ETV Bharat / international

ইজৰাইল ইউ এ ই চুক্তিঃ শতিকাৰ সন্ধি

author img

By

Published : Aug 18, 2020, 9:56 AM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
ইজৰাইল ইউ এ ই চুক্তিঃ শতিকাৰ সন্ধি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ১৩ আগষ্টত ইজৰাইল আৰু সংযুক্ত আৰৱ এমিৰেটছৰ মাজত এক চুক্তি স্বাক্ষৰিত হোৱাৰ কথা ঘোষণা কৰে ৷ এই চুক্তিখন ড’নাল্ড ট্ৰাম্পৰ মধ্যস্থতাত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটেনয়াহু আৰু সংযুক্ত আৰৱ এমিৰেটছৰ যুৱৰাজ মহমদ বিন জায়েদ আল-নাহয়ানৰ মাজত হোৱা আলোচনাৰ মাজেৰে সম্পন্ন হয় ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ১৩ আগষ্টত ইজৰাইল আৰু সংযুক্ত আৰৱ এমিৰেটছৰ মাজত এক চুক্তি স্বাক্ষৰিত হোৱাৰ কথা ঘোষণা কৰে ৷ বৈঠকখনৰ পাচত জাৰি হোৱা এক যুটীয়া বিবৃতি অনুযায়ী ‘ঐতিহাসিক’ আৰু ‘শতাব্দীৰ চুক্তি’ হিচাপে চিহ্নিত হোৱা চুক্তিখনৰ জৰিয়তে ইজৰাইলে “শান্তি ‘ভিজন অৱ পীচ’ত উল্লেখিত এলেকাসমূহৰ পৰা সাৰ্বভৌমত্ব প্ৰত্যাহাৰ কৰিব”, দুয়ো দেশে কূটনৈতিক সম্বন্ধ স্থাপন কৰিব, প্ৰতিষেধকৰ উন্নয়নৰ যোগেদি দুয়ো দেশে ভাইৰাছবিধৰ সৈতে যুঁজাত পৰস্পৰে পৰস্পৰৰ প্ৰতি সহযোগিতা আগবঢ়াব, মুছলমান তীৰ্থযাত্ৰীসমূহক জেৰুজালেম আৰু আল-আক্সা মছজিদলৈ ধৰ্মীয় সংক্ৰান্তীয় ভ্ৰমণৰ অনুমতি প্ৰদান কৰিব আৰু ইউ এ ই আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই মধ্য পূৰ্বত কৌশলগত কাৰ্যসূচীসমূহ ৰূপায়ণৰ বাবে একেলগ হৈ কাম কৰিব ৷

এই চুক্তিখন ড’নাল্ড ট্ৰাম্পৰ মধ্যস্থতাত ইজৰাইলৰ প্ৰধান মন্ত্ৰী বেঞ্জামিন নেটেনয়াহু আৰু সংযুক্ত আৰৱ এমিৰেটছৰ যুৱৰাজ মহমদ বিন জায়েদ আল-নাহয়ানৰ মাজত হোৱা আলোচনাৰ মাজেৰে সম্পন্ন হয় ৷ উল্লেখ্য যে, এই বৰ্ষৰ ২৮ জানুৱাৰীত এক অনুষ্ঠানৰ সময়ত হোৱাইট হাউচত দুয়ো পক্ষৰ মাজত হোৱা প্ৰাৰম্ভিক বৈঠকত বহু বিচাৰ বিবেচনাৰ মূৰত ড'নাল্ড ট্ৰাম্পে “ভিজন অৱ পীচ” দস্তাৱেজখনৰ প্ৰস্তুত কৰে ৷

অনাগত তিনি সপ্তাহৰ ভিতৰত উভয় পক্ষই বিনিয়োগ, পৰ্যতন, প্ৰতিৰক্ষা, এভিয়েশ্বন, শক্তি, স্বাস্থ্য সুৰক্ষা, সাংস্কৃতিক, পৰিৱেশ সম্বন্ধীয়, প্ৰযুক্তিবিদ্যা সম্বন্ধীয় ইত্যাদিকে ধৰি বিভিন্ন চুক্তিত স্বাক্ষৰ কৰিবলৈ মিলিত হ’ব ৷ যি নহওঁক, সংযুক্ত আৰৱ এমিৰেটছে সুস্পষ্ট কৰি দিছে যে পেলেষ্টাইন–ইজৰাইলৰ সমস্যাটো সমাধান নোহোৱা পৰ্যন্ত তেওঁলোকে জেৰুজালেমত নিজৰ দূতাবাস স্থাপন নকৰে ৷ নেটেনয়াহুৱে নিজৰ পক্ষত দাবী জনাই যে ৱেষ্ট বেংকলৈ সম্প্ৰসাৰণৰ যি তেওঁৰ পৰিকল্পনা তাক কেৱল ‘বিলম্ব’ কৰাৰ প্ৰতিহে সন্মতি জানইছে ৷ দুয়ো নেতাই যাতে নিজৰ নিজৰ স্থানীয় সমষ্টিসমূহত সমালোচনাৰ সন্মুখিন নহয় তাৰ বাবে লোৱা এইয়া এক সাৱধানতা মূলক পদক্ষেপ যেনহে অনুমান হয় ৷ শেহতীয়াকৈ ঘটা কেইটামান ঘটনাই ইতিমধ্যেই গাল্ফ ৰাষ্ট্ৰখনে যে ইজৰাইলক এক অতি নৰম দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে সেই কথাহে উনুকিয়াই দিছে ৷ বিগত বৰ্ষত নেটেনয়াহুৰ অ’মান ভ্ৰমণ, অঞ্চলটোত উভয় ৰাষ্ট্ৰৰ উমৈহতীয়া শত্ৰু ইৰাণৰ প্ৰভাৱ ঘূৰাই আনিবলৈ বিগত দুটা দশকত পেক্ষাপটত থাকি সংযুক্ত আৰৱ এমিৰেটছে ইজৰাইলৰ সৈতে চোৰাংচোৱা তথ্যৰ বাবে কৰা সহযোগিতা, মেগনাম অ’পাছ ফিফা বিশ্বকাপৰ কথা ধ্যানত ৰাখি কাটাৰৰ ইজৰাইলৰ চোৰাংচোৱা তথ্য লাভ কৰাৰ প্ৰতি থকা উৎসুকতা, পেলেষ্টাইনৰ সমস্যাটো সমাধানৰ উদ্দেশ্যে দান অৰিহণা দি থকা দেশসমূহৰ মাজত সৃষ্টি হোৱা অনীহা, যুৱৰাজ চলমানে এখন ৰাষ্ট্ৰ হিচাপে ইজৰাইলৰ অস্তিত্বক স্বীকাৰ কৰা আৰু ইজৰাইলৰ ব্যৱসায়ীসকলক নিজৰ সাম্ৰাজ্যত ভ্ৰমণৰ বাবে অনুমতি প্ৰদান কৰা আৰু ইজৰাইলক দীৰ্ঘসময়জুৰি বহিস্কাৰ কৰাক লৈ মুছলিম ৰাষ্ট্ৰসমূহৰ মাজত থকা মতবিৰোধিতা আদি সকলোবোৰে গাল্ফ ৰাষ্ট্ৰখনক ক্ৰমান্বয়ে ইহুদি ৰাষ্ট্ৰখনৰ ফালে লৈ গৈ আছে ৷

অন্য দেশসমূহে চুক্তিখনৰ প্ৰতি প্ৰতিক্ৰিয়াবোৰ, মূলত তেওঁলোকৰ ঘোষিত বৈদেশিক নীতিবোৰৰ ভিত্তিতেই আগবঢ়াইছে ৷ অৱশ্যে চুক্তিখনৰ লগত জৰিত তিনিও পক্ষ যথেষ্ট সুখী যদিও সুপন্থী ‘ইজৰাইলী ছেটলাৰছ’সকলে তেওঁলোকক প্ৰতাৰণা কৰা বুলি নেটেনয়াহুক অভিযুক্ত কৰিছে ৷ জি চি চি আটাইতকৈ বৃহৎ দেশ ছৌদি আৰৱে এতিয়ালৈকে এই সম্পৰ্কত কোনো ধৰণৰ অধিকাৰীক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ সম্ভৱতঃ দেশখনে অপেক্ষা কৰিছে আৰু আন আন গাল্ফ ৰাষ্ট্ৰসমূহৰ সম্পৰ্কৰ মূল্যায়ন কৰি আছে ৷ যি নহওক, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সংযুক্ত আৰৱ এমিৰেটছৰ উভয়ৰে সৈতে এক অতি নিবিড় সম্পৰ্ক থকাৰ কাৰণেও এই চুক্তিক নিন্দা কৰাটো সম্ভৱ নহয় ৷ কাটাৰ আৰু বাহৰেইণে চুক্তি খনক স্বাগতম জনাইছে ৷ কুৱেইটে পেলেষ্টাইনৰ প্ৰতি থকা দৃঢ় সমৰ্থনৰ বাবে এক স্পষ্ট প্ৰতিক্ৰিয়া দিবলৈ আৰু কিছু সময় লব ৷ আনহাতে অ’মানে এই চুক্তিক সমৰ্থন জনাইছে ৷ ইজিপ্ত আৰু জৰ্দানৰ যিহেতু ইজৰাইলৰ সৈতে ইতিমধ্যে কূটনৈতিক সম্পৰ্ক আছেই ৷ গতিকে স্বাভাৱিকভাৱেই দুয়োখন দেশেই এই চুক্তিক সমৰ্থন জনাইছে ৷ স্পষ্টকৈ দেখা গৈছে যে এই বিষয়টোত মুছলিম বিশ্ব দুভাগত বিভক্ত হৈছে ৷ যি সময়ত পেলেষ্টাইনে স্বাভাৱিক কাৰণতেই এই চুক্তিক প্ৰত্যাখ্যান আৰু নিন্দা কৰিছে; আনহাতে হামাছে “জায়’নিষ্ট (ইহুদি) বোৰৰ স্বাৰ্থ পূৰণ কৰিব” বুলি কৈছে ৷ ইৰাণে ইয়াক “কৌশলী মূৰ্খতা” বুলি আখ্যা দিছে আৰু তুৰ্কীয়ে সংযুক্ত আৰৱ এমিৰেটছৰ লগত থকা কূটনৈতিক সম্পৰ্কৰ বিষয়ে পুনৰ বিবেচনা কৰাৰ হুমকি দি ইয়াক “ভণ্ডামিপূৰ্ণ” বুলি অভিহিত কৰিছে ৷ মালয়চিয়াই এই চুক্তিখনক “জলা জুইত ঘী” ঢলা বুলিছে ৷ কিন্তু ইণ্ডোনেচিয়াই এতিয়ালৈকে কোনো ধৰণৰ অধিকাৰীক প্ৰতিক্ৰিয়া দিয়া নাই ৷ পাকিস্তানে বৰ উৎসুকতাৰে লক্ষ্য কৰি আছে ৷ কোৱা হৈছে যে এক “সুদূৰ প্ৰসাৰী প্ৰভাৱ” পৰিব লগা এই চুক্তিখনৰ বিষয়ে পাকিস্তানে শীল আৰু এক কঠিন ঠাইৰ চেপাত লাগি ধৰি বিশ্লেষণ আছিল ৷ ভাৰত আৰু চীনে এই চুক্তিক স্বাগতম জনাইছে ৷ অৱশ্যেই প্ৰধান পশ্চিমীয়া দেশবোৰে চুক্তিখনক আদৰণি জনাইছে ৷

এতিয়া চোৱা যাওঁক চুক্তিখনৰ পৰা কোনে কি পাব ? প্ৰথমেই লাভান্বিত হ’ব আমেৰিকা যুক্তৰাষ্ট্ৰ-- আফগানিস্তান- তালিবানৰ চুক্তি আৰু এতিয়া ইজৰাইল আৰু সংযুক্ত আৰৱ এমিৰে’টছৰ মাজত হোৱা চুক্তিৰে ট্ৰাম্পে নিজৰ বুকুত আক্ষৰিক অৰ্থত শান্তিৰ মধ্যস্থতাকাৰী বুলি লিখি লৈ ৰাষ্ট্ৰপতি নিৰ্বাচনত সুন্দৰ সুযোগ আদায় কৰিবলৈ সক্ষম হ’ব ৷ আমেৰিকাৰ অৰ্থনীতিত আধিপত্য থকা ইজৰাইলৰ সমৰ্থকসকলে ট্ৰাম্পৰ পক্ষত পূৰ্ণোদ্যমে লাগি যাব ৷ কোনে জানে, দুয়ো পক্ষই কিজানি ১৯৭৮ চনৰ কেম্প ডেভিড চুক্তিখনৰ দৰে শান্তিৰ ন’বেল বটাই জয় কৰে নাইবা বহুবল্কি ট্ৰাম্প নিজেই এই বটাৰ বাবে এক দাবীদাৰ হ’বও পাৰে ৷ সংযুক্ত আৰৱ এমিৰে’টছ আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰবোৰৰো ইজৰাইলৰ সৈতে সম্পৰ্ক স্থাপনত এতিয়া মূৰৰ কামোৰণি হ্ৰাস পাব ৷ ই অঞ্চলটোত এক “মধ্য শক্তি” হিচাপে আৱিৰ্ভাৱ হোৱাৰ “এমিৰেটি ইচ্ছা”ও পূৰণ কৰিব পাৰিব আৰু ছৌদি প্ৰভাৱ মুক্ত নিজা বৈদেশিক নীতিও (যি ছৌদি আৰৱৰ বিপৰীতে সংযুক্ত আৰৱ এমিৰে’টছে য়েমেনৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰা কথাটোৰ পৰা প্ৰমাণিত হয়) প্ৰস্তুত কৰিব পাৰিব ৷ ছৌদি আৰৱ আৰু অ’মান ক্ৰমান্বয়ে, কিম্তু ধীৰে ধীৰে পৰস্পৰে পৰস্পৰৰ কাষ চাপি আহিব ৷ তৰিৎ গতিত হ্ৰাস পাই অহা তৈল ভাণ্ডাৰবোৰৰ সৈতে (যিকোনো স্থিতিতেই বিকল্প স্বচ্ছ ইন্ধন জনপ্ৰিয় হৈ যোৱাৰ লগে লগে ই এদিন নিৰৰ্থক হৈ পৰিব), অৰ্থনৈতিক প্ৰগতিক বৰ্তাই ৰাখিবলৈ হ’লে সাম্ৰাজ্যখনে ইয়াৰ বৃহত্তৰ ভূমি ভাগক ব্যৱহাৰ কৰিব লাগিব ৷ জি চি চি ৰাষ্ট্ৰসমূহৰ তুলনাত অ’মানৰ একেবাৰেই নগণ্য তৈল ভাণ্ডাৰ মজুদ আছে যদিও গাল্ফ অঞ্চলত ছৌদি আৰৱৰ পাচতেই ভূ-ভাগৰ ফালৰ পৰা দ্বিতীয় বৃহত্তৰ হোৱাৰ বাবে দেশখনে ইয়াৰ ভূ-ভাগক অধিক উৎপাদনশীলতাৰে ব্যৱহাৰ কৰিব লাগিব ৷ ইফালে নিজৰ দক্ষতাৰে ৰুক্ষ শুষ্ক মৰুভূমিকো শস্য শ্যামলা পথাৰলৈ ৰূপান্তৰিত কৰিব পৰা ইজৰাইলে এই দেশসমূহক এই ক্ষেত্ৰত সহায় কৰিব পাৰে ৷ তেতিয়া ইজৰাইলে চোৰাংচোৱা নেটৱৰ্কত আৰু প্ৰতিৰক্ষা উৎপাদনত থকা নিজৰ কুশলতাৰে গাল্ফ ৰাষ্ট্ৰসমূহক এখন সফল ‘প্ৰি-এম্পশ্বন’ অথবা ইৰাণৰ যিকোনো ধৰণৰ আক্ৰমণ প্ৰতিহত কৰাৰ নিশ্চিতি প্ৰদান কৰিব পাৰিব ৷ প্ৰকৃততেই পেলেষ্টাইন এখন পৰাজিত দেশ আৰু দেশখনে এই কথাত সুখী হ’ব লাগিব যে এইখন চুক্তি বৰ্তি থাকিলে ইজৰাইলে আৰু কোনো ধৰণৰ ভূমি কাঢ়ি লৈ নাযাব ৷ এমিৰে’টছে বিপৰীত ফাললৈ দল সলনি কৰাৰ কথাটোৱে এক “ড’মিন’ এফেক্টছ”ৰ সৃষ্টি কৰিব, কিয়নো ইয়াৰ ফলত এতিয়া পেলেষ্টাইনৰ বাবে আন এক প্ৰাচুৰ্যশালী দাতা বিচাৰি উলিওৱাটো কঠিন কাম হ’ব ৷

চুক্তিখনৰ প্ৰতি অনিৰ্ণিত মুছলিম বিশ্বৰ সদস্যসকলৰ সাম্ভাৱ্য সমৰ্থনৰ ফলত তুৰ্কীয়ে উম্মাহৰ মাজত তেনেই তাকৰীয়া বন্ধু ৰাষ্ট্ৰৰহে সমৰ্থন পাব ৷ ইৰাণক অবন্ধুত্বসুলভ দেশ যেনে ইৰাক, গাল্ফ ৰাষ্ট্ৰসমূহ, আফগানিস্তানৰ নিচিনা দেশ আৰু এখন একেবাৰেই অপ্ৰত্যাশিত বন্ধু, পাকিস্তানৰ দৰে দেশে আগুৰি থকা দেখা যাব ৷

এই পৰিস্থিতিত পাকিস্তান দুটা সম পৰিমাণে বেয়া বিকল্পৰে পৰিপূৰ্ণ হৈ আছে ৷ যদিও ছৌদি আৰৱে ধৰ্মীয় আৰু অৰ্থনৈতিকভাৱে মুছলিম বিশ্বক শাসন কৰে, পাকিস্তানে কিন্তু একমাত্ৰ মুছলিম পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ হোৱাৰ পৰিপেক্ষিতত মুছলিম বিশ্বৰ ৰাজনৈতিক নেতা হোৱাৰ উচ্চাকাংক্ষা পুহি ৰাখিছে ৷ চুক্তিখনৰ বাবে মুছলিম ৰাষ্ট্ৰসমূহৰ মাজত বিভেদ সৃষ্টি হোৱাৰ বৰ্তমানৰ যি প্ৰেক্ষাপট, তেনে স্থিতিত যদি পাকিস্তানে চুক্তিখনৰ প্ৰতি সমৰ্থন আগবঢ়াই, তেনেহ’লে ই পাকিস্তানক তুৰ্কী, মালয়চিয়া, ইৰাণৰ দৰে সহযোগী দেশসমূহৰ দলৰ পৰা বাহিৰ কৰি দিব আৰু মুছলিম বিশ্বক নেতৃত্ব দিয়াৰ যি উচ্চকাংক্ষা সেই আশা কৰ্পূৰ দৰে বতাহত মিহলি হৈ যাব ৷ আনহাতে, যদি পাকিস্তানে চুক্তি খনক সমৰ্থন নকৰে, ইতিমধ্যে ছৌদি আৰু সংযুক্ত আৰৱ এমিৰে’টছৰ লগত ফাট মেলা সম্পৰ্কই (তেল আমদানীৰ বাবে ঋণ লোৱাৰ যি সুবিধা তাক ৰদ কৰি দিয়া কাৰ্য) আৰু বহুদূৰ পাবগৈ ৷ এক বৃহৎ সংখ্যক পাকিস্তানী নাগৰিকে কৰ্ম সংস্থাপনৰ উদ্দেশ্যে ছৌদি আৰৱ আৰু সংযুক্ত আৰৱ এমিৰে’টছত বাস কৰে আৰু এই নাগৰিকসকলে দেশখনৰ ক্ষয়ংকয়ী বৈদেশিক মুদ্ৰাভাণ্ডাৰক কিছু পৰিমাণে ধনী কৰিবলৈ ৰেমিটেঞ্চ পঠিয়াই থাকে আৰু এই কাৰ্য বন্ধ হৈ গ’লে পাকিস্তান দেউলীয়া হৈ পৰিব ৷ এনে পৰিস্থিতিত চীনেও (দেশখনে চুক্তিখনৰ প্ৰতি সমৰ্থন জনাইছে) নিজৰ দুখীয়া “অল ৱেদাৰ ফ্ৰেইণ্ড”ৰ অৰ্থনীতিক উদ্ধাৰ কৰিবলৈ ঋণ দিয়াটো সমীচিন বুলি নাভাৱিব ৷ অন্য মুছলিম ৰাষ্ট্ৰবোৰৰ কেৱল পৰিধিগত প্ৰভাৱহে আছে ৷

ইৰাণ আৰু গাল্ফ ৰাষ্ট্ৰসমূহৰ মাজত কাৰ পক্ষ লব লাগিব সেইটো সিদ্ধান্ত লবলৈ বাধ্য নোহোৱালৈকে চীনে গাল্ফ অঞ্চলত কৰা বিনিয়োগসমূহৰ বাবে নিজৰ অৰ্থনৈতিক নীতিবোৰ সাৱধানেৰে অনুৱসৰণ কৰিব ৷ ভাৰতৰ সম্পৰ্কত ক’বলৈ গ’লে ক’ব লাগিব যে, আমি সুখী হ’ব লাগিব৷ কিয়নো আমি আৰু আৰৱসকলক এইটো বুজোৱাত কষ্ট কৰিব নালাগিব যে তেওঁলোকৰ সৈতে আমাৰ সম্পৰ্ক আৰু ইজৰাইলৰ সৈতে থকা আমাৰ সম্পৰ্ক একে নহয় ৷ ছৌদি আৰৱ আৰু সংযুক্ত আৰৱ এমিৰে’টছৰ লগত বাঢ়ি যোৱা আমাৰ সম্পৰ্ক আৰু ইজৰাইলৰ লগত থকা উৎকৃষ্ট সম্পৰ্ক সংঘাতমুক্তভাৱে চলি যাব পাৰিব ৷ তথাপিও পেলেষ্টাইনৰ প্ৰতি আমাৰ নৈতিক আৰু ৰাজনৈতিক সমৰ্থন বৰ্তি থাকিব ৷

তথাপিও ক’ব পাৰি যে নিকট ভৱিষ্যতে ইয়াৰ প্ৰভাৱ বিস্তাৰেৰে, অকল গাল্ফ অঞ্চলতেই নহয় বৰঞ্চ সমগ্ৰ বিশ্বৰে ভূ-ৰাজনৈতিক সমিকৰণবোৰক ন আকাৰ দিয়াৰ এখন সুস্পষ্ট ছবি দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক : সততাৰে কৰ পৰিশোধ কৰা সকলৰ সন্মানাৰ্থে মঞ্চ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.