ETV Bharat / entertainment

অনুষ্কা-বিৰাটে লাভ কৰিলে ৰাম মন্দিৰ প্ৰাণ-প্ৰতিষ্ঠাৰ নিমন্ত্ৰণ

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 6:44 PM IST

Virat Kohli and Anushka Sharma invited for Pran Pratishtha at Ram Mandir
ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ লাভ অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰ

Anushka-Virat Got Ram Mandir Inauguration Invitation: ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে ।

চিটাৰা ডেস্ক, ১৬ জানুৱাৰী: অহা ২২ জানুৱাৰীত অযোধ্যাত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠান ৷ এই ঐতিহাসিক ক্ষণত উপস্থিত থাকিবলৈ বহু ৰাজনৈতিক নেতা আৰু বলীউডৰ বহু তাৰকাক আমন্ত্ৰণ জনোৱা হৈছে ৷ এতিয়া অভিনেত্ৰী অনুষ্কা শৰ্মাৰ নামো এই তালিকাত সংযোগ হৈছে । অনুষ্কা শৰ্মা আৰু স্বামী বিৰাট কোহলীয়ে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে । দুয়োৰে এখন ফটো প্ৰকাশ পাইছে য’ত এই দম্পতীক নিমন্ত্ৰণ কাৰ্ড লৈ পোজ দিয়া দেখা গৈছে ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিখনত অনুষ্কা শৰ্মাই বগা ৰঙৰ অনাৰকলি চুট পৰিধান কৰা দেখা গৈছে । কপালত বিন্দি, নূন্যতম মেকআপৰে অতি ধুনীয়া দেখা গৈছে । আনহাতে বিৰাট কোহলীক ডেনিম চাৰ্টৰ সৈতে বগা পেণ্ট পৰিধান কৰা দেখা গৈছে । হাতত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্ড লৈ কেমেৰাৰ সন্মুখত পোজ দিয়া দেখা গৈছে অনুষ্কা-বিৰাটক ।

এইসকল তাৰকাই লাভ কৰিছে নিমন্ত্ৰণ

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আন বহুতো তাৰকাই ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে । শেহতীয়াকৈ কণ্ঠশিল্পী আশা ভোছলেও লাভ কৰিছে নিমন্ত্ৰণ । ইয়াৰ উপৰিও অমিতাভ বচ্চন, ৰণবীৰ কাপুৰ, আলিয়া ভাট, অক্ষয় কুমাৰ, অনুপম খেৰ, মাধুৰী দীক্ষিত, জেকী শ্ৰফ, অৰুণ গোভিল আৰু অজয় ​​দেৱগনেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ পত্ৰ লাভ কৰিছে । প্ৰাণ প্ৰতিষ্ঠাৰ বাবে দক্ষিণৰ বহু ছুপাৰষ্টাৰকো আমন্ত্ৰণ জনোৱা হৈছে। তাৰ ভিতৰত ৰজনীকান্ত, চিৰঞ্জীৱী, যশ, মোহনলাল আৰু ঋষভ শেট্টীৰ নামো সন্নিৱিষ্ট হৈছে ।

২৩ জানুৱাৰীৰ পৰা সাধাৰণ ৰাইজে দৰ্শন কৰিব পাৰিব

উল্লেখ্য যে, ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মূল অনুষ্ঠান অনুষ্ঠিত হ’ব । ইয়াৰ আগৰ ৰীতি-নীতি ১৬ জানুৱাৰীৰ পৰা অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে । শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদকৰ মতে অহা ২৩ জানুৱাৰীৰ পৰা সাধাৰণ ৰাইজৰ বাবে ৰাম মন্দিৰৰ দুৱাৰ মুকলি হ’ব ।

লগতে পঢ়ক: ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ লাভ আয়ুষ্মান খুৰানাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.