Arijit Singh: শিলিগুড়িত বৰষুণত তিতি সংগীত পৰিৱেশন অৰিজিৎ সিঙৰ

author img

By

Published : Apr 5, 2023, 8:44 PM IST

Viral video! Arijit Singh wows fans as he continues singing even in rain during Siliguri concert

অৰিজিৎ সিঙৰ এটা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতে নেটিজেনে অৰজিতৰ প্ৰসংশাত পঞ্চমুখৰ হোৱা দেখা যায় ৷ কি আছে ভিডিঅ’টোত চাবলৈ স্ক্ৰ’ল কৰক ৷

চিটাৰা ডেস্ক, 5 এপ্ৰিল: বৰষুণৰ বতৰৰ মাজতো শিলিগুৰিৰ কাঞ্চনজংঘা ষ্টেডিয়ামত অৰিজিৎ সিঙৰ লাইভ অনুষ্ঠান চাবলৈ হাজাৰ হাজাৰ সংগীতপ্ৰেমী আৰু অনুৰাগী উপস্থিত হয় । ইফালে কিংবদন্তি কণ্ঠশিল্পীগৰাকীয়ে বৰষুণৰ বতৰকো নেওচি মঞ্চত পৰিৱেশন কৰে সংগীত ৷ অনুৰাগীসকলে প্ৰায়ে অৰিজিৎ সিঙৰ লাইভ সংগীত অনুষ্ঠান উপভোগ কৰিবলৈ ভিৰ কৰা দেখা যায় সংগীতানুষ্ঠানত আৰু কাঞ্চনজংঘা ষ্টেডিয়ামত অনুষ্ঠিত সংগীতানুষ্ঠানটো ইয়াৰ ব্যতিক্ৰম নহয় ৷ অন্যন্যা সংগীতানুষ্ঠানৰ দৰে কাঞ্চনজংঘা ষ্টেডিয়ামত অৰিজিৎ সিঙৰ লাইভ অনুষ্ঠান চাবলৈ ভিৰ কৰে হাজাৰ হাজৰ অনুৰাগীয়ে (Arijit singh continues singing in rain) ৷

সুপৰিচিত প্লে’ বেক কণ্ঠশিল্পীগৰাকীয়ে নিজৰ আত্মাস্পৰ্শী গীতেৰে স্মৰণীয় কৰি তোলে এই সংগীতানুষ্ঠানটো ৷ কেৱল ইমানেই নহয়, অনুৰাগীৰ সৈতেও মত বিনিময় কৰে কণ্ঠশিল্পীগৰাকীয়ে । বৰষুণৰ মাজতো মঞ্চত অৰিজিতে ইটোৰ পিছত সিটোকৈ হিট গীত পৰিবেশন কৰে (Singer arijit singh) ৷ বৰষুণৰ মাজত কণ্ঠশিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰি দৰ্শকক মোহিত কৰা এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰে ৷ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিচতে কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ গীত গোৱাৰ প্ৰতি থকা প্ৰেম আৰু অনুৰাগীৰ প্ৰতি থকা মৰমক শলাগ লয় নেটিজেনে (Arijit singh in siliguri for concert)।

টুম হি হো, চান্না মেৰেয়া আৰু এ দিল হে মুছকিলৰ দৰে হিট গীত পৰিবেশন কৰে অৰজিত (arijit continues singing despite rain) ৷ দৰ্শকেও অৰজিতৰ লগতে গীত গোৱা পৰিলক্ষিত হয়, যাৰ ফলত এই নিশাটো আৰু অধিক স্মৰণীয় নিশা হৈ পৰিছিল । সকলোৱে কণ্ঠশিল্পীগৰাকীক লাইভ পৰিবেশন কৰা দেখিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৷ বিগত কেইসপ্তাহমানৰ পৰা দ্ৰুতগতিত বিক্ৰী হৈছিল সংগীতানুষ্ঠানটোৰ টিকট ৷ বিগত ডেৰ মাহত দুবাৰকৈ লাইভত কণ্ঠদান কৰিছিল কণ্ঠশিল্পীগৰাকীয়ে । ইয়াৰ পূর্বে ১৮ ফেব্ৰুৱাৰীত কলকাতাৰ একুৱাটিকাত অৰিজিতে অনুষ্ঠান পৰিৱেশন কৰিছিল (arijit singh interacts with fans) ৷

শিলিগুৰিৰ উপৰিও দাৰ্জিলিং আৰু নিকটৱৰ্তী জিলাৰ পৰা শতাধিক লোকে কণ্ঠশিল্পীগৰাকীৰ লাইভ কণ্ঠদানৰ সাক্ষী হৈছিল । 20 হাজাৰৰো অধিক লোকে এই সংগীতানুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল । 1999 টকাৰ পৰা 60,000 টকা মূল্যৰ সকলোবোৰ টিকট বিক্ৰী হৈছিল । 300 জন বাউন্সাৰ, 100 গৰাকী নিৰাপত্তাৰক্ষী আৰু 300 স্বেচ্ছাসেৱকো সভাস্থলীত উপস্থিত থাকে ।

লগতে পঢ়ক: Pushpa The Rule TEASER: ৰশ্মিকা মান্দানাৰ জন্মদিনত অনুৰাগীলৈ পুষ্পা 2 ৰ ডাঙৰ উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.