ETV Bharat / entertainment

Tejas: কংগনাৰ তেজস চাই আবেগিক হৈ পৰিল মুখ্যমন্ত্ৰী যোগী, কংগনাই ক’লে এই কথা

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 5:02 PM IST

আজি লক্ষ্ণৌত আয়োজন কৰা হৈছিল কংগনাৰ তেজসৰ বিশেষ প্ৰদৰ্শনী ৷ এই প্ৰদৰ্শনীত ছবিখন উপভোগ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ৷ কিছু সময় পূৰ্বে কংগনাই এই প্ৰদৰ্শনীৰ কিছু ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৷ ছবিসমূহ পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে এই ছবিখন চোৱাৰ সময়ত আবেগিক হৈ পৰে মুখ্যমন্ত্ৰী যোগী ৷

Special screening of Tejas in Lucknow, Kangana says, CM Yogi Adityanath got emotional while watching movie
কংগনাৰ তেজস চাই চকুলো বৈ আহিল মুখ্যমন্ত্ৰী যোগীৰ

চিটাৰা ডেস্ক, 31 অক্টোবৰ: শেহতীয়াকৈ মুক্তি পালে বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌতৰ ছবি ‘তেজস’ । এই ছবিখনত কংগনাই এজন বায়ুসেনাৰ বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত বায়ুসেনাৰ বিষয়া তেজস গিলৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰীগৰাকীয়ে । ছবিখনৰ বাবে বহু কষ্ট কৰিবলগীয়া হৈছিল অভিনেত্ৰীগৰাকীয়ে । কিন্তু কষ্ট কৰা ধৰণে সুফল নাপালে কংগনাই ৷ দৰাচলতে বক্স অফিচত বজাৰ ঠাণ্ডা তেজসৰ ৷ ছবিখনে ছবিগৃহত দৰ্শকক আকৰ্ষণ কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে ৷ ইয়াৰ মাজতে আজি পুৱা খবৰ আহিছিল যে এই ছবিখন চাব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথ যোগীয়ে ৷ খবৰ অনুসৰি অৱশেষত ছবিখন চালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰৰ বাবে তেজসৰ বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল । এই বিশেষ প্ৰদৰ্শনীত ইউ পিৰ মুখ্যমন্ত্ৰী আদিত্যনাথ যোগীয়েও এই ছবিখন উপভোগ কৰে । কংগনা ৰনৌতে নিজৰ ইনষ্টা হেণ্ডেলত ইয়াৰ ছবি শ্বেয়াৰ কৰিছে । ছবিৰ লগতে অভিনেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী যোগীৰ অভিজ্ঞতা, চিনেমাখন চাই কেনেদৰে আবেগিক হৈ পৰিছিল মুখ্যমন্ত্ৰীগৰাকী সেই কথাও শ্বেয়াৰ কৰে ।

  • #WATCH | Lucknow, UP: On special screening of film 'Tejas', Actress Kangana Ranaut says, "CM Yogi Adityanath got emotional while watching the movie. He has assured us that he will support us and will motivate the nationalists to connect with the film...It is not a film on women… pic.twitter.com/8SiQFHDlz7

    — ANI (@ANI) October 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কংগনা ৰনৌতে নিজৰ ইনষ্টাগ্ৰামত তেজসৰ বিশেষ দৰ্শনীৰ ফটো শ্বেয়াৰ কৰিছে । ফটোসমূহত অভিনেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী যোগীৰ সৈতে পোজ দিয়া দেখা গৈছে । এখন ছবিত সকলো অতিথি আৰু মন্ত্ৰীয়ে ছবিখন উপভোগ কৰা দেখা গৈছে । কংগনাও উপস্থিত আছিল সকলো মন্ত্ৰীৰ লগত। ফটোসমূহ শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, ‘‘আজি তেজসৰ বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হয় । ভাৰতীয় বায়ুসেনাৰ এজন সাহসী বিষয়াৰ জীৱনৰ আধাৰত নিৰ্মিত কৰা হৈছে এই ছবিখন । মাননীয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ছবিখন চাইছে ৷ এই ফটোখনত আপুনি চাব পাৰিব যে তেজসৰ শেষৰ সংলাপত তেওঁৰ (মুখ্যমন্ত্ৰী যোগী) চকুপানী ওলাই আহে । এজন সৈনিকে কি বিচাৰে ?’’

লগতে কংগনাই হিন্দীত লিখিছে, "আমাৰ সৈনিকসকলৰ সাহস আৰু ত্যাগ দেখি মহাৰাজ জীয়ে ইমানেই আৱেগিক হৈ পৰিছিল যে তেওঁৰ চকুলো বৈ আহে । ধন্যবাদ মহাৰাজ জী, আপোনাৰ প্ৰশংসা আৰু আশীৰ্বাদত মই ধন্য হৈছো ।"

লগতে পঢ়ক: Kangana Ranaut: মুখ্যমন্ত্ৰী যোগীয়ে চাব কংগনা ৰানাৱটৰ তেজস, ক’ত আৰু কেতিয়া চাব জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.