ETV Bharat / entertainment

Nia Sharma watches WC Semi Final: প্ৰথমবাৰৰ বাবে ষ্টেডিয়ামত বহি খেল চালে নিয়া শৰ্মাই

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 11:55 AM IST

ষ্টেডিয়ামত বহি প্ৰথমবাৰৰ বাবে ভাৰত বনাম নিউজিলেণ্ডৰ খেল উপভোগ কৰিলে টিভি অভিনেত্ৰী নিয়া শৰ্মাই ৷ শ্বেয়াৰ কৰিলে খেলখন উপভোগ কৰাৰ কিছু মুহূৰ্ত ৷

IND vs NZ: Nia Sharma enjoys match at wankhede stadium, Watch video
ভাৰত বনাম নিউজিলেণ্ডৰ খেল উপভোগ কৰিলে টিভি অভিনেত্ৰী নিয়া শৰ্মাই

চিটাৰা ডেস্ক, 16 নৱেম্বৰ: ভাৰত বনাম নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত বিশ্বকাপৰ ছেমি ফাইনেল খেলখন চাবলৈ বুধবাৰে মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত উপস্থিত হয় টিভি অভিনেত্ৰী নিয়া শৰ্মা । এই সময়চোৱাত ভাতৃ বিনয় আৰু বন্ধু অমৰিনৰ সৈতে ষ্টেডিয়ামত খেল উপভোগ কৰা দেখা গ’ল নিয়াক । খেলখন চাই থকাৰ সময়ত নিয়া শৰ্মাই ষ্টেডিয়ামত নৃত্য কৰিবলৈ ধৰে, যাৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

মেচখনৰ বাবে নিয়া শৰ্মাই ডেনিম ক্ৰপ টপ, জিন্স আৰু ক’লা ছানগ্লাছ পৰিধান কৰিছিল । অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত এটা মিশ্ৰিত ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত ষ্টেডিয়ামৰ কিছু দৃশ্য দেখুওৱা হৈছে । এই ভিডিঅ’টোত নিয়াক কেতিয়াবা ভাৰতীয় পতাকা লৈ উচাহ কৰা দেখা গৈছে আন কেতিয়া আকৌ কেমেৰাৰ সন্মুখত নাচি থকা দেখা গৈছে । ভিডিঅ’টো পোষ্ট কৰি নিয়াই কৈছে যে প্ৰথমবাৰৰ বাবে তেওঁ খেল চাবলৈ ষ্টেডিয়ামলৈ গৈছে ।

প্ৰথমবাৰৰ বাবে ষ্টেডিয়ামলৈ নিয়া শৰ্মা

ইনষ্টাগ্ৰামত ভিডিঅ’টো শ্বেয়াৰ কৰি নিয়াই কেপচনত লিখিছে - ‘‘আৰু ভাৰতৰ বাবে ই আছিল এক ৰোমাঞ্চকৰ জয় । ষ্টেডিয়ামত মোৰ প্ৰথম অভিজ্ঞতা, নৃত্য মাৰাথনতকৈ কম নাছিল । টিম ইণ্ডিয়াৰ পৰা অভিলেখ ভংগকাৰী মুহূৰ্তৰ সৈতে ইমান উজ্জ্বল খেল দেখিলোঁ । প্ৰশংসা গ্ৰহণ কৰিব ।’’

নিউজিলেণ্ডক ৭০ ৰানত পৰাস্ত কৰে ভাৰতে

উল্লেখ্য যে, ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপৰ ছেমি ফাইনেল খেলখন দেশৰ বাবে অতি সুন্দৰ আছিল । নিউজিলেণ্ডক ৭০ ৰানত পৰাস্ত কৰি ১২ বছৰৰ অন্তত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে । এইদৰে ভাৰতৰ এয়া একেৰাহে দশম জয় । ইয়াৰ পূৰ্বে বিশ্বকাপত একেৰাহে ইমান মেচত জয়ী হোৱা নাছিল ভাৰত । এতিয়া ভাৰতে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে আৰু ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব ফাইনেল মেচ । এতিয়া সকলোৰে দৃষ্টি কেৱল ফাইনেল মেচখনত ৷

লগতে পঢ়ক: Anushka On Virat Kohli: বিৰাট কোহলীৰ শতকক লৈ আবেগিক পোষ্ট অনুষ্কা শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.