ETV Bharat / entertainment

পাঠান নাচাই এন এক্সন হিৰ’ চাবলৈ কোৱা অনুৰাগীক আয়ুষ্মান খুৰানাই দিলে এই উত্তৰ

author img

By

Published : Feb 4, 2023, 1:55 PM IST

এন এক্সন হিৰ’ ছবিখনত কৰা অভিনয়ৰ বাবে প্ৰশংসা কৰা অভিনেতা আয়ুষ্মান খুৰানাৰ অনুৰাগীয়ে শ্বাহৰুখৰ পাঠান নাচাবলৈ কৈছে (Ayushmann Khurrana latest news) ৷ তাতেই লাগিল কেণা ৷ এই মন্তব্যৰ পিছত শ্বাহৰুখ অনুৰাগী আয়ুষ্মানে কি ক’লে নিজৰ অনুৰাগী গৰাকীক জানো আহকচোন-

Ayushmann Khurrana
আয়ুষ্মান খুৰানাৰ অনুৰাগীয়ে শ্বাহৰুখৰ পাঠান নাচাবলৈ কৈছে

চিটাৰা ডেস্ক, 4 ফেব্ৰুৱাৰী : বৰ্তমান সময়খিনিত ছবিজগতত বেছিকৈ প্ৰচলিত হৈ থকা নামটো হৈছে শ্বাহৰুখ খান ৷ শ্বাহৰুখৰ পাঠানেই এক দীঘলীয়া সময়ৰ বিৰতিত বলীউডৰ উৰ্দ্ধমুখী যাত্ৰাৰ সূচনা কৰিছে বুলি ক’ব পাৰি ৷ কিন্তু তেনে সময়তে যদি কোনোবাই কয় যে পাঠান ছবিখন নেচাব, কেনেকুৱা লাগিব শ্বাহৰুখ অনুৰাগীৰ লগতে অন্য বলীউড তাৰকাসকলৰ যিয়ে পাঠান ছবিখনৰ বাবে বলীউড পুনৰ জী উঠিছে বুলি গণ্য কৰিছে ৷

হয়, ঠিক তেনেকুৱা এটা ঘটনাই এতিয়া ছ’চিয়েল মিডিয়াত দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ ক্ষোভত ফাটি পৰিছে শ্বাহৰুখৰ অনুৰাগী সকল ৷ সেই শ্বাহৰুখ অনুৰাগী সকলৰ ভিতৰত আছে বলীউডৰ এজন অন্যতম অভিনেতা আয়ুষ্মান খুৰানা ৷ কিন্তু আচৰিত কথাটো হ’ল যে খোদ আয়ুষ্মানৰ অনুৰাগীয়েই কৰিছে এই মন্তব্য যে, ‘শ্বাহৰুখৰ পাঠান চাবলৈ বাদ দিয়ক’ ৷

  • Screw Pathan, watch Action Hero on Netflix! Story, dialogues, background music, the subtle middle finger shown to Indian news channels and their crass reporting, @ayushmannk has KILLED it! But my fav was the guy mimicking Arnab

    — Mubina Kapasi (@MubinaKapasi) February 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

দৰাচলতে অনুৰাগী গৰাকীয়ে তুলনাত্মকভাৱে পাঠান নাচাই আয়ুষ্মান অভিনীত এন এক্সন হিৰ’ চাবলৈ কয় সকলোকে ৷ কিন্তু এই টুইটোৰ লগতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আয়ুষ্মানৰ প্ৰত্যুত্তৰটোৱে ৷ আয়ুষ্মানক প্ৰশংসা কৰিছে যদিও কিন্তু অভিনেতাজনে নিজৰ অনুৰাগীক সোঁৱৰাই দিয়ে যে তেওঁ কিমান ডাঙৰ শ্বাহৰুখ অনুৰাগী ৷

কিং খানৰ এক্সন থ্ৰিলাৰ পাঠান বক্স অফিচত অপ্ৰতিৰোধ্য হৈ থকা অৱস্থাত এজনে ছ’চিয়েল মিডিয়াত ছবিখনক তীব্ৰ সমালোচনা কৰি আয়ুষ্মান খুৰানাৰ ব্যংগমূলক একচন নাটক ‘এন এক্সন হিৰ’ৰ প্ৰশংসা কৰে । যেতিয়া আয়ুষ্মানে পাঠানক হেয়জ্ঞান কৰি তেওঁৰ ছবিখনৰ প্ৰশংসা কৰা অনুৰাগীৰ টুইটটো লক্ষ্য কৰিলে, তেতিয়া তেওঁ ইয়াৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আৰু লগতে এইটোও উল্লেখ কৰিলে যে তেওঁ প্ৰকৃতাৰ্থত এজন SRKian ।

টুইটাৰত মুবিনা কাপাছি নামৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "স্ক্ৰু পাঠান, নেটফ্লিক্সত এক্সন হিৰ’ চাওক ! কাহিনী, সংলাপ, বেকগ্ৰাউণ্ড মিউজিক, ভাৰতীয় নিউজ চেনেলক দেখুওৱা সূক্ষ্ম মধ্যমা আঙুলি আৰু তেওঁলোকৰ মূৰ্খ প্ৰতিবেদন, @ayushmannk has KILLED ! কিন্তু মোৰ প্ৰিয় আছিল অৰ্ণবৰ অনুকৰণ কৰা ল'ৰাজন" ৷

  • Thanks for loving An Action Hero. 😎
    Could’ve avoided the first line though 😇 I’m an SRKian!

    — Ayushmann Khurrana (@ayushmannk) February 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

যেতিয়া খুৰানাই এই টুইটটো প্ৰত্যক্ষ কৰে তেতিয়া তেওঁ নম্ৰতাৰে এই প্ৰশংসাৰ উত্তৰ দিয়ে যিয়ে এতিয়া তেওঁক পুনৰ ষ্টাৰ কৰি তুলিছে ৷ টুইটটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নেশ্যনেল বঁটা বিজয়ী অভিনেতাগৰাকীয়ে লিখিছে, "এন এক্সন হিৰ’ক ভাল পোৱাৰ বাবে ধন্যবাদ । কিন্তু প্ৰথম বাক্যটো এৰাই চলিব পাৰিলোঁহেঁতেন কিয়নো মই এজন শ্বাহৰুখ অনুৰাগী!" (Ayushmann Khurrana twitter) ৷

আয়ুষ্মানে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কিছু সময়ৰ পিছতে অনুৰাগীসকল অভিনেতাগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "আপোনাৰ বিনয়ৰ বাবে আপোনাক ভাল পাওঁ ভাই" । আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, "এক হি তোহ দিল হে কিটনি বাৰ জীতোগে @ayushmannk" ৷ এজন অনুৰাগীয়ে লিখিছে, "ভাল কাম কৰিলা আয়ুষ্মান ! আপুনিও আমাৰ দৰেই যিয়ে শ্বাহক নিঃচৰ্তভাৱে ভাল পায়" ৷

আয়ুষ্মানে সদায় কৈ আহিছে যে তেওঁ শ্বাহৰুখ খানৰ প্ৰবল অনুৰাগী । আনকি এন এক্সন হিৰ’ মুক্তি পোৱাৰ পূৰ্বেও আয়ুষ্মানে এছ আৰ কেৰ মুম্বাইৰ বাসগৃহ মন্নত পৰিদৰ্শন কৰিছিল । আন যিকোনো অনুৰাগীৰ দৰেই আয়ুষ্মানেও মন্নত পাৰ হৈ যোৱাৰ সময়ত এখন ফটো তুলি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল ।

আমোদজনক কথাটো হ’ল পাঠান আৰু এন এক্সন হিৰ’ৰ মাজত এটা মিল আছে । দুয়োখন ছবিৰেই ক্ৰমে শ্বাহৰুখ আৰু আয়ুষ্মানে এক্সন ধাৰাত আত্মপ্ৰকাশ কৰে ।

লগতে পঢ়ক : Pathaan In Pakistan: নিষেধাজ্ঞাৰ পিছত পাকিস্তানত 900 টকাত বিক্ৰী হৈছে পাঠানৰ টিকট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.