ETV Bharat / entertainment

Bawaal Teaser Out: বৰুণ ধাৱন আৰু জাহ্নৱী কাপুৰৰ ছবিৰ টিজাৰে কৰিলে বাৱাল, গাঁৰ নোম শিয়ৰি উঠিব আপোনাৰ

author img

By

Published : Jul 5, 2023, 4:02 PM IST

বৰুণ ধাৱন আৰু জাহ্নৱী কাপুৰ অভিনীত ছবি ‘বাৱাল’ৰ টিজাৰে আজি মুক্তি লাভ কৰিলে । জাহ্নৱী কাপুৰ আৰু বৰুণ ধাৱনৰ ৰোমান্টিক কেমিষ্ট্ৰী টিজাৰৰ আৰম্ভণিতে দেখা গৈছে । কিন্তু, প্ৰতিটো প্ৰেম কাহিনীৰ দৰেই ইয়াতো আৱেগৰ জোৰদাৰ এক অনুভৱ দিয়া হৈছে । দুয়োগৰাকী তাৰকাৰ আধৰুৱা প্ৰেম কাহিনী, প্ৰেম, ৰোমাঞ্চ আৰু আৱেগ ভালকৈ দেখুওৱা হৈছে । সবিশেষ পঢ়ক..

Varun Dhawan Janhvi Kapoors Bawaal teaser ends on spine chilling twist
বৰুণ ধাৱন আৰু জাহ্নৱী কাপুৰৰ ছবিৰ টিজাৰে কৰিলে বাৱাল, গাঁৰ নোম শিয়ৰি উঠা দৃশ্যই মন মোহিব আপোনাৰ

চিটাৰা ডেস্ক, 5 জুলাই: বৰুণ ধাৱন আৰু জাহ্নৱী কাপুৰ অভিনীত ছবি ‘বাৱাল’ৰ টিজাৰ আজি ৫ জুলাইত মুক্তি লাভ কৰিছে । ইয়াৰ পূৰ্বে বৰুণ ধাৱনে জনাইছিল যে ছবিখনৰ প্ৰথম টিজাৰ ৫ জুলাইত দুপৰীয়া ১২ বজাত মুক্তি পাব । বৰুণ আৰু ছবি নিৰ্মাতাসকলে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৫ জুলাইত দুপৰীয়া ১২ বজাত মুক্তি লাভ কৰিছে ছবিখনৰ প্ৰথম টিজাৰ । এই ছবিখন পৰিচালনা কৰিছে নিতেশ তিৱাৰীয়ে । এই ছবিখনৰ শ্বুটিং বিশ্বৰ বিভিন্ন দেশত কৰা হৈছে ।

Varun Dhawan Janhvi Kapoors Bawaal teaser ends on spine chilling twist
বাৱালৰ টিজাৰ মুকলি

বাৱাল ভাৰতীয় চিনেমাৰ প্ৰথমখন ছবি যিয়ে পেৰিছৰ আইফেল টাৱাৰত প্ৰিমিয়াৰ হ’বলৈ গৈ আছে । একে সময়তে এই ছবিখন ছবিগৃহত মুক্তি লাভ নকৰে ৷ বৰঞ্চ ২০০ৰো অধিক দেশৰ অ’টিটি প্লেটফৰ্মত মুক্তি লাভ কৰিব । একে সময়তে ছবিখনৰ টিজাৰৰ শেষত মুক্তিৰ দিন ঘোষণা কৰা হৈছে ।

আপোনালোকক জনাই দিও যে, সাজিদ নাদিয়াদৱালাই প্ৰযোজনা কৰা বাৱালৰ পৰিচালক নিতেশ তিৱাৰীয়ে ইতিমধ্যে দংগল আৰু ছিছোৰেৰ দৰে জনপ্ৰিয় ছবি উপহাৰ দিছে । বাৱালৰ টিজাৰৰ কথা ক’বলৈ গ’লে নিতেশে পুনৰবাৰ নিজৰ পৰিচালনাৰে হৃদয় জয় কৰিছে ।

ইফালে, জাহ্নৱী কাপুৰে বৰুণ ধাৱনক চৰ মাৰি থকা দেখা গৈছে টিজাৰৰ এটা দৃশ্যত । প্ৰথম দৃষ্টিত ছবিখনে প্ৰেম কাহিনীৰ অনুভৱ দিয়ে যদিও টিজাৰৰ এটা দৃশ্যই আপোনাক জোকাৰি যাব । টিজাৰটোত জাহ্নৱী আৰু বৰুণক বহুত অচিনাকি মানুহৰ সৈতে এটা চেম্বাৰত আৱদ্ধ কৰি ৰখা হৈছে, যিটো দেখিবলৈ যথেষ্ট ভয়ংকৰ দৃশ্য ।

টিজাৰৰ পটভূমিত স্লো মোচনত বাজি থকা গানটোও খুবেই সুন্দৰ । টিজাৰটোত ইউজাৰৰ মিশ্ৰিত প্ৰতিক্ৰিয়া আহি আছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘এই ছবিখন ছবিগৃহত মুক্তি পাব লাগে । OTTত মুকলি কৰাটো এটা ভুল সিদ্ধান্ত । আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘আব হোগা বাৱাল! কি ধাচু টিজাৰ । কিছুমানে টিজাৰটো ভাল পোৱাৰ বিপৰীতে একাংশইও ইয়াৰ ওপৰত নেতিবাচক প্ৰতিক্ৰিয়াও প্ৰদান কৰিছে ।

লগতে পঢ়ক: Akshay Kumar OMG 2 New Poster: দীঘল চুলি, ভস্ম তথা ৰুদ্ৰাক্ষৰ মালা...এক নতুন ৰূপত আহি আছে অক্ষয় কুমাৰ

লগতে পঢ়ক: Jawan Trailer Update: শ্বাহৰুখ খানৰ জোৱানৰ ট্ৰেইলাৰৰ টম ক্ৰুজৰ মিছন ইম্প’চিবলৰ সৈতে ওলাল এক ডাঙৰ সম্পৰ্ক

লগতে পঢ়ক: Shah Rukh Khan injured: শ্বাহৰুখ খানৰ অনুৰাগীৰ বাবে দুঃখবৰ, আমেৰিকাত আঘাতপ্ৰাপ্ত কিং খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.