ETV Bharat / entertainment

বন্ধুৰ সৈতে মিলি আৰম্ভ কৰিছিল সংগীত যাত্ৰা; প্ৰথমখন ছবিৰ গীতেৰেই ৰচিলে ইতিহাস

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 2:07 PM IST

The Sensation of Indian music A R Rahman's Birthday Special; here are some of his famous songs and about his career
বন্ধুৰ সৈতে মিলি আৰম্ভ কৰিছিল সংগীত যাত্ৰা; প্ৰথমখন ছবিৰ গীতেৰেই ৰচিলে ইতিহাস

A R Rahman's Birthday Special: আজি এ আৰ ৰহমানৰ ৫৭ সংখ্যক জন্মদিন । এই বিশেষ দিনটোত আমি আপোনালোকৰ বাবে লৈ আহিছো তেওঁৰ কিছুমান বিশেষ গীতৰ তালিকা, যিসমূহ গীত আজিও অতি জনপ্ৰিয় ৷

নিউজ ডেস্ক, 6 জানুৱাৰী: আজি নিজৰ জীৱনৰ আন এটা বসন্ত পাৰ কৰিলে আল্লাহ ৰাখা ৰহমানে ৷ সংগীতৰ মানচিত্ৰত এ আৰ ৰহমান আজিও এক ধ্ৰুৱতৰাৰ দৰেই জিলিকি আছে ৷ আজিও এ আৰ ৰহমানৰ নাম শুনিলে শ্ৰোতাৰ কাণত ভাঁহি উঠে জয় হো, বন্দে মাতৰম্ গীতৰ ধ্বনি ৷ যি গীত শুনাৰ পিছত আজিও অনুৰাগীৰ চকুলো নিগৰি আহে ৷ ভাৰতীয় সংগীতক বিশ্ব দৰবাৰলৈ নিয়াত এ আৰ ৰহমানে এক বিশেষ ভূমিকা পালন কৰিছে ৷

এ আৰ ৰহমান হৈছে ভাৰতীয় সংগীত জগতৰ অন্যতম এটি চিনাকী নাম ৷ ৰহমানৰ গীত সমগ্ৰ বিশ্বতে আজিও জনপ্ৰিয় ৷ ১৯৬৭ চনৰ ৬ জানুৱাৰীত জন্মগ্ৰহণ কৰা ৰহমানৰ আজি ৫৭ সংখ্যক জন্মদিন ৷ ৰহমানৰ কণ্ঠ আৰু তেওঁৰ দ্বাৰা সৃষ্টি কৰা সংগীতে মানুহৰ হৃদয়ত চিৰদিনৰ বাবে থিতাপি লৈছে আৰু আজিও ই শ্ৰোতাক সান্ত্বনা দিয়ে ৷

জনাই দিও যে, ৰহমানে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে ২টা অস্কাৰ, ২টা গ্ৰেমী আৰু ৪টা ফিল্মফেয়াৰ বঁটা ৷ জন্মদিন উপলক্ষে আহক জানো ৰহমানৰ সৈতে জড়িত কিছু বিশেষ কথা আৰু তেওঁৰ কিছুমান গীতৰ বিষয়ে যিসমূহ গীত আজিও শ্ৰোতাই অতি আগ্ৰহেৰে শুনে ৷

এ আৰ ৰহমানৰ জীৱন কাহিনী

তেওঁৰ সম্পূৰ্ণ নাম আছিল আল্লাহ ৰাখা ৰহমান ৷ আজি তেওঁৰ বয়স হ’লগৈ ৫৭ বছৰ ৷ আপোনালোকক জনাই দিও যে, এ আৰ ৰহমানৰ প্ৰকৃত নাম দিলীপ কুমাৰ, ধৰ্মান্তৰিত হোৱাৰ পিছত ৰহমানে নিজৰ নাম সলনি কৰিছিল, যিটোও তেওঁৰ বাবে বহুবাৰ চৰ্চাৰ বিষয় হৈ পৰিছিল ৷ সংগীতেৰে মানুহৰ হৃদয়ত থিতাপি লোৱা ৰহমানে পিতৃৰ পৰা পৰাই সংগীত উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল, পিতৃও আছিল এগৰাকী সংগীতজ্ঞ ৷

এইদৰেই আৰম্ভ হৈছিল তেওঁৰ কেৰিয়াৰ

পিতৃৰ মৃত্যুৰ পিছত ৰহমানৰ শৈশৱ সংগ্ৰামেৰে ভৰি পৰিছিল যদিও তাৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চোৱা নাছিল ৷ ৰহমান সৰুৰে পৰা বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজোৱাত পাৰ্গত আছিল ৷ হাইস্কুলীয়া বন্ধুসকলৰ সৈতে তেওঁ এটা বেণ্ড গঠন কৰিছিল যাৰ পিছত তেওঁ পঢ়া-শুনা এৰি গোটেই সময় সংগীতৰ প্ৰতি উচৰ্গা কৰাৰ সিদ্ধান্ত লৈছিল ৷ ইয়াৰ পিছত তেওঁ সম্পূৰ্ণৰূপে এগৰাকী সংগীতজ্ঞ হৈ পৰিছিল ৷

ইয়াৰ লগে লগে ৰহমানে আন সুৰকাৰৰ সৈতেও কাম কৰিবলৈ আৰম্ভ কৰে আৰু কঠোৰ সংগ্ৰামৰ অন্তত মণি ৰত্নমৰ ছবি ৰোজাৰ সংগীত পৰিচালনাৰ সুযোগ লাভ কৰে ৷ ৰহমানে তেওঁৰ প্ৰথমখন ছবি ৰোজাত সংগীতৰ বাবে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল ৷

২ টা অস্কাৰ, ২ টা গ্ৰেমী আৰু ফিল্মফেয়াৰ বঁটা

কেৰিয়াৰৰ সময়ছোৱাত ৰহমানে স্লামডগ মিলিয়নাৰকে ধৰি তিনিখন হলিউডৰ ছবিৰ বাবেও সংগীত ৰচনা কৰিছিল, যাৰ বাবে তেওঁ দুটাকৈ অস্কাৰ বঁটাও লাভ কৰিছিল ৷ একে সময়তে তেওঁ দুটাকৈ গ্ৰেমী বঁটাও লাভ কৰে ৷ তেওঁৰ সংগীতৰ জৰিয়তে এতিয়ালৈকে ৬টা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে ৷ লগতে বহু ফিল্মফেয়াৰ বঁটাও তেওঁ অৰ্জন কৰে ৷

এইসমূহ জনপ্ৰিয় গীত যিসমূহ আজিও শ্ৰোতাই শুনে

'দিল ছে'/'ছইয়া ছইয়া- দিল ছে (১৯৯৮)

‘দিল ছে’ ছবিখনৰ সকলো গীত চিৰসেউজ, কিন্তু দিল ছে ৰে আৰু ছইয়া ছইয়া এনে গীত আছিল যি আজিও সকলোৰে মাজত খুবেই জনপ্ৰিয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

'ৰং দে বছন্তী' সম্পূৰ্ণ এলবাম (২০০৬)

ৰং দে বছন্তীৰ গোটেই এলবামটো শ্ৰোতাৰ মাজত আজিও অতি জনপ্ৰিয়৷ ইয়াৰ আৰম্ভণি হয় ‘খলবলি’ গীতৰ পৰা আৰু অন্ত পৰে 'লুকা ছুপি'ত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

'ৰকষ্টাৰ' (২০১১)ৰ 'কুন ফায়া কুন'

ৰকষ্টাৰ ছবিৰ সমগ্ৰ এলবামটো কল্পনাতীত যদিও ইয়াৰ ‘কুন ফায়া কুন’ শ্ৰোতাই অধিক ভাল পচন্দ কৰিছিল৷ এই গীতটোত পপ আৰু চুফীৰ সংমিশ্ৰণ ঘটোৱা হৈছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

‘জয় হো’ (স্লামডগ মিলিয়নাৰ, ২০০৮)

এই গীতটি ৰহমানৰ অন্যতম সফল আৰু প্ৰশংসিত গীত ৷ ইয়াৰ বাবে এ আৰ ৰহমানে একাডেমী বঁটা আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

‘মা তুঝে চালাম’ (বন্দে মাতৰম, ১৯৯৭)

ৰহমানৰ অন্যতম দেশপ্ৰেমমূলক আৰু এটি শক্তিশালী গীত হৈছে মা তুঝে চালাম, লগতে এই গীতটিত ৰহমানৰ কণ্ঠ আৰু গীতৰ কথা সন্নিবিষ্ট কৰা হৈছে ৷ এই গীতটো অত্যন্ত সফল হৈ বিশ্বৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা ভাৰতীয় নন-ফিল্ম এলবাম হিচাপে পৰিগণিত হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

‘মছক্কলি’ (দিল্লী-৬, ২০০৯)

ৰহমানৰ অন্যতম এটি আনন্দদায়ক গীত হৈছে ‘মছক্কলি’, মোহিত চৌহানৰ কণ্ঠ নিগৰোৱা এই গীতটি আজিও অতি জনপ্ৰিয়৷ দিল্লীৰ ৰাজপথত শ্বুটিং কৰা এই গীতটোত অভিষেক বচ্চন আৰু সোনম কাপুৰে অভিনয় কৰিছিল ৷ এই গীতটিয়ে যথেষ্ট জনপ্ৰিতা অৰ্জন কৰাৰ লগতে দিল্লী-৬ৰ বাবে ৰহমানে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ফিল্মফেয়াৰ বঁটাও লাভ কৰিছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

'ৰোজা' (১৯৯২)ৰ পৰা 'ছ্যোটি ছি আশা'

ৰোজাক আজিলৈকে এ আৰ ৰহমানৰ অন্যতম এক জনপ্ৰিয় এলবাম বুলি গণ্য কৰা হয় ৷ এই এলবামৰ পিছত তেওঁ ভাৰতীয় সংগীত জগতত খুবেই এটি চৰ্চিত নাম হৈ পৰে ৷ আজিও মানুহে ৰোজাৰ ছ্যোটি ছি আশা গীতটো অতি আগ্ৰহেৰে শুনে ৷ লগতে কণমানিসকলেও এই গীতটি খুবেই পচন্দ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ খবৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মনোজ বাজপেয়ীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.