ETV Bharat / entertainment

Yashoda teaser: এগৰাকী গৰ্ভৱতী নাৰীৰ কষ্টকৰ জীৱনগাঁথা দেখুৱাইছে সমান্থাই

author img

By

Published : Sep 9, 2022, 6:57 PM IST

Yashoda teaser
গৰ্ভৱতী নাৰী এগৰাকী কষ্টকৰ জীৱনগাঁথা দেখুৱাইছে সমান্থাই

শুকুৰবাৰে নতুন ছবি যশোদাৰ এটা আকৰ্ষণীয় টিজাৰ মুকলি কৰে নিৰ্মাতাসকলে । পৰিচালক যুটি হৰি-হৰিশৰ পৰিচালনাত নিৰ্মিত যশোদা এখন কল্পবিজ্ঞান থ্ৰিলাৰ ছবি ৷ উন্নী মুকুন্দন আৰু ভাৰলাক্ষ্মী সাৰথকুমাৰৰ সৈতে সামন্থাক মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা যাব । প্ৰতিকূল পৰিস্থিতিৰে সৈতে মোকাবিলা কৰি গৰ্ভৱতী নাৰী এগৰাকীয়ে কিদৰে জীৱন জীয়াই থকাৰ বাট প্ৰসস্ত কৰে তাকেই দেখুওৱা হৈছে ছবিখনত ৷

চিটাৰা ডেস্ক, 9 ছেপ্টেম্বৰ : পৰিচালকদ্বয় হৰিশ নাৰায়ণ আৰু হৰিশংকৰৰ বহু প্ৰত্যাশিত সামান্থা ৰুথ প্ৰভূ অভিনীত পান-ইণ্ডিয়া ছবি যশোদাৰ শুকুৰবাৰে মুকলি হয় এটা আকৰ্ষণীয় টিজাৰ ৷ সকলো ভাষাতে মুক্তি দিয়া হৈছে ছবিখনৰ টিজাৰটো ।

টিজাৰটোৰ আৰম্ভণিতে দেখা গৈছে যে যশোদাৰ চৰিত্ৰত অভিনয় কৰা সামান্থাই গম পায় যে তেওঁ গৰ্ভৱতী । ডাক্তৰে তেওঁক স্বাস্থ্যৰ যতন ল’বলৈ নিৰ্দেশনা দিয়ে । ডাক্তৰে তেওঁক কয়, "প্ৰথম তিনিমাহত অতি সাৱধান হ'ব লাগিব । সময় মতে খাব লাগিব আৰু শান্তিৰে শুব লাগিব । সাৱধানে খোজ কাঢ়িব লাগিব আৰু প্ৰতিটো খোজতে মন কৰিব লাগিব । ওজন বঢ়াব নোৱাৰিব । যিয়েই কাম নকৰক কিয়, নিশ্চিত হ’ব লাগিব যাতে আঘাত প্ৰাপ্ত নহয় । আপুনি হঠাতে থতমত বা ভয় খাব নালাগিব । সুখী থাকক আৰু সদায় হাঁহি থাকিব" ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ডাক্তৰৰ প্ৰতিটো নিৰ্দেশনাৰ পিছত এটা এক্সনৰ দৃশ্য দেখিবলৈ পোৱা যায় য’ত দেখা যায় যে যশোদাই ডাক্তৰে দিয়া পৰামৰ্শৰ সম্পূৰ্ণ বিপৰীতকৈহে কাম কৰি আছে । ৰোমাঞ্চকৰ টিজাৰটোৱে এনে ধাৰণা দিছে যেন যশোদা কোনো ধৰণৰ ভয়ানক বিপদত পৰিছে আৰু তেওঁ জীয়াই থকাৰ বাবে যুঁজ দিব লগা হৈছে ।

ছ’চিয়েল মিডিয়াত টিজাৰটো অনুৰাগীসকললৈ আগবঢ়াই সামান্থাই লিখিছে, "শক্তি, ইচ্ছাশক্তি আৰু এড্ৰিনেলিন"! আনহাতে আন এজনে লিখিছে, "থালাইভি ❤️❤️🔥🔥 ব্লকবাষ্টাৰ লোডিং🔥🔥" ৷

Pan-Indian ছবিখনত সামান্থাৰ উপৰিও উন্নী মুকুন্দন আৰু ভাৰলাক্ষ্মী সাৰথকুমাৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে (Yashoda cast) । শ্ৰীদেৱী মুভিজ বেনাৰত শিৱলেংকা কৃষ্ণ প্ৰসাদৰ দ্বাৰা নিৰ্মিত এই ছবিখনত মণি শৰ্মাৰ সংগীত আৰু সুকুমাৰৰ চিনেমাট’গ্ৰাফী আছে ৷

লগতে পঢ়ক : ৰূপালী ৰঙৰ গাউনত জলপৰীৰ দেখা গৈছে নাৰ্গিছ ফাখৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.