ETV Bharat / entertainment

শ্বাহিদ মীৰাৰ নৃত্যৰ নতুন ভিডিঅ’ ভাইৰেল

author img

By

Published : Aug 18, 2022, 12:27 PM IST

Updated : Aug 18, 2022, 1:10 PM IST

শ্বাহিদ কাপুৰ আৰু মীৰা ৰাজপুতৰ নৃত্যৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ভিডিঅ'টোত শ্বাহিদ আৰু মীৰাৰ কেমেষ্ট্ৰী দেখি অনুৰাগীয়ে দিছে ৱাহ ৱাহ ৷ চাও আহকচোন ভিডিঅ’টি-

Shahid kapoor
শ্বাহিদ মীৰাৰ ভাইৰেল ভিডিঅ’ দেখি অনুৰাগীৰ মুখৰ পৰা ওলাল wow

চিটাৰা ডেস্ক, 18 আগষ্ট : শ্বাহিদ কাপুৰ আৰু মীৰা ৰাজপুতৰ যুটি এটা অন্যতম জনপ্ৰিয় যুটি ৷ দুয়োৰে ফটো আৰু ভিডিঅ’ সমূহ নেটিজেনে সাংঘাতিক পছন্দ কৰে ৷ ফটো ভিডিঅ’ চাইয়েই অনুভৱ কৰিব পাৰি দুয়োৰে মাজত থকা সীমাহীন ভালপোৱা ৷ দুটিকৈ সন্তানেৰে সুখৰ সংসাৰ তেওঁলোকৰ ৷ দুটাকৈ সন্তানৰ আগমনৰ পিছতো কিন্তু কমা নাই শ্বাহিদ আৰু মীৰাৰ মাজৰ ৰোমাঞ্চ ৷

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’ এটাই তাৰেই ইংগিত দিছে ৷ ভিডিঅ’টোত শ্বাহিদ মীৰাৰ নৃত্যৰ পৰা চকু আঁতৰ হোৱা নাই নেটিজেনৰ ৷ ঘৰুৱা এটা অনুষ্ঠানত ইমান সুন্দৰকৈ নৃত্য কৰিলে যে উপস্থিত সকলোৱে হাত চাপৰিৰে উৎসাহ যোগালে প্ৰেমিকযুগলক ৷ দৰাচলতে শ্বাহিদ কাপুৰৰ শাহু-শহুৰেকৰ 40 বছৰীয়া বিবাহ বাৰ্ষিকী পৰিয়ালবৰ্গৰ মাজত উলহ মালহকৈ উদযাপন কৰা হৈছিল ৷ তাতেই সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে তেওঁলোক ৷

শ্বাহিদ-মীৰাই এটা ইংৰাজী ৰোমাণ্টিক গীতত নৃত্য কৰে ৷ ভিডিঅ’টোত মীৰাক এটা হালধীয়া ৰঙৰ অনাৰকলি চুট পিন্ধা পৰিলক্ষিত হৈছে ৷ আনহাতে শ্বাহিদক দেখা গৈছে ক’লা পেণ্ট আৰু বগা চাৰ্টৰ সৈতে এটা ফৰ্মেল লুকত ৷ চাওক ভিডিঅ’টো-

একে সময়তে আন এটা ভিডিঅ'ত শ্বাহিদ কাপুৰক সৰু ভায়েক ঈশান খট্টৰৰ সৈতে নৃত্য কৰা দেখা গৈছে । দুই ভাতৃয়ে 'ৰূপ তেৰা মস্তানা' গানটোত প্ৰাণ খুলি নৃত্য কৰে । আত্মীয়সকলক যথেষ্ট মনোৰঞ্জন কৰিছিল তেওঁলোকে ৷

ছ’চিয়েল মিডিয়াত এতিয়া এই ভিডিঅ’ সমূহ অতি ভাইৰেল হৈ পৰিছে । অনুৰাগীসকলে যথেষ্ট পছন্দ কৰিছে এই ভিডিঅ’ সমূহ । শেহতী শ্বাহিদ কাপুৰক দেখা গৈছিল দক্ষিণৰ ছবি ‘জাৰ্চি’ৰ হিন্দী ৰিমেকত । ছবিখনে দৰ্শকৰ পৰা বিশেষ সঁহাৰি লাভ নকৰিলে । একে সময়তে শ্বাহিদৰ কনিষ্ঠ ভাতৃ ঈশান খট্টৰক অতি সোনকালে ‘পিপ্পা’ ছবিখনত সেনাৰ ইউনিফৰ্মত দেখিবলৈ পোৱা যাব ।

লগতে পঢ়ক : সপৰিয়ালে চুইজাৰলেণ্ডৰ সৌন্দৰ্যৰ মাজত বিলীন হৈ পৰিছে শ্বাহিদ কাপুৰ

Last Updated :Aug 18, 2022, 1:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.