ETV Bharat / international

ফেচবুকত ইছলাম বিৰোধী লিখনি প্ৰচাৰত বাধা আৰোপৰ আহ্বান ইমৰাণ খানৰ

author img

By

Published : Oct 26, 2020, 11:03 AM IST

ফেচবুকত ইছলাম বিৰোধী লিখনি প্ৰচাৰত বাধা আৰোপৰ আহ্বান ইমৰাণ খানৰ
ফেচবুকত ইছলাম বিৰোধী লিখনি প্ৰচাৰত বাধা আৰোপৰ আহ্বান ইমৰাণ খানৰ

আন আন স্পৰ্শকাতৰ বিষয়ৰ দৰে ইছলাম ধৰ্ম বিৰোধী পোষ্ট ফেচবুকযোগে প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ আহ্বান পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ । ফেচবুকৰ মুখ্য কাৰ্য্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ অদ্ভুত পত্ৰ । ইহুদীৰ ওপৰত নাজী শক্তিৰ নিৰ্মম অত্যাচাৰৰ সৈতে ইছলাম বিৰোধিতাক তুলনা কৰিলে ইমৰাণ খানে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৬ অক্টোবৰ : চ'ছিয়েল মিডিয়াত ইছলাম বিৰোধী পোষ্ট ভাইৰেল হোৱাক লৈ চিন্তিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান । ইছলাম বিৰোধী লিখনি ফেচবুকত নিষিদ্ধ কৰিবলৈ আহ্বান জনাই ফেচবুকৰ মুখ্য কাৰ্য্য়বাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গলৈ পত্ৰ প্ৰেৰণ কৰিলে পাক প্ৰধানমন্ত্ৰীৰ । ইমৰাণ খানে টুইটযোগে শ্বেয়াৰ কৰা এই পত্ৰখনত লিখিছে যে, 'ক্ৰমাৎ মুছলমান সম্প্ৰদায়ৰ প্ৰতি বাঢ়ি অহা বিৰোধিতাই সমগ্ৰ বিশ্বতে হিংসা বিয়পোৱাত উচতনি দিছে । চ'ছিয়েল মিডিয়াৰ জৰিয়তে, বিশেষকৈ ফেচবুকৰ মাধ্যমেৰে এনে উচতনিমূলক মন্তব্যৰ আটাইতকৈ বেছি প্ৰচাৰ হৈছে । মুছলমান সম্প্ৰদায়ৰ বিৰোধিতা কৰি শ্বেয়াৰ কৰা পোষ্ট ফেচবুকত নিষিদ্ধ কৰাৰ বাবে মই আপোনাক অনুৰোধ জনাইছো ।'

নাজী শক্তিৰ নিৰ্মম অত্যাচাৰৰক লৈ ফেচবুকত সমালোচনা কৰাত জুকাৰবাৰ্গে নিষেধাজ্ঞা জাৰি কৰা কাৰ্যৰ শলাগ লয় ইমৰাণ খানে । ইহুদীসকলৰ সমস্যাক লৈ জাৰ্মানী আৰু সম্পূৰ্ণ ইউৰোপতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ক্ষেত্ৰত এই পদক্ষেপ যথেষ্ট সহায়ক হৈছে বুলি প্ৰশংসা কৰে । তেওঁ কয়ে যে, মুছলমানসকলেও একেই পৰিস্থিতিৰ সন্মুখীন হোৱা বিশ্ববাসীৰ দৃষ্টিগোচৰ হৈছে । দুৰ্ভাগ্যবশতঃ কিছুমান দেশত মুছলমানক তেওঁলোকৰ নাগৰিক হোৱাৰ অধিকাৰ, সাজ-পোছাকতো বাধা আৰোপ কৰা হয় । আনকি তেওঁলোকক ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰতো বাধা দিয়া দেখা যায় । দ্বিতীয় বিশ্ব যুদ্ধ চলি থকা অৱস্থাত নাজী শক্তিয়ে প্ৰায় 6 লাখ ইহুদী পুৰুষ-মহিলা, শিশু আৰু আন আন লোকক হত্যা কৰিছিল । ইছলাম সম্প্ৰদায়ক ঘৃণা কৰা আৰু নাজী শক্তিৰ নিৰ্মম অত্যাচাৰ একে বুলি মন্তব্য কৰে ইমৰাণ খানে ।

যোৱাবছৰ, ৰাষ্ট্ৰসংঘৰ 74সংখ্যক সাধাৰণ পৰিষদৰ বাৰ্ষিক অধিৱেশনত নিজৰ ভাষণত ইমৰাণ খানে কৈছিল যে, 'পশ্চিমীয়া দেশত ইহুদীৰ ওপৰত চলা অত্যাচাৰক সংবেদনশীলতাৰে গ্ৰহণ কৰা হয় । ইছলামৰ বিৰোধিতাও এই ঘটনাৰ সমপৰ্যায়ৰ সমস্যা । অশালীন মন্তব্য আৰু ঘৃণাৰে আমাৰ আৱেগক আঘাত কৰা হয় ।'

ফান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ টিপন্নীৰ পিছতে মাৰ্ক জুকাৰবাৰ্গলৈ পত্ৰ প্ৰেৰণ কৰে পাক প্ৰধানমন্ত্ৰীয়ে । ফ্ৰান্সৰ আশে-পাশে বাঢ়ি অহা মুছলমান সম্প্ৰদায়ৰ লোকৰ বসতি নিয়ন্ত্ৰণৰ ধমক দিছিল মেক্ৰনে । পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মেক্ৰনৰ মন্তব্যৰ বিৰোধিতাও কৰে ।

লগতে পঢ়ক: পাকিস্তানৰ পিডিএমৰ ৰেলীক ‘ঠগ’ আখ্যা বিৰোধী দলৰ নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.