ETV Bharat / international

কমলা হেৰিছে গ্ৰহণ কৰিলে ক'ভিড প্ৰতিষেধকৰ দ্বিতীয় মাত্ৰা

author img

By

Published : Jan 27, 2021, 7:04 PM IST

কমলা হেৰিছে গ্ৰহণ কৰিলে ক'ভিড প্ৰতিষেধকৰ দ্বিতীয় মাত্ৰা
কমলা হেৰিছে গ্ৰহণ কৰিলে ক'ভিড প্ৰতিষেধকৰ দ্বিতীয় মাত্ৰা

আমেৰিকাৰ উপৰাষ্ট্ৰপতি কমলা হেৰিছে নেশ্য়নেল ইনষ্টিটিউট অব হেল্থত গ্ৰহণ কৰে কৰ'ণা প্ৰতিষেধকৰ দ্বিতীয় মাত্ৰা । আমেৰিকাৰ নাগৰিকক প্ৰতিষেধক গ্ৰহণৰ বাবে আহ্বান জনাই উপৰাষ্ট্ৰপতি গৰাকীয়ে ।

নিউজ ডেস্ক , ২৭ জানুৱাৰী : আমেৰিকাৰ উপৰাষ্ট্ৰপতি কমলা হেৰিছে মঙলবাৰে নেশ্য়নেল ইনষ্টিটিউট অব হেল্থত কৰ'ণা প্ৰতিষেধকৰ দ্বিতীয় মাত্ৰা গ্ৰহণ কৰে লগতে আমেৰিকাৰ নাগৰিকক টীকাকৰণৰ বাবে আহ্বান জনায় ।

হেৰিছে দৰ্শকসকলক উদ্দেশ্য়ি কয় যে প্ৰতিষেধকে তেওঁলোকৰ জীৱন ৰক্ষা কৰিব সেয়ে সকলোৱে এই প্ৰতিষেধক ল'ব লাগে । উল্লেখ যে ২৯ ডিচেম্বৰত হেৰিছে প্ৰতিষেধকৰ প্ৰথম মাত্ৰা গ্ৰহণ কৰিছিল । ইফালে ডিচেম্বৰ মাহত দুটাকৈ প্ৰতিষেধকে জৰুৰীকালীন প্ৰদানৰ বাবে অনুমতি লাভ কৰাৰ পিছতে যোৱা সপ্তাহত দৈনিক ১ নিযুততকৈ অধিক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

ৰাষ্ট্ৰপতি জ' বাইডেনৰ মতে তেওঁৰ প্ৰশাসনৰ লক্ষ্য হৈছে তেওঁ ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ প্ৰথম ১০০ দিনত ১০০ নিযুত আমেৰিকাৰ নাগৰিকক প্ৰতিষেধক প্ৰদান কৰা । ইয়াৰ মাজতে হোৱাইট হাউচে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাই যে বাইডেন প্ৰশাসনে এই গ্ৰীষ্মকালত ৬০০ নিযুত মাত্ৰা লাভ কৰিবলৈ আৰু ৩০০ নিযুত লোকক টীকাকৰণ কৰিবলৈ প্ৰতিষেধকৰ অতিৰিক্ত 200 নিযুত ক্ৰয় কৰিবলৈ চেষ্টা অব্য়াহত ৰাখিছে ।

লগতে পঢ়ক :ইণ্ডোনেছিয়াত উদ্গীৰণ হোৱা আগ্নেয়গিৰিৰ পৰা পুনৰ নিৰ্গত হৈছে লাভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.