ETV Bharat / international

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত SpaceXৰ ৪ গৰাকী পেছাদাৰী মহাকাশচাৰী

author img

By

Published : Nov 12, 2021, 11:46 AM IST

SpaceX delivers new crew of 4 to ISS
আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত SpaceX ৪ গৰাকী নতুন পেছাদাৰী মহাকাশচাৰী

অহা বসন্ত পৰ্যন্ত ৰাজা চাৰী, টম মাৰ্শ্ববাৰ্ণ, কায়লা বেৰন, মেথিয়াছ ম'ৰেৰ নতুন ঘৰ হ'ব আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ । NASAৰ কেনেডি মহাকাশ কেন্দ্ৰ(Kennedy Space Centre)ৰ পৰা যাত্ৰা কৰা চাৰিওগৰাকী পেছাদাৰী মহাকাশচাৰী বৃহস্পতিবাৰে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত হয় ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ১২ নৱেম্বৰ: বহু উৎকণ্ঠাৰ অন্তত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ(International Space Station) পালেগৈ SpaceXৰ চাৰিওগৰাকী পেছাদাৰী মহাকাশচাৰী । কেমেৰাত বন্দী হ'ল সেই ৰোমাঞ্চকৰ দৃশ্য । বুধবাৰে NASAৰ কেনেডি মহাকাশ কেন্দ্ৰ(Kennedy Space Centre)ৰ পৰা ফেলকন-৯ ৰকেটেৰে উৰা মাৰিছিল মহাকাশচাৰীকেইগৰাকীয়ে । ২১ ঘণ্টাৰ মূৰত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত হয় SpaceXৰ চাৰিওজন ক্ৰু ।

পৰৱৰ্তী ৬ মাহ পৰ্যন্ত তেওঁলোকে মহাকাশ কেন্দ্ৰতে থাকি বিভিন্ন গৱেষণা কৰিব । মহাকাশ কেন্দ্ৰলৈ যোৱা মহাকাশচাৰীকেইজন হৈছে NASAৰ মহাকাশচাৰী ৰাজা চাৰী, টম মাৰ্শ্ববাৰ্ণ, কায়লা বেৰন আৰু মেথিয়াছ ম'ৰেৰ । মিছন কামাণ্ডাৰ ৰাজা চাৰীৰ মতে, ৩০ কিলোমিটাৰ দূৰৰ পৰা সুন্দৰ গৌৰৱময় স্থানটো প্ৰত্যক্ষ কৰিবলৈ পোৱাটো এক আবেগিক মূহুৰ্ত । আনহাতে, উৎসাহিত হৈ জাৰ্মান মহাকাশচাৰী মেথিয়াছ ম'ৰেৰে উল্লেখ কৰিছে যে, মহাকাশত ওপঙি থকা আৰু হীৰাৰ দৰে জিলিকি থকা ।

তেওঁ কয় যে, তেওঁলোক আটাইকেইগৰাকী অতি আনন্দিত । বিমানখন স্বয়ংক্ৰিয় আছিল ৰাজা চাৰী আৰু পাইলট টম মাৰ্শ্ববাৰ্ণে প্ৰণালীবোৰ নিৰীক্ষণ কৰিছিল, প্ৰয়োজন হ'লে নিয়ন্ত্ৰণ ল'বলৈও সাজু আছিল ।

তেওঁলোকে জনোৱা মতে, তেওঁলোকৰ কেমেৰাৰ দৃশ্যক্ষেত্ৰৰ ওপৰেৰে ওপঙি থকা "গ্নাৰ্লড নব" অথবা এটা সৰু নট দেখা গৈছিল । কিন্তু SpaceX মিছন কণ্ট্ৰোলে চিন্তা কাৰণ নাই বুলি সংকেত দিছিল । পূৱ কেৰিবিয়ানৰ পৰা ২৬৩ মাইল (৪২৩ কিলোমিটাৰ) ওপৰত এই দৃশ্য দেখা গৈছিল ।

ষ্টেচনৰ আদৰণি সমিতিখনত পূৰ্বে সাতজন মহাকাশচাৰীক অন্তৰ্ভুক্ত কৰাৰ কথা আছিল যদিও বৰ্তমান তিনিজনহে আছে । নতুন মহাকাশচাৰীকেইজনে পৰৱৰ্তী ছয় মাহ মহাকাশ কেন্দ্ৰত কটাব আৰু উক্ত সময়ছোৱাত ভ্ৰমণকাৰী পৰ্যটকৰ দুটা গোটৰ আয়োজন কৰিব । ৰাছিয়াই ডিচেম্বৰত প্ৰথম গোটটো আৰু ফেব্ৰুৱাৰীত স্পেচএক্সে দ্বিতীয়টো গোট প্ৰেৰণ কৰিব ।

লগতে পঢ়ক:COP 26 সন্মিলনত ই-অমৃত প’ৰ্টেল মুকলি ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.