ETV Bharat / international

প্ৰাক্ নিৰ্বাচনী ভোটদান প্ৰক্ৰিয়াত ট্ৰাম্পতকৈ 10 পইণ্টত অগ্ৰগতি বিডেনৰ

author img

By

Published : Nov 2, 2020, 1:24 PM IST

Biden leads Trump by 10 points in pre-election poll
প্ৰাক্ নিৰ্বাচনী ভোটদান প্ৰক্ৰিয়াত ট্ৰাম্পতকৈ 10 পইণ্টত অগ্ৰগতি বিডেনৰ

ডেম’ক্ৰেটিক পাৰ্টীৰ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত প্ৰাৰ্থী জ’ বিডেনে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পতকৈ 10 শতাংশ পইণ্ট ভোটত আগবাঢ়ি আছে ৷ দেওবাৰে NBC News আৰু Wall Street Journal pollয়ে এই তথ্য প্ৰকাশ কৰে ৷ উল্লেখ্য যে,দুদিন পূৰ্বে National Registered Votersৰ মাজৰ পৰা ট্ৰাম্পে 42 শতাংশ আৰু বিডেনে 52 শতাংশ ভোট লাভ কৰে ৷

নিউজ ডেস্ক,2 নৱেম্বৰ : 2020 বৰ্ষৰ ডেম’ক্ৰেটিক পাৰ্টীৰ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত প্ৰাৰ্থী জ’ বিডেনে ৰাষ্ট্ৰীয় স্তৰত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পতকৈ 10 শতাংশ পইণ্ট ভোটত আগবাঢ়ি আছে ৷ এক নতুন ভোটদান প্ৰক্ৰিয়াযোগে এই তথ্য প্ৰকাশ পাইছে ৷

দুদিন পূৰ্বে National Registered Votersৰ মাজৰ পৰা ট্ৰাম্পে 42 শতাংশ আৰু বিডেনে 52 শতাংশ ভোট লাভ কৰে ৷ দেওবাৰে NBC News আৰু Wall Street Journal pollয়ে এই তথ্য সদৰি কৰে ৷

অন্তিম প্ৰাক্ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পূৰ্বে পৰ্যবেক্ষণত পোৱা গৈছে যে,12 খন সংযুক্ত যুদ্ধৰাষ্ট্ৰৰ মাজৰ এৰিজোনা, ফ্ল’ৰিডা, জৰ্জিয়া, লোৱা, মেন, মিশ্বিগন, মিনেচোটা, উত্তৰ কেৰোলিনা, নিউ হেম্পশ্বায়াৰ, নেভাড়া, পেনছিলভেনিয়া আৰু উইকোনচিনৰ পৰা বিডেনে ট্ৰাম্পতকৈ 6 পইণ্ট আগবাঢ়ি আছে ৷

এই ভোটদান প্ৰক্ৰিয়া 29 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ আয়োজন কৰা হৈছিল ৷ বিডেনে ব্লেক ভোটাৰসকলৰ মাজৰ পৰা ট্ৰাম্পতকৈ 87 শতাংশৰ 5 শতাংশ,ইয়ং ভোটাৰসকলৰ মাজৰ পৰা 60 শতাংশৰ 32 শতাংশ,জ্যেষ্ঠৰ পৰা 58 শতাংশৰ পৰা 35 শতাংশ,মহিলাৰ পৰা 57 শতাংশৰ 37 শতাংশ,শুভ্ৰ কলেজ ডিগ্ৰীধাৰীৰ পৰা 56 শতাংশৰ 41 শতাংশ আৰু স্বাধীনসকলৰ পৰা 51 শতাংশৰ 36 শতাংশ ভোট লাভ কৰে ৷

আনহাতে,ট্ৰাম্পে শুভ্ৰ ভোটাৰসকলৰ মাজৰ পৰা 51 শতাংশৰ 45 শতাংশ আৰু ডিগ্ৰীবিহীন শুভ্ৰ ভোটাৰসকলৰ পৰা 58 শতাংশৰ 37 শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হয় ৷ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীতসকলৰ বাবে এই ভোটৰ ব্যৱস্থা কৰা হৈছিল ৷

লগতে পঢ়ক : এপ্ৰিল মাহতে প্ৰিন্স উইলিয়াম আক্ৰান্ত হৈছিল কৰ'ণাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.