ETV Bharat / entertainment

Sara Ali Khan Office Space: অমৰনাথ যাত্ৰাৰ পৰা উভতি আহি ছাৰা আলী খানে ক্ৰয় কৰিলে অফিচ, দাম শুনিলে আচৰিত হ’ব আপুনি

author img

By

Published : Jul 27, 2023, 5:06 PM IST

শেহতীয়াকৈ অমৰনাথ যাত্ৰা সম্পূৰ্ণ কৰি ঘৰলৈ উভতি আহিছে ছাৰা আলী খান আৰু উভতি আহিয়েই মুম্বাইত কাৰ্যালয়ৰ বাবে ক্ৰয় কৰিছে কোটি কোটি টকাৰ সম্পত্তি ।

Sara Ali Khan buys office property worth 9 crore in Mumbai
ছাৰা আলী খানে ক্ৰয় কৰিলে অফিচৰ স্থান

চিটাৰা ডেস্ক, 27 জুলাই: কেদাৰনাথ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল অভিনেত্ৰী ছাৰা আলী খানে । এই ছবিখন ২০১৮ চনত মুক্তি পাইছিল । ইয়াৰ পিচত অভিনেত্ৰীগৰাকীক দেখা পোৱা গৈছিল ৰোহিত শ্বেট্টীৰ চিম্বা ছবিখনত । এই ৫ বছৰত অভিনেত্ৰীগৰাকীয়ে নিজৰ কেৰিয়াৰত বহুখিনি সাফল্য লাভ কৰিছে । লগে লগে অভিনেত্ৰীগৰাকীৰ জনপ্ৰিয়তাও যথেষ্টে বৃদ্ধি পাইছে ৷ এই উদ্যোগটোত নিজৰ উৎকৃষ্ট অভিনয়ৰে সকলোৰে প্ৰশংসা লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে। এতিয়া অভিনেত্ৰীগৰাকীৰ বিষয়ে শেহতীয়াকৈ পোৱা গৈছে এটা খবৰ যে অভিনেত্ৰীগৰাকীয়ে মুম্বাইত নতুন অফিচ ক্ৰয় কৰিছে ৷

ছাৰা আলী খানে ক্ৰয় কৰিলে অফিচৰ স্থান

শেহতীয়াকৈ মুম্বাইত কাৰ্যালয়ৰ স্থান বিচাৰি থকা দেখা গৈছিল ছাৰা আলী খানক। অৱশেষত ছাৰাই বিচাৰি পালে অফিচৰ বাবে স্থান ৷ প্ৰযোজক আৰু ৰিয়েল এষ্টেট টাইকুন আনন্দ পণ্ডিতৰ লোটাছ ডেভেলপাৰ্ছত এই স্থান ক্ৰয় কৰিছে ছাৰাই । ছাৰাৰ কাৰ্যালয়ৰ অতি ওচৰত মিডিয়া আৰু প্ৰডাকচন হাউচ ।

ছাৰাই কিমান টকাত ক্ৰয় কৰিছে এই অফিচ

উল্লেখ্য যে অভিনেত্ৰীগৰাকীয়ে এই প্ৰিমিয়াম অফিচ স্পেচত ৯ কোটি টকা খৰচ কৰিছে । বৰ্তমান এই কাৰ্যালয় নিৰ্মাণৰ কাম চলি আছে আৰু ২০২৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত সাজু হ’ব ।

অভিনেত্ৰীগৰাকীৰ ৱৰ্ক ফ্ৰণ্টলৈ যদি চাও, শেষবাৰৰ বাবে অভিনেত্ৰীগৰাকীক দেখা গৈছিল জাৰা হাটকে জাৰা বাচকে ছবিখনত। এই ছবিখনত তেওঁ অভিনেতা বিকি কৌশলৰ সৈতে অভিনয় কৰিছিল । ছবিখনত বিকি কৌশলৰ সৈতে তেওঁৰ ৰোমান্টিক কেমিষ্ট্ৰীক অনুৰাগীয়ে যথেষ্ট ভাল পাইছিল ।

এতিয়া তেওঁক আগন্তুক ছবি ‘এ ৱতন মেৰে ৱতন’ত দেখা যাব । লগতে অনুৰাগ বসুৰ ছবি মেট্ৰ’...ইন ডেজত কাম কৰা দেখা যাব । এই ছবিখনত আছে আদিত্য ৰায় কাপুৰ, ফাতিমা সানা শ্বেখ, পংকজ ত্ৰিপাঠী আৰু কংকনা সেন শৰ্মা।

লগতে পঢ়ক: Sara Ali Khan Video: 'জাৰা হাটকে জাৰা বাচকে'ৰ মুক্তিৰ পূৰ্বে ভস্ম আৰতিত অংশগ্ৰহণ ছাৰা আলী খানৰ

লগতে পঢ়ক: Sushant Singh Rajput Death Anniversary : সুশান্ত সিং ৰাজপুতৰ কথা মনত পেলাই আৱেগিক হৈ পৰিল ছাৰা আলী খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.