ETV Bharat / international

প্ৰধানমন্ত্ৰী শুশ্ৰুষা নিধি আৰু ইউনিচেফলৈ প্ৰিয়ংকা-নিকৰ সাহায্য

author img

By

Published : Mar 31, 2020, 5:24 PM IST

প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ প্ৰধানমন্ত্ৰী শুশ্ৰুষা নিধিলৈ সাহাৰ্য ৷ সকলোকে সাহাৰ্য প্ৰদানৰ আহ্বান দুই তাৰকাৰ ৷

প্ৰধানমন্ত্ৰী শুশ্ৰুষা নিধিলৈ সাহাৰ্য
প্ৰিয়ংকা,নিকৰ সাহাৰ্য

এন্টাৰটেইনমেন্ট ডেস্ক, 31 মাৰ্চ : তাৰকা দম্পতী প্ৰিয়ংকা চোপ্ৰা জোনাছ আৰু নিক জোনাছে মঙলবাৰে ঘোষণা কৰে যে, দুয়োগৰাকীয়ে প্ৰধানমন্ত্ৰী শুশ্ৰুষা নিধি(PM CARES Fund) লৈ সাহাৰ্য প্ৰদান কৰিছে ৷ কৰ'ণা ভাইৰাছৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা শুশ্ৰুষা নিধিলৈ এনেদৰে প্ৰসিদ্ধ দম্পতীয়ে আৰ্থিক সাহাৰ্য প্ৰদান কৰে ৷

প্ৰধানমন্ত্ৰী শুশ্ৰুষা নিধিৰ উপৰিও ইউনিচেফ, ফিডিং আমেৰিকা, গুঞ্জ,ডক্টৰছ উইদাওট বৰ্ডাৰছ,ন' কিড হাংগ্ৰী, গিভ ইণ্ডিয়ালৈও তেওঁলোকে প্ৰদান কৰে সাহাৰ্য ৷

ফেছনৰ মোহময়ী অভিনেত্ৰী গৰাকীয়ে লগতে সকলোকে উদ্দেশ্যি সংস্থাসমূহলৈ সাহাৰ্য প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

তেওঁ চ'ছিয়েল মিডিয়াত লিখে যে, "বিশ্বই আমাৰ সহায় বিচাৰে ৷ Covid19 ত আক্ৰান্তসকলৰ বাবে এই সংস্থাসমূহে বহু গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তেওঁলোকে ভোকাতুৰসকলক আহাৰ প্ৰদান কৰাৰ লগতে চিকিৎসকসকলক সহায় আগবঢ়াইছে আৰু কম উপাৰ্জন কৰাসকল আৰু গৃহহাৰা সকললৈও সাহাৰ্য প্ৰদান কৰিছে ৷"

লগতে তেওঁ কয়, "মই আৰু নিকে ইউনিচেফ, ফিডিং আমেৰিকা, গুঞ্জ,ডক্টৰছ উইদাওট বৰ্ডাৰছ,ন' কিড হাংগ্ৰী, গিভ ইণ্ডিয়া আৰু প্ৰধানমন্ত্ৰী শুশ্ৰুষা নিধিলৈ সাহায্য আগবঢ়াইছো ৷ আপোনালোকে যি সমাজ সেৱাত ব্ৰতী হৈছে তাৰ বাবে ধন্য়বাদ ৷"

ইয়াৰ পাচতে প্ৰিয়ংকাৰ স্বামী নিকেও তেওঁৰ চ'ছিয়েল মিডিয়া প্ৰফাইলৰ জৰিয়তে একে ধৰণৰ পোষ্ট শ্বেয়াৰ কৰে ৷

আৰু পঢ়ক : কোভিড-19 : মৃতকৰ সংখ্যাৰ শীৰ্ষত আমেৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.