ETV Bharat / entertainment

হ্ৰাস পাইছে টাইগাৰ ৩ৰ উপাৰ্জন, এই পৰ্যন্ত মাত্ৰ ইমান হৈছে বক্স অফিচ সংগ্ৰহ

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 2:27 PM IST

Tiger 3 Box Office Collection Day 10: ছলমান খানৰ ছবি টাইগাৰ ৩ৰ উপাৰ্জন ক্ৰমান্বয়ে হ্ৰাস পাইছে । এই পৰ্যন্ত বক্স অফিচত কিমান সংগ্ৰহ কৰিলে ছবিখনে জানি লওক এই প্ৰতিবেদনত ।

Tiger 3 box office collection day 10: Salman Khan starrer sees its lowest earnings as yet in India
ছলমান খানৰ ছবি টাইগাৰ ৩ৰ উপাৰ্জন ক্ৰমান্বয়ে হ্ৰাস পাইছে

চিটাৰা ডেস্ক, 21 নৱেম্বৰ: দীপাৱলী উপলক্ষে ছবিগৃহত মুক্তি লাভ কৰিছিল ছলমান খানৰ ছবি ‘টাইগাৰ ৩’ । এই ছবিখনে প্ৰথম সপ্তাহত বক্স অফিচত ভাল উপাৰ্জন কৰিছে যদিও এতিয়া টাইগাৰ ৩ ৰ সংগ্ৰহ হ্ৰাস পাবলৈ ধৰিছে । ছবিখনে প্ৰথম সপ্তাহৰ পিচৰে পৰা বক্স অফিচত বিশেষ উপাৰ্জন কৰিব পৰা নাই । এতিয়া ছবিখনৰ দশম দিনৰ সংগ্ৰহ প্ৰকাশ পাইছে ৷ দ্বিতীয় মঙলবাৰে ছবিখনে বক্স অফিচত অতি কম উপাৰ্জন কৰিছে ।

উল্লেখ্য যে, টাইগাৰ ৩ ছবিখনত ছলমান খানৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছে কেটৰিণা কাইফ আৰু ইমৰাণ হাছমীক । ছবিখনত ইমৰাণ হাছমীয়ে খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে । যাৰবাবে অভিনেতাগৰাকীক প্ৰশংসা কৰা হৈছে ।

১০ দিনত ছবিখনে বক্স অফিচত সংগ্ৰহ কৰিলে ইমান

Sacknilk ৰ প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি টাইগাৰ ৩ য়ে দশম দিনত ১.৪৩ কোটি টকা সংগ্ৰহ কৰিছে । ইয়াৰ লগে লগে ছবিখনৰ মুঠ সংগ্ৰহ হয়গৈ ২৩৮.৫১ কোটি টকা ।

সপ্তাহটোৰ শেষৰ ফালে হ্ৰাস পাইছে টাইগাৰ ৩ ৰ উপাৰ্জন । এতিয়া ছবিখনৰ সংগ্ৰহ যিদৰে হ্ৰাস পাইছে, এই পৰিপ্ৰেক্ষিতত ক’ব পাৰি যে ২৫০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰাটোও কঠিন হ’ব ছবিখনৰ বাবে ।

প্ৰথম সপ্তাহত টাইগাৰ ৩ য়ে ১৮৭.৬৫ কোটি টকাৰ ব্যৱসায় কৰিছিল । দ্বিতীয় সপ্তাহৰ কথা ক’বলৈ গ’লে শুকুৰবাৰে ১৩.২৫ কোটি, শনিবাৰে ১৮.৫ কোটি, দেওবাৰে ১০.৫ কোটি আৰু সোমবাৰে ৭.১৮ কোটি টকাৰ ব্যৱসায় কৰিছে ।

বিশ্বজুৰি ৫০০ কোটি টকা উপাৰ্জন কৰিব পাৰিব নে ?

চলচ্চিত্ৰ সমালোচক সুমিত কাডেলে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি ছবিখনৰ বিশ্বজুৰি সৰ্বমুঠ ৫০০ কোটি টকা উপাৰ্জন কৰিব নোৱাৰে বুলি দাবী কৰে ৷

টাইগাৰ ৩ৰ কথা ক’বলৈ গ’লে এই ছবিখন পৰিচালনা কৰিছে মনীষ শৰ্মাই । ছবিখনত শ্বাহৰুখ খানৰ কেমিঅ’ দেখিবলৈ পোৱা গৈছে । শ্বাহৰুখৰ উপৰিও হৃতিক ৰোশনৰ কেমিঅ’ আছে ছবিখনত ।

লগতে পঢ়ক: সিংহৰ দৰে গৰ্জন কৰিবলৈ আহি আছে বাজিৰাও সিংঘম, সিংঘম এগেইনৰ পৰা মুকলি অজয় দেৱগনৰ ফাৰ্ষ্ট লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.