ETV Bharat / sukhibhava

New Covid Variant: সাৱধান! পুনৰ আহি আছে ক’ভিডৰ নতুন ভেৰিয়েন্ট COVID HV.1

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 4:39 PM IST

বিশ্বৰ পৰা এতিয়াও নাইকিয়া হোৱা নাই ক’ৰনা । Covid-19 ৰ নতুন ভেৰিয়েন্ট HV.1ৰ উন্মেষ ঘটিছে । এই নতুন ভেৰিয়েন্টৰ লক্ষণসমূহ কি কি যাক আপুনি আওকাণ কৰাটো উচিত নহয় ৷

New variant of Corona COVID HV.1 has arrived, pay attention to these symptoms
সাৱধান! পুনৰ আহি আছে ক’ভিডৰ নতুন ভেৰিয়েন্ট COVID HV.1

যেতিয়াই Coronavirusৰ নাম আহে মানুহৰ হৃদস্পন্দন বৃদ্ধি পাবলৈ আৰম্ভ কৰে ৷ কাৰণ ক’ৰনাই কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতে কোটি কোটি লোকৰ জীৱন শেষ কৰি পেলাইছিল ৷ এই বিপজ্জনক ভাইৰাছ এতিয়াও পৃথিৱীৰ পৰা আঁতৰি যোৱা নাই ৷ হয়, শেহতীয়াকৈ পোহৰলৈ আহিছে ইয়াৰ এক নতুন ভেৰিয়েন্ট ৷ আমেৰিকাত Covid-19ৰ নতুন ভেৰিয়েন্ট HV.1ৰ উন্মেষ ঘটিছে ৷ এই ভেৰিয়েন্ট দ্ৰুতগতিত বিয়পি পৰিছে যিয়ে মানুহৰ চিন্তা আৰু অধিক বৃদ্ধি কৰিছে ৷ এনে পৰিস্থিতিত ইয়াত আমি আপোনালোকক ক’বলৈ লৈছো যে এই নতুন ভেৰিয়েন্টৰ লক্ষণসমূহ কি কি যিবোৰক আপুনি আওকাণ কৰাটো উচিত নহয় ৷

ভেৰিয়েন্ট HV.1 কি ?

HV.1 ভেৰিয়েন্ট হৈছে ক’ৰনাৰ দ্ৰুতগতিত বিয়পি পৰা ভাইৰেল ভেৰিয়েন্ট ৷ এই ভেৰিয়েন্টৰ লক্ষণসমূহ আন ভেৰিয়েন্টৰ সৈতে অলপ মিল আছে ৷ চিকিৎসকৰ মতে, এই ভেৰিয়েন্টটোৰ আন ভেৰিয়েন্টৰ সৈতে যথেষ্ট মিল আছে ৷ সেয়েহে ইয়াৰ লক্ষণসমূহ আওকাণ কৰাটো উচিত নহয় ৷

ইয়াৰ লক্ষণসমূহ কি কি ?

নতুন ভেৰিয়েন্টৰ লক্ষণ কৰ’না ভাইৰাছৰ ভেৰিয়েন্টৰ সৈতে যথেষ্ট মিল আছে ৷ সেইবাবেই মানুহে ইয়াক সাধাৰণ ভেৰিয়েন্ট বুলি গণ্য কৰি আওকাণ কৰে ৷ কিন্তু তেনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে ৷ এনে পৰিস্থিতিত Covid-19ৰ নতুন ভেৰিয়েন্ট HV.1 ৰ লক্ষণ কি কি সেয়া জনাটো অতি গুৰুত্বপূৰ্ণ-

  • শৰীৰৰ বিষ
  • মূৰৰ বিষ
  • ডিঙি বিষ
  • নাক বন্ধ হোৱা
  • বমি
  • পেটৰ বিষ
  • ভাগৰ
  • শ্বাস-প্ৰশ্বাসৰ সমস্যা

ভুলতেও আপুনি এই লক্ষণসমূহ আওকাণ কৰাটো উচিত নহয় কাৰণ এইবোৰেই হৈছে Covid-19 ৰ নতুন ভেৰিয়েন্ট HV.1 ৰ লক্ষণ, সেয়েহে এই লক্ষণসমূহ শৰীৰত দেখা দিয়াৰ লগে লগে আপুনি তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰাটো জৰুৰী ৷ উল্লেখ্য যে, ইয়াৰ লক্ষণ সাধাৰণ চৰ্দিৰ লগত বহুত মিল আছে ৷ কিন্তু বিভিন্ন ৰোগীৰ সংক্ৰমণ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে ৷ এনে পৰিস্থিতিত যদি আপুনিও এই লক্ষণসমূহ দেখা পায়, তেন্তে ইয়াক ভাইৰেল বুলি গণ্য কৰাৰ ভুল নকৰিব ততালিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

লগতে পঢ়ক: Memory Loss: এইবিধ ভিটামিনৰ অভাৱত দুৰ্বল হৈ পৰে স্মৃতিশক্তি তথা হাড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.