ETV Bharat / entertainment

Arijit Singh Birthday: সুমধুৰ কণ্ঠেৰে কোটি কোটি অনুৰাগীৰ হৃদয়ত স্থান দখল কৰা গায়কজন

author img

By

Published : Apr 25, 2022, 2:20 PM IST

জনপ্ৰিয় গায়ক অৰিজিত সিঙৰ আজি 35 বছৰীয়া জন্মদিন (Arijit Singh Birthday) ৷ নিজৰ সুমধুৰ কণ্ঠেৰে সংগীত প্ৰেমীৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰি থৈছে এইজনা সংগীত শিল্পীয়ে ৷

singer arijit singh turns 35 today
কোটি কোটি অনুৰাগীৰ হৃদয়ত স্থান দখল কৰা গায়কজন

চিটাৰা ডেস্ক, 25 এপ্ৰিল: সফলতাৰ শীৰ্ষত থকা এজন অতিকে জনপ্ৰিয় গায়ক অৰিজিত সিঙৰ আজি 35 বছৰীয়া জন্মদিন (Arijit Singh Birthday) ৷ বিগত এটা দশক ধৰি নিজৰ সুমধুৰ কণ্ঠেৰে মোহাচ্ছন্ন কৰি ৰাখিছে সংগীত প্ৰেমীক এইজনা শিল্পীয়ে ৷ আজিৰ এই সফলতাৰ স্থানত উপনীত হ’বলৈ অৰিজিতে বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল ৷

অৰিজিতৰ অনুৰাগীৰ সংখ্যা আৰু ষ্টাৰডম সঁচাই মন কৰিব লগীয়া ৷ কিন্তু তথাপিতো কোনোধৰণৰ গপ-ভেম নোহোৱাকৈ তেনেই সাধাৰণভাৱে জীৱন যাপন কৰে এইজনা মহান শিল্পীয়ে ৷ দৰাচলতে অনুৰাগীসকলৰ মাজত তেওঁ এই কাৰণেই জনপ্ৰিয় ৷ সকলোৰে সৈতে মিলি জুলি এজন সাধাৰণ মানুহৰ দৰেই থাকিবলৈ ভাল পাই অৰিজিতে ৷

ভাৰত, পাকিস্তান, বাংলাদেশ আৰু নেপালত অৰিজিতৰ এক ডাঙৰ ফেন বেছ আছে ৷ কিং অৱ্ প্লেবেক চিংগাৰ হিচাপে জনাজাত এইজনা শিল্পীয়ে লাভ কৰিছে এটা ৰাষ্ট্ৰীয় বঁটা আৰু ছটাকৈ ফিল্মফেয়াৰ বঁটা (Arijit Singh Awards) ৷

অৰিজিত সিঙে ঘৰৰ পৰাই সংগীতৰ পৰিৱেশ লাভ কৰিছিল ৷ তেওঁৰ মাকো এগৰাকী গায়িকা আছিল আৰু খুৰাকে তবলা বাদন কৰিছিল ৷ অৰিজিতেও সংগীত ক্ষেত্ৰতে নিজৰ কেৰিয়াৰ গঢ়াৰ সিদ্ধান্ত লৈ পেলাইছিল ৷ অৱশ্যে আজিৰ স্থানত উপনীত হ’বলৈ তেওঁ যথেষ্ট সাধনা কৰিছিল ৷

উল্লেখ্য যে প্ৰথমতে 'চাৱাৰিয়া' চলচ্চিত্ৰখনৰ বাবে তেওঁ গোৱা গানটো ছবিখনৰ পৰা আঁতৰাই দিয়া হৈছিল ৷ প্ৰথমাৱস্থাত তেওঁ কৰা মিউজিক এলবাম কেইটাও মুক্তি দিয়া হোৱা নাছিল ৷ ৰিয়েলিটী শ্ব’ত অংশ লৈয়ো মুখ থেকেচা খাবলগীয়া হৈছিল অৰিজিতে ৷

দৰাচলতে, অৰিজিতে তেওঁৰ পৰামৰ্শদাতা ৰাজেন্দ্ৰ প্ৰসাদ হাজাৰীৰ নিৰ্দেশনাত সংগীত ৰিয়েলিটী শ্ব' 'ফেম গুৰকুল'ত অংশগ্ৰহণ কৰিছিল (Arijit Singh reality shows) । কিন্তু শ্ব’টোৰ পৰা তেওঁ বাহিৰ হৈ গৈছিল । ব্যৰ্থ হৈছিল তেওঁ । অৱশ্যে, অৰিজিতে শ্ব’টোৰ শীৰ্ষ 6 ত স্থান লাভ কৰিছিল । জনপ্ৰিয় গায়ক শংকৰ মহাদেৱন তেওঁৰ গানৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু তেওঁক হাইস্কুল মিউজিকেল 2 ৰ এলবামৰ বাবে এটা গান আগবঢ়াইছিল ।

গানটোৰ পিছত অৰিজিতে বহুতো গান গাইছিল আৰু তাৰ পিছত নতুন নতুনকৈ চুক্তি লাভ কৰিবলৈ আৰম্ভ কৰিছিল । তাৰ পিছতে তেওঁ 'আশ্বিকী ২' বোলছবি খনত গান গোৱাৰ সুযোগ পাইছিল আৰু ছবিখনৰ 'তুম হি হো' গানটোৱে তেওঁক ৰাতিটোৰ ভিতৰতে এজন ডাঙৰ তাৰকা বনাই তুলিছিল । সেই গানটোৱেই অৰিজিতৰ বলীউডৰ বাবে টাৰ্ণিং পইণ্ট বুলি ক’ব পাৰি । আজি বলীউডত অৰিজিত সিং এজন চুপাৰ ডুপাৰ হিট গায়ক ।

লগতে পঢ়ক: তীক্ষ্ণ চকুযুৰিৰে শ্বেহনাজ গীলে অনুৰাগীক কৰিলে উন্মনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.