ETV Bharat / entertainment

শ্বাহৰুখ খানে নিজেই প্ৰকাশ কৰিলে ডাংকিৰ কাহিনী

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 10:23 AM IST

SRK in Dubai for Dunki promotion: মুক্তিৰ পূৰ্বেই শ্বাহৰুখ খানৰ ‘ডাংকি’ ছবিখনক লৈ অনুৰাগীৰ উন্মাদনা দেখা পোৱা গৈছে । ইফালে দুবাইত অনুষ্ঠিত এক অনুষ্ঠানত কিং খানে প্ৰকাশ কৰিলে ডাংকি ছবিখনৰ কাহিনী ।

Shah rukh Khan revealed Dunki story in Dubai
ডাংকিৰ কাহিনী

চিটাৰা ডেস্ক, ১৮ ডিচেম্বৰ: বলীউডৰ কিং অৰ্থাৎ শ্বাহৰুখ খানৰ এই বছৰটোৰ শেষখন ছবি ‘ডাংকি’ মুক্তিৰ বাবে সাজু হৈছে । দেশৰ লগতে সমগ্ৰ বিশ্বতে কিং খানৰ ছবিখনৰ অগ্ৰিম বুকিং আৰম্ভ হৈছে আৰু মুক্তিৰ পূৰ্বে ছবিখনে প্ৰি-চেল টিকটত কোটি কোটি টকা উপাৰ্জন কৰিছে । এই সকলোবোৰৰ মাজতে দেওবাৰে শ্বাহৰুখ খানে নিজৰ ছবিখনৰ প্ৰচাৰৰ বাবে ডুবাইত উপস্থিত হৈছিল । দুবাইত অনুষ্ঠিত হোৱা অনুষ্ঠানত অভিনেতাগৰাকীয়ে তেওঁৰ ছবি ডাংকিৰ গীতত নৃত্য কৰাৰ লগতে ছবিখনৰ কাহিনী কি সেই কথাও প্ৰকাশ কৰে ।

শ্বাহৰুখ খানে প্ৰকাশ কৰিলে ডাংকিৰ কাহিনী

দুবাইৰ অনুষ্ঠানৰ পৰা ভাইৰেল হৈ পৰিছে কিং খানৰ বহু ভিডিঅ’ ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত শ্বাহৰুখ খানক জেকেট আৰু টি-চাৰ্টৰ সৈতে কাৰ্গো পৰিধান কৰা দেখা গৈছে । মঞ্চত উপস্থিত হৈয়ে ডাংকিৰ ৰোমান্টিক ট্ৰেক ‘অ মাহী’ গীতত নৃত্য কৰে আৰু আনকি তেওঁৰ হিট ছবি ‘পাঠান’ৰ ‘ঝুমে জো পাঠান’ গীততো তেওঁ নৃত্য প্ৰদৰ্শন কৰে । ইয়াৰ পিচত উপস্থিত অনুৰাগীৰ সৈতে মত বিনিময় কৰে কিং খানে ৷ মত বিনিময়ৰ সময়ত কিং খানে তেওঁৰ ছবি ‘ডাংকি’ৰ কাহিনী প্ৰকাশ কৰি কয় যে ছবিখন ‘ঘৰ জহা ৱাহা দিল হে’ বিষয়ক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে ।

দুবাইত অনুৰাগীৰ সৈতে হোৱা মত বিনিময়ত শ্বাহৰুখ খানে কয়, "মই জানো আপোনালোকৰ বহুতেই ঘৰ এৰি দুবাইক দ্বিতীয় ঘৰ কৰি লৈছে । ভাৰত, বাংলাদেশ, উপমহাদেশৰ বাকী অংশৰ পৰা, আপোনালোকৰ বহুতেই পাকিস্তান আৰু শ্ৰীলংকাৰ পৰা ইয়ালৈ আহিছে । এতিয়া আপোনালোক সকলোৱে ঘৰৰ পৰা বহু দূৰত, কিন্তু ইয়াতো এখন নতুন কৰি ঘৰ লৈছে । তথাপিও আপোনালোকৰ নিজৰ ঘৰখনৰ প্ৰতি গভীৰ মৰম আৰু উভতি যোৱাৰ আকাংক্ষা আছে । এই গোটেই ছবিখনত ঘৰৰ বিষয়েই কোৱা হৈছে, য’ত আপোনালোকৰ হৃদয় আছে । সেয়েহে, এই ছবিখন চাবলৈ মাক-দেউতাকৰ লগত যাওক, ল’ৰা-ছোৱালীক লৈ যাওক, পৰিয়ালৰ সৈতে যাওক ।’’

'ডাংকিয়ে' লাভ কৰিছে U/A চাৰ্টিফিকেট

উল্লেখ্য যে, যোৱা সপ্তাহত ‘ডাংকি’ক চিবিএফচিয়ে কিছু পৰিৱৰ্তনৰ সৈতে ‘ইউ/এ’ প্ৰমাণপত্ৰ প্ৰদান কৰিছে । ছবিখনৰ সময়সীমা ১৬১ মিনিটৰ । ‘পাঠান’ আৰু ‘জৱান’ৰ দৰে বেক-টু-বেক একচন ব্লকবাষ্টাৰ ছবিৰ পিচত ২০২৩ চনৰ এইখন শ্বাহৰুখৰ তৃতীয় আৰু শেষৰখন ছবি । ৰাজকুমাৰ হিৰাণীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত তাপসী পান্নু, বিকি কৌশল, বোমন ইৰাণী, বিক্ৰম কোছাৰ আৰু অনিল গ্ৰ’ভাৰে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । এই ছবিখন ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক: অগ্ৰিম বুকিঙৰ প্ৰথম দিনা কিমান উপাৰ্জন কৰিলে ডাংকি ছবিখনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.