Deepika Padukone : অস্কাৰত চকুলো টুকিলে দীপিকা পাডুকনে

author img

By

Published : Mar 13, 2023, 12:40 PM IST

Viral alert! Deepika Padukone gets teary-eyed as Naatu Naatu wins Oscar for Best Original Song

শেহতীয়াকৈ অস্কাৰ ২০২৩ৰ দীপিকা পাডুকনৰ এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াক । ভিডিঅ’টোত বঁটা প্ৰদান অনুষ্ঠানটোত চকুলো টুকি থকা পৰিলক্ষিত হৈছে (Deepika Padukone gets teary) । কিন্তু কিয় ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 13 মাৰ্চ: ৯৫ সংখ্যক একাডেমী বঁটাৰ অন্যতম উপস্থাপক আছিল বলীউডৰ ডিভা দীপিকা পাডুকন । 2023 বৰ্ষৰ অস্কাৰত ব্লকবাষ্টাৰ ছবি আৰ আৰ আৰৰ গীত নাটু নাটুৰ পৰিচয় দিওঁতে পাডুকনক গৌৰৱান্বিত হোৱা দেখা যায় ৷ এম এম কীৰাৱনীৰ নাটু নাটু সংগীতে শ্ৰেষ্ঠ মৌলিক বঁটা লাভ কৰাৰ সময়ত দীপিকাৰ অনুভৱ আছিল অতুলনীয় (Deepika Padukone at Oscar 2023)।

শেহতীয়াকৈ অস্কাৰ ২০২৩ ৰ এটা ভিডিঅ’ অতি দ্ৰুতগতিত ভাইৰেল হোৱা দেখা যায় ৷ ভাইৰেল ভিডিঅ’টোত দীপিকাই চকুলো টুকা দেখিবলৈ পোৱা গৈছে । ৯৫ সংখ্যক অস্কাৰত এম এম কীৰাৱনীয়ে বঁটা গ্ৰহণৰ সময়ত দিয়া ভাষণ শুনি আৱেগিক হৈ পৰে অভিনেত্ৰীগৰাকী (Naatu Naatu wins Oscar for Best Original Song) ৷ কাৰণ এম এম কীৰাৱনী গীতিকাৰ চন্দ্ৰবোছেৰ সৈতে নাটু নাটুৰ গীতটিৰ বাবে অস্কাৰ লাভ কৰে (Deepika Padukone gets teary) ।

কীৰাৱনীয়ে কাৰ্পেণ্টাৰছৰ টপ অৱ দ্য ৱৰ্ল্ডৰ নিজৰ সংস্কৰণটো গাবলৈ আৰম্ভ কৰাৰ লগে লগে আৱেগিক হৈ পৰে দীপিকা ৷ চকুলো বৈ আহে দীপিকাৰ ৷ কিন্তু ক’ব লাগিব যে এয়া কোনো দুখৰ চকুলো নহয়, বৰংস্ব এয়া আছিল সুখ, প্ৰাপ্তি আৰু গৌৰৱৰ চকুলো হে ৷ ৯৫ সংখ্যক একাডেমী বঁটাৰ দীপিকাৰ এই ভাইৰেল ভিডিঅ’টো আটাইতকৈ মৰমলগা দৃশ্য।

উল্লেখ্য় যে নাটু নাটু গীতটিয়ে অস্কাৰ লাভ কৰি ভাৰতবাসীক আনন্দ আৰু গৌৰৱৰ ভাব প্ৰদান কৰিছে । দীপিকাৰ ভাইৰেল ভিডিঅ’সমূহত স্পষ্টকৈ বুজিব পাৰি যে আৰ আৰ আৰ দলে লাভ কৰা আকাংক্ষিত অস্কাৰ ট্ৰফী প্ৰত্যেকগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ ক্ষণ ৷ ইফালে অস্কাৰত নিজৰ নিখুঁত অভিনয়ৰ বাবে নিকোলাছ গেস্কুৱেৰে কাষ্টম মেইড কৰা লুই ভিটনৰ পৰা অভিনেত্ৰীগৰাকীয়ে প্ৰশংসা লাভ কৰিছে ।

৯৫ সংখ্যক একাডেমী বঁটাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে কংগনা ৰানাৱট আৰু আলিয়া ভাটৰ পৰাও প্ৰশংসা লাভ কৰিছে দীপিকাই । কংগনাই অস্কাৰত আত্মবিশ্বাসেৰে কথা কোৱাৰ বাবে দীপিকাক প্ৰশংসা কৰাৰ বিপৰীতে আলিয়াই কয়, “এই সৌন্দৰ্য্যই ভাৰতক গৌৰৱান্বিত কৰি তুলিছে আৰু কেনেকৈ”। ৩৭ বছৰীয়া ডিভাগৰাকী অস্কাৰ ২০২৩ ত সৌন্দৰ্য্যৰ প্ৰতিমূৰ্তি পৰিলক্ষিত হৈছিল ।

লগতে পঢ়ক: Oscars Award 2023: এই বৰ্ষত কোনটো চৰিত্ৰ, কোনখন ছবিয়ে লাভ কৰিলে অস্কাৰ বঁটা, চাওক বিজয়ীৰ সম্পূৰ্ণ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.