আফগানিস্তানত থকা মাৰ্কিন নাগৰিকক আমেৰিকালৈ উভতিবলৈ অনুমতি তালিবানৰ

author img

By

Published : Aug 26, 2021, 2:18 PM IST

Taliban has agreed to allow US citizens, at-risk Afghans to leave after August 31
আফগানিস্তানত থকা মাৰ্কিন নাগৰিকক আমেৰিকালৈ উভতি যোৱাৰ অনুমতি দিলে তালিবানে ()

বৰ্তমানেও আফগানিস্তান(Afganistan)ত থকা মাৰ্কিন নাগৰিকক আমেৰিকা যুক্তৰাষ্টলৈ উভতি যোৱাৰ বাবে অনুমতি দিবলৈ সন্মতি প্ৰকাশ কৰিছে তালিবানে । ৩১ আগষ্টৰ পিছত দেশখনত থকা মাৰ্কিন নাগৰিক আৰু শংকিত হৈ থকা আফগান নাগৰিকক আফগানিস্তান এৰি যাবলৈ অনুমতি দিয়াত সন্মত হৈছে তালিবান(Taliban) । বুধবাৰে এই কথা প্ৰকাশ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব এণ্টনী ব্লিংকেনে(Antony Blinken) ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৬ আগষ্ট : তালিবানৰ বৰ্বৰতাৰ বাবে আতংকিত হৈ থকাৰ পাছত অৱশেষত ৩১ আগষ্টৰ পিছত স্বদেশলৈ উভতি যাব পাৰিব আফগানিস্তানত থকা মাৰ্কিন নাগৰিকসকল । দেশখনত বাস কৰি থকা মাৰ্কিন নাগৰিকসকলক আমেৰিকা যুক্তৰাষ্টলৈ উভতি যোৱাৰ ক্ষেত্ৰত অনুমতি দিবলৈ সন্মতি প্ৰকাশ কৰিছে তালিবানে ।

লগতে তালিবানে আফগানিস্তান দখল কৰাৰ পিছত আতংকিত হৈ থকা আফগান নাগৰিককো দেশ এৰি যোৱাত অনুমতি দিব তালিবানে । বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব এণ্টনী ব্লিংকেনে(Antony Blinken) এই কথা প্ৰকাশ কৰিছে । তেওঁ লগতে জনায় যে, আফগানিস্তানত থকা মুঠ ৬০০০ মাৰ্কিন নাগৰিকৰ ভিতৰত এতিয়ালৈকে ৪৫০০ জন লোকক স্থানান্তৰ কৰা হৈছে ।

প্ৰায় ১,৫০০ গৰাকী আমেৰিকান নাগৰিকে এতিয়াও স্থানান্তৰকৰণৰ বাবে অপেক্ষা কৰি আছে । ব্লিংকেনে কয় যে, তালিবানে আমেৰিকাৰ নাগৰিকৰ লগতে আন দেশৰ নাগৰিক আৰু বিপদাশংকাত থকা আফগানসকলে সুৰক্ষিত ভাৱে আফগানিস্তান ত্যাগ কৰাত অনুমতি দিয়াৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিশ্ৰুতি দিছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰ, মিত্ৰশক্তি আৰু বিশ্বৰ ১১৪ খন দেশৰ আধাতকৈও অধিক দেশে এক বিবৃতিৰ জৰিয়তে তালিবানক স্পষ্ট কৰি দিছে যে, তেওঁলোকৰ সেই প্ৰতিশ্ৰুতি পালন কৰাৰ দায়িত্ব আছে আৰু যি সকল লোকে আফগানিস্তান ত্যাগ কৰি যাব বিচাৰে তেওঁলোকৰ সুৰক্ষিত প্ৰস্থান নিশ্চিত কৰাটোও তালিবানৰ দায়িত্ব । লগতে স্থানান্তৰকৰণ অভিযানৰ ম্যাদ শেষ হোৱাৰ পাছতো আফগানিস্তান ত্যাগৰ ক্ষেত্ৰত তালিবানে বাধা প্ৰদান নকৰাতো বিচাৰিছে দেশকেইখনে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিবগৰাকীয়ে লগতে কয় যে, সকলো সাৱধানতা অৱলম্বন কৰাৰ পিছতো এতিয়া তালিবানৰ আক্ৰমণৰ শংকাৰ মাজতে স্থানান্তৰ প্ৰক্ৰিয়া অব্যাহত আছে । কিয়নো, বৰ্তমান আফগানিস্তান তালিবানৰ দখলত আছে আৰু আইএছআইএছৰ আক্ৰমণৰ সম্ভাৱনা আছে ।

বৰ্তমান দেশখনত থকা মাৰ্কিন নাগৰিকসকলক সহায় কৰাৰ বাবে আমেৰিকাৰ সেনা বাহিনীৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই বুলিও তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, বছৰ বছৰ ধৰি তেওঁলোকৰ সৈতে থকা আফগান নাগৰিকসকলকো আমেৰিকাই বিপদৰ মাজত এৰি নিদিয়ে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৯০ খন সামৰিক আৰু মিত্ৰজোঁটৰ বিমানত প্ৰায় ১৯,০০০ লোকক স্থানান্তৰ কৰা হৈছে ।

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনে কয় যে, আফগানিস্তানত সংকট অব্যাহত মাজতে, জি-৭ দেশসমূহে তালিবানৰ বিৰুদ্ধে একত্ৰিতভাৱে স্থিতি গ্ৰহণ কৰিছে । ইয়াৰ পূৰ্বে, ইয়াৰ পূৰ্বে, তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কাবুলত এক সংবাদমেল সম্বোধন কৰি কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰই স্ব-ইচ্ছাৰে নিৰ্ধাৰণ কৰা সময়সীমাৰ ভিতৰতে আফগানিস্তান ত্যাগ কৰিব লাগিব । অন্যথা, কাবুল বিমানবন্দৰত বৰ্তমান বিমান পৰিচালনা অব্যাহত ৰখা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা আৰু তালিবানৰ মাজত যুদ্ধ আৰম্ভ হ'ব বুলি তেওঁ সকীয়াই দিয়ে ।

লগতে পঢ়ক: আফগানিস্তানৰ পৰা স্থানান্তৰৰ সময়ত বিমানতে সন্তান প্ৰসৱ আফগান মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.