ETV Bharat / entertainment

Elvish Manisha Bolero Song: মনীষা ৰাণী-এলভিছ যাদৱৰ গীত 'বলেৰো' মুকলি

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 6:39 PM IST

বিগ বছ অ'টিটি ছিজন ২ৰ জনপ্ৰিয় প্ৰতিযোগী মনীষা ৰাণী আৰু এলভিছ যাদৱৰ আটাইতকৈ প্ৰত্যাশিত গীত বলেৰো মুক্তি পালে । প্ৰথমবাৰৰ বাবে মনীষা আৰু এলভিছে একেলগে মিউজিক ভিডিঅ’ত দেখা গৈছে ।

Elvish Yadav and Manisha Rani new song bolero out now
এলভিছ যাদৱ আৰু মনীষা ৰাণী মিউজিক ভিডিঅ’

চিটাৰা ডেস্ক, 20 অক্টোবৰ: মুক্তি পালে ৰিয়েলিটি শ্ব’ ‘বিগ বছ অ’টিটি ছিজন ২’ৰ আটাইতকৈ প্ৰিয় প্ৰতিযোগী মনীষা ৰাণী আৰু এলভিছ যাদৱৰ প্ৰথমটো মিউজিক ভিডিঅ’ । ‘এলভিছা’( মনীষা আৰু এলভিছৰ হেচটেগ) অনুৰাগীয়ে মনীষা ৰাণী আৰু এলভিছ যাদৱক একেলগে দেখিবলৈ অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল । অৱশেষত মুক্তি পালে তেওঁলোকৰ গীত ‘বলেৰো’ । দীৰ্ঘদিন ধৰি অনুৰাগীসকলে দুয়োৰে মিউজিক ভিডিঅ’ চাবলৈ আগ্ৰহী হৈ আছিল । অৱশেষত আজি গীতটি মুক্তি পালে ।

মনীষা আৰু এলভিছৰ গীত 'বলেৰো' মুক্তি

মনীষা ৰাণী আৰু এলভিছ যাদৱৰ কেমেষ্ট্ৰী ‘বলেৰো’ গীতটোত দেখা গৈছে । দুয়োকে দেখাত টম আৰু জেৰীৰ দৰে দেখা গৈছে । অনুৰাগীয়ে তেওঁলোকৰ টেঙা-মিঠা কেমেষ্ট্ৰী ভাল পাইছে । বিগ বছৰ ঘৰত মনীষাই এলভিছক চুপতি মাৰিছিল আৰু দুয়োৰে এনে বণ্ডিং অনুৰাগীয়ে ভাল পাইছিল । এতিয়া ‘এলভিছা’ৰ অনুৰাগীসকলে গীতটোত তেওঁলোকৰ মাজৰ প্ৰেম দেখি আনন্দিত হৈ পৰিছে । মুক্তিৰ পিচতে লাখ লাখ লোকে চাইছে এই গীতটি ।

অনুৰাগীসকলে মনীষা আৰু এলভিছৰ যুটি ভাল পাইছে

সকলোৱে মনীষা আৰু এলভিছৰ প্ৰশংসা কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "এলভিছ আৰু মনীষাৰ প্ৰতি সন্মান আৰু প্ৰেম বহুত । কোনো অশ্লীল দৃশ্য, কোনো ৰিমেক, কোনো চুমা, কোনো অভাৰ এক্টিং নাই । বিশুদ্ধ সুৰ ।" আন এজনে ক’লে,"বিউটিফুল ভাইবছ ।"

  • " class="align-text-top noRightClick twitterSection" data="">

মনীষা ৰাণী আৰু এলভিচ যাদৱৰ ৱৰ্ক ফ্ৰণ্ট

বৰ্তমান মনীষা ৰাণীয়ে ইটোৰ পিচত সিটোকৈ মিউজিক ভিডিঅ’ত কাম কৰিছে । প্ৰথমে টনি কক্কৰ, তাৰ পিচত এলভিছ যাদৱ আৰু এতিয়া অতি সোনকালে তেওঁক পাৰ্থ সমথানৰ সৈতে দেখা যাব । এই ৰোমান্টিক ট্ৰেকত মনীষা আৰু পাৰ্থক প্ৰেমত পৰা দেখা যাব । একে সময়তে YOUTUBE ত vlog ৰ জৰিয়তে অনুৰাগীৰ সৈতে সংযোগ স্থাপন কৰা হৈছে এলভিছে । তেওঁৰ আগন্তুক প্ৰজেক্টৰ সন্দৰ্ভত তেওঁ এতিয়াও কোনো তথ্য দিয়া নাই ।

লগতে পঢ়ক : Tiger 3 First Song Teaser: টাইগাৰ ৩ ৰ প্ৰথমটি গীতৰ টিজাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.