ETV Bharat / headlines

বঙাইগাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Dec 20, 2020, 12:31 PM IST

অভয়াপুৰীৰ পিৰাধৰাৰ দ্বিতীয় খণ্ডত নিশা সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ।

বঙাইগাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড
Fire at Bongaigaon

বঙাইগাঁও, ২০ ডিচেম্বৰ : বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পিৰাধৰাৰ দ্বিতীয় খণ্ডত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত নিমিষতে পুৰি ছাই হয় পাঁচটাকৈ পৰিয়ালৰ বাসগৃহ । প্ৰায় ৪০ লাখ টকাৰ সা-সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ কৰা হৈছে ৷ পৰিয়ালকেইটাৰ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰও জুইত জাহ যায় ।

Fire at Bongaigaon
বঙাইগাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিকাণ্ডত চান্দ মামুদ, আব্বাছ আলি, আয়নাল হক, ইব্ৰাহিম মণ্ডল, নুৰাল মণ্ডলৰ বাসগৃহকেইটা সম্পূৰ্ণৰূপে জাহ যায় । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ পৰাই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ।

লগতে পঢ়কঃ পানীৰ যুঁৱলিত ওপঙি থকা অৱস্থাত উদ্ধাৰ এটি নৱজাতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.