ETV Bharat / entertainment

Shehnaaz Gill at Badrinath Temple: বদ্ৰীনাথ ধাম দৰ্শন শ্বেহনাজ গিলৰ, চাওক ফটো

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 4:05 PM IST

ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় অভিনেত্ৰী শ্বেহনাজ গিল । যোৱা কেইদিনৰ পৰা অভিনেত্ৰীগৰাকীয়ে পাহাৰৰ মাজত ছুটী উপভোগ কৰি আছে । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে বদ্ৰীনাথ মন্দিৰ দৰ্শন কৰিছে । এতিয়া ছ’চিয়েল মিডিয়াত শ্বেহনাজ গিলে বদ্ৰীনাথ ধামৰ বহু ছবি শ্বেয়াৰ কৰিছে ৷

Shehnaaz Gill Visits Badrinath Temple, See her photos
শ্বেহনাজ গিলৰ বদ্ৰীনাথ মন্দিৰৰ ফটো

চিটাৰা ডেস্ক, 13 নৱেম্বৰ: শ্বেহনাজ গিলক আজি কোনো চিনি নাপায় ৷ ‘বিগ বছ ১৩’ৰ পৰাই জনপ্ৰিয়তা লাভ কৰিছিল শ্বেহনাজে ৷ ইয়াৰ পিচতে আৰম্ভ হৈছিল শ্বেহনাজৰ কেৰিয়াৰ ৷ এতিয়া দিনক দিনে উন্নতিৰ শিখৰত উপনীত হৈছে শ্বেহনাজ ৷ শ্বেহনাজে নিজৰ সৈতে জড়িত সৰু সৰু কথাবোৰ ছ’চিয়েল মিডিয়াত নিজৰ অনুৰাগীৰ বাবে শ্বেয়াৰ কৰে । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে বদ্ৰীনাথৰ ছবি শ্বেয়াৰ কৰিছে ।

বদ্ৰীনাথ ধামলৈ শ্বেহনাজ গিল

যোৱা কেইদিনমানৰ পৰা ছুটীত আছে শ্বেহনাজ গিল । উত্তৰাখণ্ডৰ মনোমোহা ঠাইত ছুটী উপভোগ কৰি আছে অভিনেত্ৰীগৰাকীয়ে । ইফালে আজি বদ্ৰীনাথ ধাম দৰ্শন কৰে অভিনেত্ৰীগৰাকীয়ে । শ্বেহনাজে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত বদ্ৰীনাথৰ বহু ছবি শ্বেয়াৰ কৰিছে । ফটোসমূহত শ্বেহনাজ গিলে বদ্ৰীনাথ মন্দিৰৰ সন্মুখত পোজ দিয়া দেখা গৈছে । শীতকালীন কাপোৰ পৰিধান কৰা অভিনেত্ৰীগৰাকীক ন’ মেকআপ লুকত দেখা গৈছে ।

শ্বেহনাজ গিলে ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ আন এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁক পাহাৰীয়া জীৱন উপভোগ কৰা দেখা গৈছে । পাহাৰৰ মাজেৰে দৌৰি যোৱাৰ পৰা আৰম্ভ কৰি জুপুৰীত শোৱা, চৌকাত খাদ্য বনোৱা লৈকে শ্বেহনাজে প্ৰকৃতিৰ মাজত কটোৱা প্ৰতিটো মুহূৰ্তৰ দৃশ্য শ্বেয়াৰ কৰে । অভিনেত্ৰীগৰাকীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছিল, "প্ৰকৃতিক ভাল পাওঁ । প্ৰকৃতিৰ ওচৰত থাকি ভাল লাগে । ই আপোনাক কেতিয়াও বিফল নকৰে ।"

শ্বেহনাজ গিলৰ কেৰিয়াৰ

পাঞ্জাবী ছবি আৰু মিউজিক ভিডিঅ’ত অভিনয় কৰা শ্বেহনাজ গিলে নিজৰ প্ৰকৃত পৰিচয় লাভ কৰিছিল ছলমান খানৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ ছিজন ১৩’ৰ পৰা । ইয়াৰ পিচত শ্বেহনাজে বলীউডতো আত্মপ্ৰকাশ কৰে । চলিত বৰ্ষৰ এপ্ৰিল মাহত মুক্তি পোৱা ছলমান খানৰ সৈতে তেওঁৰ প্ৰথমখন ছবি আছিল ‘কিছি কা ভাই কিছি কি জান’। যোৱা মাহত শ্বেহনাজৰ ছবি ‘থেংক ইউ ফৰ কমিং’ মুক্তি পাইছিল, য’ত অভিনেত্ৰীগৰাকীৰ অভিনয়ক অনুৰাগীয়ে যথেষ্ট প্ৰশংসা কৰিছিল ।

লগতে পঢ়ক: Kangana Ranaut: 'তেজস'ৰ ফ্লপৰ পিচত কংগনাই এনেদৰে উদযাপন কৰিলে দীপাৱলী, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.