ETV Bharat / international

কেলিফৰ্নিয়া এয়াৰপ'ৰ্টত বিমান দুৰ্ঘটনাত নিহত 4

author img

By

Published : Jan 23, 2020, 3:22 PM IST

নিহত 4
বিমান দূৰ্ঘটনা

কেলিফৰ্নিয়া এয়াৰপ'ৰ্টত বিমান দুৰ্ঘটনাত নিহত হৈছে 4 জনকৈ লোক ৷ উৰণৰ সময়ত ফেন্সিঙত খুন্দা মৰাৰ ফলত বিমানখন দুৰ্ঘটনাত পতিত হয় ৷

ইন্টাৰনেশ্যনেল ডেস্ক, 23 জানুৱাৰী : বুধবাৰে দক্ষিণ কেলিফৰ্নিয়াৰ এয়াৰপ'ৰ্টত এখন সৰু বিমানৰ দুৰ্ঘটনাত চাৰিজনকৈ লোকে মৃত্যুক সাৱটি লয় ৷ ল'ছ এঞ্জেলছৰ পৰা 40 মাইল পূৱৰ কৰোনা মিউনিচিপাল এয়াৰপ'ৰ্টত বিমানখন তললৈ সৰি পৰে ৷

  • UPDATE: Approximately 1/4 acre fire has now been contained. There are four fatalities resulting from the crash.

    — Corona Fire Dept #CoronaFire (@CoronaFireDept) January 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কৰোনা অগ্নিনিৰ্বাপক বাহিনীয়ে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে যে, চাৰিজন লোকে এই ঘটনাৰ ফলত প্ৰাণ হেৰুৱাইছে ৷ প্ৰত্যক্ষদৰ্শী দৰদী ভলে জানিবলৈ দিয়ে যে,উৰণৰ সময়ত বিমানখনে ফেন্সিঙত খুন্দা মৰাৰ ফলত অগ্নিসংযোগ হয় ৷ মাটিৰ পৰা প্ৰায় 3 ফুট মান ওপৰত সমগ্ৰ ঘটনা সংঘটিত হয় বুলি দৰদীয়ে জানিবলৈ দিয়ে ৷ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে The Federal Aviation Administration আৰু National Transportation Safety Boardয়ে এই ঘটনাৰ পাচতে কেলিফৰ্নিয়া বিমানবন্দৰ বন্ধ কৰি ৰখা হয় ৷

আৰু পঢ়ক : 70 বছৰ অতিক্ৰম ভাৰতীয় সংবিধানৰ: দেশৰ বিকাশ, অনুচ্ছেদ 370 আৰু CAA সন্দৰ্ভত

Intro:Body:

blank


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.