ETV Bharat / entertainment

Shonali Bose Tested Covid Positive: ক’ভিডত আক্ৰান্ত পৰিচালক সোণালী বসু

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 5:29 PM IST

The Sky Is Pink Director Shonali Bose Tested Covid Positive
ক’ভিডত আক্ৰান্ত শোণালী বসু,

কৰ’নাত আক্ৰান্ত হৈছে সোণালী বসু । ছ’চিয়েল মিডিয়া একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰি এই তথ্য দিছে পৰিচালকগৰাকীয়ে ।

চিটাৰা ডেস্ক, 5 নৱেম্বৰ: ২০১৯ চনত চীনৰ হুবেই প্ৰদেশৰ য়ুহান চহৰৰ পৰা COVID-19 নামৰ ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল ৷ ইয়াৰ পিচতে 2020 চনত ই মহামাৰীৰ ৰূপ ধাৰণ কৰে আৰু এই ৰোগত গোটেই বিশ্বৰ কোটি কোটি লোক মৃত্যু হয় ৷ ভাৰততো এই ৰোগত আক্ৰান্ত হৈ হাজাৰ হাজাৰ লোকৰ মৃত্যু হয় ৷ এই ৰোগত বহু পৰিয়াল সৰ্বস্বান্ত হ’বলগীয়া হৈছে ৷

2020, 2021 ৰ সেই সময়খিনি মনত পৰিলে আজিও বহুতৰে হৃদয় কঁপি উঠে ৷ মানুহৰ মনৰ পৰা সেই ভয়াৱহ দৃশ্যবোৰ মচি নৌযাওঁতেই এই ৰোগে আকৌ এবাৰ ভুমুকি মাৰিছে ৷ হয়, ক’ভিড আকৌ আহিছে ৷ দৰাচলতে 'The Sky is Pink'ৰ পৰিচালক সোণালীক লৈ এটা ডাঙৰ খবৰ আহিছে । কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে সোণালী।

'দ্য স্কাই ইজ পিংক'ৰ পৰিচালক সোণালী বসু আক্ৰান্ত হৈছে ক’ভিডত

ইনষ্টাগ্ৰাম একাউণ্টত নিজৰ এখন ছবি শ্বেয়াৰ কৰি নিজৰ দুখ প্ৰকাশ কৰিছে পৰিচালকগৰাকী । খোদ সোণালী বসুৱে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰিছে ।

পৰিচালকগৰাকীয়ে লিখিছে- এই সময়ত মই এইখিনিতে আছোঁ । বিগত কিছু বছৰত মই যিমান অনুভৱ কৰিছো, তাতোকৈ বেয়া অনুভৱ কৰিছো এইটো সময়ত । Covid ! বিশ্বাস কৰিবনে যে এতিয়াও আছে ? ১০২-৩ জ্বৰ । একেবাৰে পচি যোৱা অনুভৱ আৰু পুনৰ Covid হোৱাৰ বাবে অতি বিচলিত ! এইটো কেনেকুৱা মানসিক চাপৰ কথা ভগৱানেহে জানে ।

সোণালীৰ আশু আৰোগ্য কামনা কৰিলে অনুৰাগীয়ে

উল্লেখ্য যে, এইবাৰ দ্বিতীয়বাৰৰ বাবে সোণালী বসু Covid ত আক্ৰান্ত হৈছে । এনে পৰিস্থিতিত তেওঁ বিচলিত হৈ পৰিছে । একে সময়তে অনুৰাগী সকলো তেওঁৰ বাবে চিন্তিত হৈ পৰিছে । অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত মন্তব্য কৰি সোণালীৰ আশু আৰোগ্য কামনা কৰিছে । তেওঁৰ শীঘ্ৰে আৰোগ্য লাভৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে ।

লগতে পঢ়ক: New Covid Variant: সাৱধান! পুনৰ আহি আছে ক’ভিডৰ নতুন ভেৰিয়েন্ট COVID HV.1

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.