ETV Bharat / international

ট্ৰাম্পৰ অভিযানৰ ৱেবচাইট হেক

author img

By

Published : Oct 28, 2020, 9:17 PM IST

ট্ৰাম্পৰ অভিযানৰ সঞ্চালক নিৰ্দেশক টিম মুৰটাই টুইটাৰত উল্লেখ কৰে যে,আজি বিয়লি ট্ৰাম্পৰ অভিযানৰ বেৱচাইটো বিলুপ্তি কৰি দিয়া হয় ৷ আৰু যি সকলে এই কাণ্ডটো সংঘটিত কৰিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আইনজ্ঞৰ সৈতে যোগাযোগ কৰি থকা হৈছে বুলি সদৰি কৰে ৷

Trump campaign website hacked with cryptocurrency scam
ট্ৰাম্পৰ অভিযানৰ ৱেবচাইট হেক !

নিউজ ডেস্ক,28 অক্টোবৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্বাচনী অভিযান চলোৱা ৱেবচাইট মঙলবাৰে বিয়লি কোনো অজ্ঞাত লোকে হেক কৰা হয় বুলি এক বিশেষ সূত্ৰই জানিবলৈ দিয়ে ৷

বিশেষ সূত্ৰৰ ৰিপৰ্ট অনুসৰি ট্ৰাম্পৰ অভিযানৰ সঞ্চালক নিৰ্দেশক টিম মুৰটাই টুইটাৰত উল্লেখ কৰে যে,আজি বিয়লি ট্ৰাম্পৰ অভিযানৰ বেৱচাইটো বিলুপ্তি কৰি দিয়া হয় ৷ আৰু যি সকলে এই কাণ্ডটো সংঘটিত কৰিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আইনজ্ঞৰ সৈতে যোগাযোগ কৰি থকা হৈছে বুলি সদৰি কৰে ৷

লগতে সঞ্চালক গৰাকীয়ে সদৰি কৰে যে,ৱেবটাইটোৰ সংবেদনশীল দাতাৰ কাৰণে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় ৷ কাৰণ বেৱচাইটোত কোনোধৰণৰ গুৰুত্বপূৰ্ণ তথ্য সংগৃহীত নাছিল ৷

উল্লেখযোগ্য যে, টুটি ফুটি ইংৰাজী চাইটত প’ষ্ট কৰিছে যে,ট্ৰাম্প চৰকাৰ ক’ৰণা ভাইৰাছ উৎপত্তিৰ লগত জৰিত আছে ৷ আৰু 2020 চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অনিয়ম সংঘটি কৰিবৰ বাবে বিদেশী অভিনেতাও চামিল এই কাণ্ডৰ লগত জৰিত আছে বুলি প্ৰকাশ পাইছে ৷

লগতে পঢ়কঃ ৰাৱণ দাহনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত আবেদন ইণ্ডোৰৰ পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.