়ান ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ দীৰ্ঘদিনীয়া প্ৰক্ৰিয়া অনাগত দিনতো বিশেষ ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা নাই বুলি মত প্ৰকাশ কৰিছে বিশেষজ্ঞই ৷

ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ নাই সম্ভাৱনাঃ বিশেষজ্ঞ
ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ নাই সম্ভাৱনাঃ বিশেষজ্ঞ

নতুন দিল্লী, 18 জুলাই: যদিও ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ বিষয়টো আগবঢ়াই নিবলৈ অলপতে বাণিজ্য আৰু বিনিয়োগ সন্দৰ্ভত এক উচ্চস্তৰীয় বুজাবুজিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, দীৰ্ঘদিনৰ পৰা ওলমি থকা তেনে প্ৰক্ৰিয়া অনাগত দিনতো বিশেষ ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা নাই ।

এছিয়া মহাদেশৰ ভিয়েটনাম আৰু ভাৰতবৰ্ষই লোভনীয় ইউৰোপীয় বজাৰৰ ওপৰত চকু দি আহিছে যদিও, ভিয়েটনামে যোৱা মাহত ইউৰোপীয়ান ইউনিয়নৰ সৈতে মুক্ত বাণিজ্য চুক্তি সম্পাদন কৰিছে । এয়া ভাৰতৰ বাবে অনুকূল নহ’ব ।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ইউৰোপীয়ান কাউন্সিলৰ সভাপতি চাৰ্লছ মাইকেল আৰু ইউৰোপীয়ান কমিছনৰ সভাপতি উৰছুলা ভন্ ডেৰ লেভেনে ১৫ জুলাইত অনলাইনযোগে অনুষ্ঠিত ১৫ সংখ্যক ভাৰত-ইউৰোপীয়ান ইউনিয়নৰ সন্মিলনত ভাগ লয় । ইয়াত দুয়ো পক্ষই ৰাজনৈতিক আৰু নিৰাপত্তাজনিক সম্পৰ্কত সযোগিতা, বাণিজ্য আৰু বিনিয়োগ আৰু অৰ্থনৈতিক সযোগিতাৰ বিষয়ে আলোচনা কৰে ।

সন্মিলনৰ পাচত সংবাদ মাধ্যমক সম্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব (পশ্চিম) বিকাশ স্বৰূপে কয় যে, এই সন্মিলনৰ অন্যতম উল্লেখযোগ্য ফলাফল হৈছে বাণিজ্যিক আৰু বিনোয়গকেন্দ্ৰিক সম্পৰ্কক লৈ উচ্চ পৰ্যায়ৰ আলোচনাৰ আৰম্ভণি । ইয়াৰ জৰিয়তে ব্যৱসায়, বজাৰৰ বিষয় আৰু যোগান শৃংখলা আদি বিষয়ত আলোচনা কৰা হ’ব ।

দুই পক্ষৰ নেতাসকলে কৰা আলোচনাৰ বিষয়বস্তু সন্দৰ্ভত স্বৰূপে কয়— “COVID-১৯ ৰ পৰৱৰ্তী সময়ৰ প্ৰসংগত অৰ্থনৈতিক পুনৰুদ্ধাৰৰ ওপৰত প্ৰাধান্য, যোগান শৃংখলাৰ সংযোগৰ বৈচিত্ৰকৰণ, ইউৰোপীয়ান ইউনিয়ন আৰু ভাৰতৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক উন্নত কৰাৰ বাবে দুয়ো পক্ষৰ ফালৰ পৰা অধিক জোৰ প্ৰদান, দুয়ো পক্ষৰ বাণিজ্যৰ লগত সম্পৰ্কিত সমস্যাসমূহ সমাধান কৰা আদি বিষয়ত আলোচনা কৰা হয় ।”

“আমি প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত দিয়া প্ৰাধান্য আৰু নিয়ন্ত্ৰিত পৰিৱেশক উদাৰ কৰা আৰু ব্যৱসায়-বাণিজ্য উজু কৰাৰ প্ৰতি প্ৰদান কৰা গুৰুত্ব সম্পৰ্কে আমাৰ প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে ।”স্বৰূপে এনেদৰে জনায় ।

“তেওঁ ভাৰতৰ ব্যৱসায়িক সুযোগসমূহৰ সদব্যৱহাৰ কৰিবলৈ ইউৰোপৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক আমন্ত্ৰণ জনায় আৰু আত্মনিৰ্ভৰ ভাৰত যে ঘৰুৱা উৎপাদন আৰু গোলকীয় যোগান শৃংখলাক একত্ৰিত কৰাৰ এক প্ৰয়াস সেই বিষয়ে প্ৰকাশ কৰে।”

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৮ চনত সামগ্ৰিকভাৱে ইউৰোপিয়ান ইউনিয়ন ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বন্ধু হোৱাৰ বিপৰীতে ভাৰত আছিল ইউৰোপীয়ান ইউনিয়নৰ নৱম বৃহৎ বাণিজ্যিক বন্ধু দেশ। ২০১৮-১৯ বৰ্ষত ইউৰোপীয়ান ইউনিয়নৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল ১১৫.৬ বিলিয়ন ডলাৰ । ভাৰতৰ পৰা ৰপ্তানি ৫৭.১৭ বিলিয়ন ডলাৰৰ বিপৰীতে ইউৰোপীয়ান ইউনিয়নৰ পৰা ভাৰতলৈ আমদানিৰ মুঠ পৰিমাণ আছিল ৫৮.৪২ বিলিয়ন ডলাৰ । তদুপৰি ভাৰত হৈছে ইউৰোপীয়ান ইউনিয়নৰ চতুৰ্থ বৃহৎ সেৱা ৰপ্তানিকাৰী দেশ । ইয়াৰ বিপৰীতে ইউৰোপিয়ান ইউনিয়নৰ পৰা ভাৰতলৈ সেৱাৰ আমদানিৰ ক্ষেত্ৰত ইউনিয়নৰ স্থান ষষ্ঠ ।

ইয়াৰ লগতে ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত ইউৰোপীয়ান ইউনিয়ন সদায় সৰ্ববৃহৎ উৎস হিতাপে পৰিগণিত হৈ আহিছে । ২০০০ চনৰ এপ্ৰিলৰ পৰা ২০১৮ চনৰ জুনলৈকে ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহৰ পৰা ভাৰতলৈ আগমন ঘটা প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ইকুইটীৰ পৰিমাণ আছিল ৯০.৭ বিলিয়ন ডলাৰ । অৰ্থাৎ এই সংখ্যা ভাৰতত আগমন ঘটা মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ২৪ শতাংশ । গতিকে ইয়াৰ পৰাই ইউৰোপীয়ান ইউনিয়ন আৰু ভাৰতৰ বাণিজ্যিক সম্পৰ্কৰ ঘনিষ্ঠতা স্পষ্ট হৈ পৰে ।

২০১৭ চনৰ মাৰ্চত নতুন দিল্লীত ইউৰোপীয়ান বিনিয়োগ বেংকে ইয়াৰ কাৰ্যালয় মুকলি কৰিছিল । বেংকটোৱে ভাৰতৰ বিভিন্ন প্ৰকল্পৰ বাবে ঋণ প্ৰদান কৰিবলৈ লয় । ইউৰোপীয়ান ইউনিয়নত ভাৰতৰ বিনিয়োগ ৫০ বিলিয়ন ইউৰো বুলি হিচাপ কৰা হৈছে।

এনেবোৰ সম্পৰ্ক থকা সত্বেও দুয়ো পক্ষই ব্ৰোড-বেছড ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট এগ্ৰীমেণ্ট (বি টি আই এ) বা মুক্ত বাণিজ্য চুক্তিত (ফ্ৰী ট্ৰেড এগ্ৰীমেণ্ট) একমত হ’ব পৰা নাই ।

বি টি আই এৰ বাবে আলোচনা ২০০৭ চনতে আৰম্ভ হৈছিল যদিও কেইবালানিও আলোচনাৰ পাচত ২০১৩ চনত ইয়াক স্থগিত কৰা হয় ।

বিজ্ঞ মহলে কোৱা মতে, ভাৰতে সকলো দেশৰে সৈতে দ্বিপাক্ষিক বিনিয়োগ চুক্তি (বি আই টি) বাতিল কৰাৰ পাচত কেৱল ইউৰোপীয় দেশসমূহৰ পৰা অহা বিনিয়োগহে সুৰক্ষিত হৈ আছে ।

২০১৫ চনত নতুন দিল্লীয়ে প্ৰকাশ কৰা এক নতুন বি আই টি মডেলৰ পাচত ভাৰতে পূ্ৰ্বৰ সকলো বি আই টি বাতিল কৰে ।

ইয়াৰ পাছত ইউৰোপীয়ান ইউনিয়নৰ ২৮ খন সদস্য ৰাষ্ট্ৰই ইউৰোপীয়ান ইউনিয়নৰ সৈতে বিনিয়োগ সুৰক্ষাৰ বুজাবুজিৰ দায়িত্বৰ বাবে দাবী উত্থাপন কৰে । পৰ্যবেক্ষকসকলে দাবী কৰা অনুসৰি ব্ৰেক্সিটৰ বাবে ভাৰত আৰু আ ইউৰ মাজৰ বাণিজ্যিক সম্পৰ্ককলৈ অনিশ্চয়তা আছে আৰু অৰ্থনৈতিক সম্পৰ্কত বহুস্তৰবাদৰ পৰিৱৰ্তিত সম্পৰ্কৰ ফলত বিনিয়োগৰ সুৰক্ষাক লৈ চিন্তাৰ উদ্ৰেক হৈছে ।

ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত ভাৰতীয় ৰপ্তানি সংগঠনসমূহৰ ফেডাৰেশ্বন চমুকৈ এফ আই ই অ’ৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া অজয় ছাহায়ে জনায় যে অটোম’বাইল বা অটো পাৰ্টছ্ আমদানি, সুৰা, দুগ্ধজাত সামগ্ৰী আৰু তথ্যৰ নিৰাপত্তা আদিয়ে ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নৰ বি টি আই এত বাধা হিচাপে থিয় দিছে ।

ছাহায়ে কয়—“আমি ৰপ্তানিকাৰী সংগঠন হিচাপে মুক্ত বাণিজ্য চুক্তি বিচাৰোঁ।”

তেওঁ লগতে কয়—“কিন্তু এই ক্ষেত্ৰত নিৰ্ভৰ কৰিব দুয়ো পক্ষই কিমান ঠাই দিয়ে । দুয়ো পক্ষৰেই এক নিয়ন্ত্ৰিত দৃষ্টিভংগী থাকিব লাগিব ।”

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্কুল অৱ্ ইণ্টাৰনেশ্বনেল ষ্টাডীজৰ চেণ্টাৰ ফৰ্ ইউৰোপীয়ান ষ্টাডীজৰ অধ্যক্ষ গুলচন চাছদেৱৰ মতে ব্ৰিটেইন যিহেতু ভাৰতৰ অন্যতম বাণিজ্যিক মিত্ৰ দেশ, ইউৰোপিয়ান ইউনিয়নৰ পৰা দেশখনৰ প্ৰস্থানৰ ফলত ভাৰতে বি টি আই এক অন্য দৃষ্টিভংগীৰে চাব লাগিব ।

তেওঁ লগতে কয়— “গ্ৰেট ব্ৰিটেইনে ইউৰোপীয়ান ইউনিয়নৰ সৈতে কি বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰে সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ হ’ব । তদুপৰি ইউৰোপ আৰু ইউৰোপৰ অৰ্থনীতিত শৰণাৰ্থীৰ বিষয়টোও ইয়াৰ লগত উত্থাপিত হ’ব ।”

যদিও ১৫ জুলাইৰ সন্মিলনৰ পাচত বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্কক লৈ উচ্চ পৰ্যায়ৰ আলোচনাৰ দিহা কৰা হৈছে, ইয়াৰ জৰিয়তে মাথো বি টি আইৰ বুজাবুজিৰ প্ৰক্ৰিয়া পুনৰাম্ভৰ বিষয়েহে আলোচনা কৰিব । । যাৰ বাবে খুব কম দিনত চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা নাই ।

ছাহায়ে লগতে কয় যে এই বৰ্ষৰ জুনত ভিয়েটনামে ইউৰোপীয়ান ইউনিয়নৰ লগত মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰাৰ পাছত ভাৰতক অধিক প্ৰতিকূল স্থানত অৱস্থান কৰাইছে । ছিংগাপুৰৰ পাছত ইউৰোপীয়ান ইউনিয়ন আৰু ভিয়েটনামৰ মাজত হোৱা মুক্ত বাণিজ্যৰ চুক্তিখন কোনো এছিয়ান দেশৰ সৈতে ইউৰোপীয়ান ইউনিয়নৰ হোৱা দ্বিতীয়খন চুক্তি ।

“ইউৰোপৰ বজাৰ দখল কৰিবৰ বাবে ভাৰত আৰু ভিয়েটনাম দুয়োখন দেশে চেষ্টা অব্যাহত ৰাখিছে । এতিয়া ভিয়েটনামে ইউৰোপীয়ান ইউনিয়নৰ সৈতে মুক্ত বাণিজ্য চুক্তি সম্পাদন কৰাৰ পাচত দেশখনে বস্ত্ৰ, জোতা-ছেণ্ডেল, চামৰাৰ সামগ্ৰী, আচবাব, সাগৰীয় সামগ্ৰী আৰু কিছুসংখ্যক কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত ইউৰোপত বজাৰ লাভ কৰিব । শুল্কৰ সুযোগো ভিয়েটনামে লাভ কৰিব।” ছাহায়ে এনেদৰে মত প্ৰকাশ কৰে ।

লেখক: অৰুণিম ভূঞা

লগতে পঢ়ক: ইণ্টাৰনেটৰ সুবিধা অন্তিম শাৰীৰ শিক্ষাৰ্থীসকলৰ বাবেও উপলব্ধ হ’ব : ড৹ নিশাংক

Last Updated : Jul 18, 2020, 3:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.