ETV Bharat / entertainment

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ লাভ আয়ুষ্মান খুৰানাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 11:22 AM IST

Ayushmann Khurrana: অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানত অংশগ্ৰহণ কৰিব অভিনেতা আয়ুষ্মান খুৰানাই । আয়ুষ্মান খুৰানাৰ উপৰিও ৰজনীকান্ত, অক্ষয় কুমাৰ, কংগনা ৰনৌতৰ লগতে আন বহু অভিনেতাও উপস্থিত থাকিব ৷

Ayushmann Khurrana gets invitation for Ayodhya's Ram Mandir 'Pran Pratishtha' ceremony
ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানৰ নিমন্ত্ৰণ লাভ আয়ুষ্মান খুৰানাৰ

চিটাৰা ডেস্ক, ১৬ জানুৱাৰী: অহা ২২ জানুৱাৰীত অযোধ্যাত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠান ৷ এই ঐতিহাসিক ক্ষণত উপস্থিত থাকিব বহু ৰাজনৈতিক নেতাৰ লগতে বলীউডৰ বহু তাৰকা ৷ শেহতীয়াকৈ ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে অভিনেতা আয়ুষ্মান খুৰানাই ৷ অভিনেতাগৰাকীক ব্যক্তিগতভাৱে এই অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ পত্ৰ প্ৰদান কৰে মুম্বাই মহানগৰৰ সম্পাৰ্ক প্ৰমুখৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ চি এ অজিত পেণ্ডছেই ।

অযোধ্যাত অনুষ্ঠিত হ’ব লগা ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানৰ বাবে ইতিমধ্যেই অক্ষয় কুমাৰ, কংগনা ৰনৌত, টাইগাৰ শ্ৰফ, জেকী শ্ৰফ, হৰিহৰণ, ৰজনীকান্ত, অমিতাভ বচ্চন, ৰণবীৰ কাপুৰ, আলিয়া ভাট আৰু ৰণদ্বীপ হুড্ডাকে ধৰি আন কেইবাগৰাকীও চেলিব্ৰিটিয়ে আমন্ত্ৰণ লাভ কৰিছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে অযোধ্যাত শ্ৰীৰামৰ প্ৰাণ-প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে বৈদিক ৰীতি-নীতি আৰম্ভ হ’ব মূল অনুষ্ঠানৰ এসপ্তাহ পূৰ্বে অৰ্থাৎ ১৬ জানুৱাৰীৰ পৰা । হয়, আজিৰে পৰা আৰম্ভ হ’ব প্ৰাণ-প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে বৈদিক ৰীতি-নীতি ৷

শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে কয় যে অহা ২৩ জানুৱাৰীৰ পৰা ৰাম মন্দিৰ সাধাৰণ জনতাৰ বাবে দৰ্শনৰ বাবে মুকলি কৰা হ’ব । প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান ২২ জানুৱাৰীৰ দুপৰীয়া ১ বজাৰ ভিতৰত সামৰণি পৰাৰ সম্ভাৱনা আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি অনুষ্ঠানৰ পিচত ভক্তগণৰ উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ।

তেওঁ লগতে কয়, "পৰম্পৰা অনুসৰি নেপালৰ জনকপুৰ আৰু মিথিলাৰ অঞ্চলৰ পৰা ১০০০ টোপোলাত উপহাৰ আহিছে । ২০ আৰু ২১ জানুৱাৰীত জনসাধাৰণৰ বাবে দৰ্শন বন্ধ থাকিব ।"

লগতে পঢ়ক: ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ মংগেশকাৰ পৰিয়ালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.