ETV Bharat / international

তালিবানৰ উত্থান সন্দৰ্ভত মিত্ৰ দেশৰ সৈতে বাৰ্তালাপ জ' বাইডেনৰ

author img

By

Published : Aug 18, 2021, 1:55 PM IST

Biden has first talk with ally on Talibans rise
তালিবানৰ উত্থান সন্দৰ্ভত মিত্ৰ দেশৰ সৈতে বাৰ্তালাপ জ বিডেনৰ

আফগানিস্তানত তালিবানৰ উত্থানৰ বাবে আমেৰিকা প্ৰশাসনক দোষাৰোপ কৰাৰ সময়তে ৰাষ্ট্ৰপতি জ' বাইডেনৰ বিশেষ পদক্ষেপ । আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সৈতে বাৰ্তালাপ বাইডেনৰ । কিন্তু কি কি আলোচনা কৰিলে দুয়োগৰাকী শীৰ্ষ নেতাই ?

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ আগষ্ট : আফগানিস্তানৰ পৰিস্থিতিয়ে ইতিমধ্যে বিশ্বত আলোড়নৰ সৃষ্টি কৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানৰ পৰা সেনা বাহিনীক প্ৰত্যাহাৰ কৰাকলৈও বিশ্বজুৰি চৰ্চা হৈ আছে । বহুতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ (US President Joe Biden) সিদ্ধান্তক সমালোচনা কৰিছে ।

কিন্তু ইয়াৰ মাজতে আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে । তালিবানে দেশখন নিয়ন্ত্ৰণলৈ অনাৰ পাছত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বিষয়টোত গুৰুত্ব আৰোপ কৰা দেখা গৈছে । কিয়নো ৰাষ্ট্ৰপতি জ' বাইডেনে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ (British Prime Minister Boris Johnson) সৈতে আফগানিস্তানৰ পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিছে ।

ৰাষ্ট্ৰপতিৰ কাৰ্যালয় হোৱাইট হাউছে (White House) জনোৱা মতে বিভিন্ন বিষয়ত আলোচনা হৈছে দুয়োগৰাকী নেতাৰ মাজত । তাৰ ভিতৰত দুয়োগৰাকীয়ে দেশ দুখনৰ সেনা আৰু অসামৰিক লোকসকলক প্ৰশংসা কৰে ৷ যিসকলে সাহসিকতাৰ পৰিচয় দি আফগানিস্তানৰ পৰা তেওঁলোকৰ নাগৰিকক স্থানান্তৰ প্ৰক্ৰিয়াত নিয়োজিত হৈছে ।

ইফালে আফগানিস্তানক তালিবানৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰাৰ বাবে সহায় আৰু সমৰ্থনৰ ক্ষেত্ৰত আলোচনা হয় দুয়োগৰাকী নেতাৰ মাজত । হোৱাইট হাউচে জনোৱা মতে ভৱিষ্যত পৰিকল্পনাৰ বাবে দুয়োগৰাকী নেতাই বিশ্বৰ আন দেশবোৰৰ পৰা সহায়ৰ প্ৰয়োজনীয়তা সম্পৰ্কত আলোচনা কৰে ।

ইফালে বিশ্বৰ ধনী দেশবোৰৰ সাতজনীয়া এটা গোটৰ সভাপতিত্ব লাভ কৰে ইংলেণ্ডে । ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সভাপতিত্বত গোটটোৰ পৰৱৰ্তী সপ্তাহত এক ভাৰ্ছুৱেল বৈঠক অনুষ্ঠিত হ'ব । য'ত আফগানিস্তানৰ ক্ষেত্ৰত ল'বলগীয়া পৰৱৰ্তী কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰা হ'ব ।

যুদ্ধ বিধ্বস্ত আফগানিস্তানত সম্প্ৰতি অজাৰকতাই বিৰাজ কৰিছে । তালিবানে এক প্ৰকাৰ যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশৰ অভিযোগ, আফগানিস্তানৰ এনে পৰিস্থিতিৰ সময়ত বাকী দেশবোৰে কিন্তু উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা নাই । যাৰ বাবে আফগানিস্তানৰ বহু সংস্থা তথা নাগৰিকে ৰাষ্ট্ৰসংঘৰ পৰা সহায় বিচৰাৰ সকলো দেশকে একগোট হৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : এইবাৰ আফগানিস্তানত সলনি হ’ব নেকি তালিবানৰ পুৰুষতান্ত্ৰিক চৰিত্ৰ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.