ETV Bharat / international

ভাৰতৰ বাবে ভ্ৰমণ পৰামৰ্শ শিথিল কৰিছে আমেৰিকাই

author img

By

Published : Jul 20, 2021, 10:24 AM IST

ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ ক্ষেত্ৰত ভ্ৰমণ পৰামৰ্শ আগবঢ়াওতে কেতবোৰ সকীয়নি জাৰি কৰি আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰই । বৰ্তমান এই ক্ষেত্ৰত কিছু শিথিলতা অনা দেখা গৈছে । শেহতীয়াকৈ তৃতীয় পৰ্যায়ৰ ভ্ৰমণ পৰামৰ্শ জাৰি কৰিছে আমেৰিকাই । তৃতীয় পৰ্যায়ৰ ভ্ৰমণ পৰামৰ্শৰ জৰিয়তে ভাৰত ভ্ৰমণ কৰাৰ পূৰ্বে এই ভ্ৰমণ সন্দৰ্ভত আমেৰিকাৰ নাগৰিকক পুনৰ বিবেচনা কৰিবলৈ কোৱা হৈছে । পাকিস্তানৰ ক্ষেত্ৰতো ভ্ৰমণ পৰামৰ্শ আগবঢ়োৱা হৈছে ।

US eases travel recommendations on India
ভাৰতৰ বাবে ভ্ৰমণ পৰামৰ্শ শিথিল কৰিছে আমেৰিকাই

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ জুলাই: ভাৰত আৰু পাকিস্তান ভ্ৰমণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই আগবঢ়াই অহা ভ্ৰমণ পৰামৰ্শৰ ক্ষেত্ৰত আংশিকভাৱে শিথিলতা অনা হৈছে । ভ্ৰমণ পৰামৰ্শৰ সৰ্বোচ্চ পৰ্যায় ৪ৰ পৰা তৃতীয় পৰ্যায়লৈ উন্নীত কৰা হৈছে । পাকিস্তানৰ ভ্ৰমণৰ ক্ষেত্ৰতো ভ্ৰমণ পৰামৰ্শসমূহ চতুৰ্থৰ পৰা তৃতীয় পৰ্যায়লৈ শিথিল কৰা হৈছে । ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তান ভ্ৰমণৰ ক্ষেত্ৰত আমেৰিকাৰ নাগৰিকসকলক এই পৰামৰ্শসমূহ আগবঢ়োৱা হৈছে । সোমবাৰে আমেৰিকাই এই নতুন ভ্ৰমণ পৰামৰ্শ আগবঢ়ায় ।

ক'ভিড-১৯ৰ বাবে সোমবাৰে আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (Centers for Disease Control and Prevention) বাবে ভাৰতৰ বাবে তৃতীয় পৰ্যায়ৰ ভ্ৰমণ স্বাস্থ্য জাননী জাৰি কৰিছে । এই জাননীয়ে ভাৰত মহামাৰীৰ সংক্ৰমণ ভয়াৱহ ৰূপত হৈ থকাৰে সংকেত বহন কৰিছে । ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ জাননীত উল্লেখ কৰা হৈছে যে, যদি কোনো নাগৰিকে এফ ডি এ(FDA)ৰ অনুমোদিত প্ৰতিষকৰ দুয়োটা পালি গ্ৰহণ কৰিছে তেন্তে ক'ভিড-১৯ত আক্ৰান্ত হোৱা আৰু সংকটজনক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ।

যিকোনো আন্তৰ্জাতিক ভ্ৰমণৰ পৰিকল্পনা কৰাৰ আগতে টীকাকৰণ সম্পন্ন কৰাতো নিশ্চিত কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে প্ৰতিষেধক গ্ৰহণ নকৰা যাত্ৰীসকলক ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ নিৰ্দিষ্ট পৰামৰ্শবোৰ পঢ়ি চাবলৈ আহ্বান জনোৱা হৈছে ।

জাননীখনৰ জৰিয়তে ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি হৈ থকা সময়ত ভাৰত ভ্ৰমণ কৰাৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ সকীয়াই দিয়া হৈছে । লগতে অপৰাধ আৰু সন্ত্ৰাসবাদৰ বাবে সাৱধানতা অৱলম্বন কৰাৰ ক্ষেত্ৰতো সকিয়নী দিয়া হৈছে আমেৰিকাৰ নাগৰিকসকলক । উল্লেখ্য যে, আমেৰিকাই যোৱা ৫ মে'ত জাৰি কৰা ভ্ৰমণ পৰামৰ্শ চতুৰ্থ পৰ্যায়ৰ আছিল । ইয়াৰ অৰ্থ হৈছে ভ্ৰমণ সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ আগবঢ়োৱা পৰামৰ্শ ।

ভাৰতে ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সৈতে মোকাবিলা কৰি থকাৰ সময়তে এই পৰামৰ্শ আগবঢ়োৱা হৈছিল । সেই সময়ত ভাৰতত দৈনিক ৩ লাখৰো অধিক লোক মহামাৰীত আক্ৰান্ত হৈছিল । চিকিৎসালয়সমূহতো চিকিৎসা অক্সিজেন আৰু বিচনাৰ অভাৱ হৈছিল । বৰ্তমান পাকিস্তানৰ বাবে দ্বিতীয় পৰ্যায়ৰ স্বাস্থ্য জাননী জাৰি কৰা হৈছে । দ্বিতীয় পৰ্যায়ে মহামাৰীৰ এক মধ্যম পৰ্যায় সূচাযইছে ।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি : আমেৰিকাই উদঙাব চীনৰ প্ৰকৃত স্বৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.