ETV Bharat / entertainment

Big Boss OTT 2 Winner : ১ কোটি টকাৰ ধন দাবী এলভিছক, গুজৰাটৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 2:23 PM IST

Threat to kill Bigg Boss OTT 2 Winner Elvish Yadav. miscreant called and demanded extortion of Rs 1 crore. Gurugram Police arrested accused.
হত্যাৰ ভাবুকি বিগ বছ অ’টিটি ২ বিজয়ী এলভিছ যাদৱক

Bigg Boss OTT 2 ৰ বিজয়ী এলভিছ যাদৱক দুৰ্বৃত্তৰ ভাবুকি ৷ আৰক্ষী থানাত গোচৰ ৰুজু এলভিছ যাদৱৰ ৷ গ্ৰেপ্তাৰ হ’ল অভিযুক্ত ।

চিটাৰা ডেস্ক, 26 অক্টোবৰ: বিগ বছ অ’টিটি ২ ৰ বিজয়ী এলভিছ যাদৱৰ সন্দৰ্ভত পোহৰলৈ আহিছে এটা চাঞ্চল্যকৰ খবৰ ৷ দৰাচলতে কোনো অচিনাকি দুৰ্বৃত্তই এলভিছ যাদৱক ভাবুকি দিয়াৰ লগতে এক কোটি টকা ধন দাবী কৰিছে বুলি জানিব পৰা গৈছে । এই ভাবুকি লাভ কৰাৰ লগে লগে এলভিছ যাদৱে গুৰুগ্ৰাম আৰক্ষী থানাত অভিযোগ দাখিল কৰে, তাৰ পিচত গুৰুগ্ৰাম আৰক্ষীয়ে লগে লগে ব্যৱস্থা গ্ৰহণ কৰি অচিনাকি দুষ্কৃতিকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।

এলভিছ যাদৱক মৃত্যুৰ ভাবুকি

তথ্য অনুসৰি চাইবাৰ চিটি গুৰুগ্ৰামৰ ৱাজিৰাবাদত বাস কৰা বিগ বছ অ’টিটি ২ বিজয়ী তথা ছ’চিয়েল মিডিয়াৰ ইনফ্লুঞ্চাৰ এলভিছ যাদৱে ২৫ অক্টোবৰ বুধবাৰে ভাবুকিমূলক ফোন লাভ কৰিছিল । ফোনযোগে এলভিছক দুৰ্বৃত্তই কয় যে অতি সোনকালে ১ কোটি টকাৰ ধন আদায় দিব লাগে । অন্যথা টকা নিদিলে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে ।

এলভিছ যাদৱ কোন ?

গুৰুগ্ৰামৰ ৱাজিৰাবাদ গাঁৱৰ বাসিন্দা সিদ্ধাৰ্থ ওৰফে এলভিছ যাদৱ লাইমলাইটত আহিছিল যেতিয়া এলভিছ যাদৱে বিগ বছ অ’টিটি ২ত ৱাইল্ড কাৰ্ড হিচাপে এণ্ট্ৰি কৰিছিল । ছ’চিয়েল মিডিয়াত এলভিছৰ জনপ্ৰিয়তা ইমানেই বেছি আছিল যে শ্ব’টোৰ মাজভাগত প্ৰৱেশ কৰাৰ পিচতো শ্ব’টোৰ বিজয়ী হ’বলৈ সক্ষম হয় ৷

ছ’চিয়েল মিডিয়া ইনফ্লুঞ্চাৰ এলভিছ যাদৱ

এলভিছ যাদৱ সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মতে অতি সক্ৰিয় । এলভিছৰ বিশাল ফেন ফ’ল’ৱাৰ আছে । ইউটিউবত এলভিছ যাদৱৰ ১ কোটি ৪৫ লাখতকৈও অধিক চাবস্ক্ৰাইবাৰ আছে । ইনষ্টাগ্ৰামত ১৫.৭ মিলিয়ন ফ’ল’ৱাৰ আছে । ফেচবুকত এলভিছ যাদৱৰ ৪৫ লাখ ফ’ল’ৱাৰ আছে ।

বিগ বছ অ’টিটি বিজয়ী হোৱাৰ পিচত এলভিছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীক লগ কৰে

বিগ বছ অ’টিটি ২ৰ খিতাপ লাভ কৰাৰ পিচত গুৰুগ্ৰামৰ টাউ দেৱী লাল ষ্টেডিয়ামত এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হয় । এই কাৰ্যসূচীলৈ বৃহৎ সংখ্যক যুৱক-যুৱতী আহিছিল । একে সময়তে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লালেও একেটা কার্যসূচীত অংশগ্ৰহণ কৰি এলভিছ যাদৱক শুভেচ্ছা জনায় ৷ ইয়াৰ পিচত এলভিছ যাদৱৰ জনপ্ৰিয়তা আৰু বাঢ়ি যায় ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক

আৰক্ষীৰ সূত্ৰ অনুসৰি জানিব পৰা মতে, হাই প্ৰফাইল গোচৰ হোৱাৰ বাবেই গুৰুগ্ৰাম আৰক্ষীয়ে এলভিছ যাদৱক ভাবুকি দিয়া অপৰাধীজনক গ্ৰেপ্তাৰ কৰিছে । কিন্তু আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তথ্য দিয়াৰ পৰা বিৰত থাকে । আৰক্ষীয়ে জনোৱা মতে, এই বিষয়টো অতি শীঘ্ৰে পোহৰলৈ আহিব ।

লগতে পঢ়ক: Elvish Manisha Bolero Song: মনীষা ৰাণী-এলভিছ যাদৱৰ গীত 'বলেৰো' মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.