ETV Bharat / entertainment

Sushant Singh Rajput Death Anniversary : সুশান্ত সিং ৰাজপুতৰ কথা মনত পেলাই আৱেগিক হৈ পৰিল ছাৰা আলী খান

author img

By

Published : Jun 14, 2023, 6:21 PM IST

Sara Ali Khan pens heartfelt note
সুশান্ত সিং ৰাজপুতৰ মৃত্যু বাৰ্ষিকী

সুশান্ত সিং ৰাজপুত আৰু ছাৰা আলীৰ বন্ধুত্ব আছিল অতি গভীৰ । সুশান্ত সিং ৰাজপুতৰ সৈতে কেদাৰনাথ ছবিৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল ছাৰাই। আজি অভিনেতাগৰাকীৰ মৃত্য়ু বাৰ্ষিকীত আৱেগিক হৈ পৰিল অভিনেত্ৰীগৰাকী ৷

চিটাৰা ডেস্ক,14 জুন: বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ আজি তিনি বছৰ হ’ল । ২০২০ চনৰ ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত নিজা ফ্লেটত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল সুশান্তৰ মৃতদেহ ৷ সুশান্তৰ মৃত্যুৰ পিচতে সৃষ্টি হৈছিল নেপটিজম বিতৰ্ক ৷ যিয়ে নহওক আজি অভিনেতাগৰাকীৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁৰ অনুৰাগী, বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকে তেওঁক স্মৰণ কৰিছে ৷

সুশান্তৰ বিশেষ বন্ধু তথা চৰ্চিত প্ৰেয়সী ছাৰা আলী খানেও সুশান্তৰ মৃত্যু বাৰ্ষিকীত অভিনেতাগৰাকীৰ বাবে এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ পোষ্ট শ্বেয়াৰ কৰি অভিনেতাগৰাকী আজি য’তেই আছে তাতেই জিলিকি উঠক তাৰ বাবে প্ৰাৰ্থনা কৰে ।

পোষ্টটোত কি লিখিছে অভিনেত্ৰীগৰাকীয়ে

ছাৰাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত দুখন ফটো শ্বেয়াৰ কৰিছে যিসমূহ ফটো অভিনেত্ৰীগৰাকীৰ প্ৰথম ছবি ‘কেদাৰনাথ’ৰ শ্বুটিঙৰ । এখন ফটোত ছাৰা আৰু সুশান্ত হেলিকপ্টাৰত বহি পিছলৈ চাই হাঁহি থকা দেখা গৈছে । দ্বিতীয়খন ফটোত দুয়োগৰাকীয়ে ছবিখনৰ চিত্ৰনাট্য পঢ়ি আছে ।

ফটোসমূহ শ্বেয়াৰ কৰি ছাৰাই এটা আৱেগিক কেপচনো লিখিছে। অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘আমাৰ প্ৰথম কেদাৰনাথ ভ্ৰমণত...আমাৰ প্ৰথম শ্বুটিঙৰ বাটত । মই জানো যে মোৰ আৰু কেতিয়াও এনেকুৱা অনুভৱ নহ’ব। কিন্তু মই জানো যে আপুনি একচন, কাট, সূৰ্যোদয়, নজী, চান্দনী ৰাত , কেদাৰনাথ আৰু আল্লাহৰ মাজত আছিল । তৰাবোৰৰ মাজত সদায় জিলিকি থাকা । কেদাৰনাথৰ পৰা এণ্ড্ৰমেডা লৈকে।’

উল্লেখ্য যে সুশান্তৰ মৃত্যুৰ পিচত বহু বিতৰ্ক সৃষ্টি হৈছিল । যেতিয়া মুম্বাই আৰক্ষীয়ে এই বিষয়টোৰ তদন্ত আৰম্ভ কৰিছিল তেতিয়া ইয়াৰ তাঁৰ NCB, ED, CBI লৈ গৈছিল । অভিনেতাগৰাকীৰ মৃত্যুৰ পিচত সেই সময়ত তেওঁৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীকো বহুত ট্ৰল কৰা হৈছিল । কেৱল এয়াই নহয়, এই গোচৰত ৰিয়া আৰু তেওঁৰ ভাতৃ শৌভিক জেললৈ যাবলগীয়া হৈছিল । মনকৰিবলগীয়া বিষয় যে সুশান্তৰ মৃত্যু বাৰ্ষিকীত ৰিয়াও তেওঁৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁক স্মৰণ কৰিছে।

লগতে পঢ়ক: Sushant Singh Death : সুশান্ত সিং ৰাজপুতৰ ৫০ টা ইচ্ছা অপূৰণীয় হৈ থাকিল; অভিনেতাগৰাকীৰ ইচ্ছাৰ তালিকাই আৱেগিক কৰিব আপোনাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.