ETV Bharat / international

পাকিস্তানত বাছ বিস্ফোৰণত ১৩ জন লোক নিহত

author img

By

Published : Jul 14, 2021, 5:41 PM IST

উত্তৰ-পশ্চিম পাকিস্তানত বুধবাৰে এখন বাছত বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত প্ৰাণ গ'ল ১৩ জন লোকৰ । মৃত লোকসকলৰ ভিতৰত আছিল ৯ গৰাকী চীনা অভিযন্তা । বাছখনেৰে ৩০ জনৰো অধিক চীনা অভিযন্তা কোহিস্তানৰ দাছু বান্ধৰ ওচৰলৈ গৈ আছিল ।

13 people, including 9 Chinese nationals were killed as Pakistan bus blast
পাকিস্তানত ভয়াৱহ বাছ বিস্ফোৰণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ জুলাই: এক ভয়াৱহ বিস্ফোৰণে কঁপালে উত্তৰ-পশ্চিম পাকিস্তানক । বুধবাৰে উত্তৰ-পশ্চিম পাকিস্তানৰ এক দুৰ্গম অঞ্চলত এখন বাছত বিস্ফোৰণ সংঘটিত হয় । এই ভয়াৱহ বিস্ফোৰণত বাছখনত থকা ১৩ জন লোকৰ মৃত্যু হয় । মৃত লোকসকলৰ ভিতৰত আছিল ৯ গৰাকী চীনা অভিযন্তা ।

চীনা নাগৰিকসকলক হত্যা কৰিবলৈ বাছখনত বিস্ফোৰক ইচ্ছাকৃতভাৱে ৰখা হৈছিল নে পথৰ দাঁতিত ৰখা হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । বিস্ফোৰণৰ প্ৰভাৱ ইমানেই বেছি শক্তিশালী আছিল যে, বিস্ফোৰণৰ ফলত বাছখন পথৰ দাঁতিৰ নদীত পৰিছিলগৈ । ইছলামাবাদস্থিত চীনা দূতাবাসে(Chinese embassy) নিশ্চিত কৰিছে যে, চীনা নাগৰিকসকলক ইচ্ছাকৃতভাৱে আক্ৰমণ কৰা হৈছে । আনহাতে, চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাও লিজিয়ানে(Zhao Lijian) এই ঘটনাৰে জড়িত অপৰাধীসকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰু পাকিস্তানত চীনা নাগৰিক, সংস্থা আৰু প্ৰকল্পসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পাকিস্তানক আহ্বান জনায় ।

পাকিস্তানী বিষয়াসকলে সংবাদ মাধ্যমক জনাইছে যে, বিস্ফোৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে ।

ইমৰান খান (Imran Khan) চৰকাৰৰ একাংশ বিষয়াৰ মতে, পাকিস্তানৰ ভাৱমূৰ্তি কলুষিত কৰিবলৈ এই বিস্ফোৰণ সংঘটিত কৰিছে দুষ্কৃতিকাৰীয়ে । জানিব পৰা মতে, বাছখনে অভিযন্তা আৰু জৰীপকৰ্তাসহ প্ৰায় ৩০ জন চীনা নাগৰিকক খাইবাৰ পখতুনখৱা প্ৰদেশৰ দাছু বান্ধৰ নিৰ্মাণস্থলীলৈ লৈ গৈ আছিল । সেই সময়তে এই ঘটনা সংঘটিত হয় ।

দাছু জলবিদ্যুৎ প্ৰকল্প (Dasu Tharmel Power Project) হৈছে চীনৰ উচ্চাভিলাষী চীন-পাকিস্তান অৰ্থনৈতিক ক’ৰিডৰৰ (China-Pakistan Economic Corridor) এক অংশ যাৰ উদ্দেশ্য হৈছে পশ্চিম চীনক দক্ষিণ পাকিস্তানৰ গোৱাদৰ সাগৰ বন্দৰৰ সৈতে সংযোগ কৰা । অৱশ্যে, পাকিস্তানৰ স্থানীয় লোকসকল এই প্ৰকল্পক লৈ সন্তুষ্ট নহয় । প্ৰকল্পটোত অধিকাংশ বাহিৰৰ লোককে নিযুক্তি দিয়া হৈছে বুলি স্থানীয় লোকসকলে অভিযোগ তুলিছে । লগতে এই প্ৰকল্পটোৰ কাম আৰম্ভ হোৱাক লৈ এই লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত হোৱা নাই বুলিও অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:Master Chef Australia ত বিশেষভাৱে সমাদৃত অসমৰ পঁইতা ভাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.