ETV Bharat / entertainment

Sam Bahadur Teaser: বিকি কৌশল অভিনীত ছেম বাহাদুৰৰ শক্তিশালী টিজাৰ মুকলি

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 4:15 PM IST

মুক্তি পালে বিকি কৌশলৰ বহু প্ৰত্যাশিত ছবি ছেম বাহাদুৰৰ টিজাৰ । ১.২৬ মিনিটৰ এই শক্তিশালী টিজাৰটোত দেখা গৈছে বিকি কৌশলৰ দেশপ্ৰেমমূলক মনোভাৱ ।

Sam Bahadur teaser: Vicky Kaushal shines in Meghna Gulzar's powerful ode to the 'Kipper'
ছেম বাহাদুৰ টিজাৰ

চিটাৰা ডেস্ক, 13 অক্টোবৰ: বিকি কৌশল অভিনীত ছবি ‘ছেম বাহাদুৰ’ক লৈ বহুদিনৰে পৰা চৰ্চা চলি আছিল । অনুৰাগীয়ে ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । এতিয়া দৰ্শকৰ উত্তেজনা দুগুণ কৰিবলৈ নিৰ্মাতাই মুকলি কৰিছে ছবিখনৰ টিজাৰ ।

বিকি কৌশলৰ অভিনয় চাই আপোনাৰো জাগি উঠিব দেশপ্ৰেমৰ অনুভূতি

এই ১.২৬ মিনিটৰ টিজাৰটো দেখাত অতি শক্তিশালী । এজন সৈনিকৰ বাবে তেওঁৰ সন্মান তেওঁৰ জীৱনতকৈও অধিক মূল্যৱান আৰু এজন সৈনিকে নিজৰ ইউনিফৰ্মৰ সন্মানৰ বাবে নিজৰ প্ৰাণো আহুতি দিব পাৰে । এই সংলাপৰ পৰাই আৰম্ভ হৈছে ছেম বাহাদুৰৰ শক্তিশালী টিজাৰ । টিজাৰত ছবিখনৰ নায়ক বিকি কৌশলক শক্তিশালী অভিনয় কৰা দেখা গৈছে । ভাৰতীয় সেনাৰ ফিল্ড মাৰ্শ্বালৰ চৰিত্ৰত দেখা গৈছে বিকি কৌশলক ।

ছেম বাহাদুৰৰ শক্তিশালী সংলাপ প্ৰদানৰ পৰা আৰম্ভ কৰি বিকিৰ উৎকৃষ্ট অভিনয়লৈকে টিজাৰৰ সকলোবোৰ প্ৰশংসনীয় । ছবিখনত ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰা ফাতিমা ছানা শ্বেইখৰ সৰু আভাসো টিজাৰটোত দেখা গৈছে । সন্যা মালহোত্ৰাইও ভাল অভিনয় কৰিছে ছবিখনত । উল্লেখ্য যে বৃহস্পতিবাৰে বিকি কৌশলে ছবিখনৰ নতুন পোষ্টাৰৰ লগতে ছবিখনৰ টিজাৰ ঘোষণা কৰিছিল । তেতিয়াৰে পৰা অনুৰাগীয়ে ছবিখনৰ টিজাৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

ছেম বাহাদুৰৰ কাহিনী

ছেম বাহাদুৰৰ কাহিনী ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ আধাৰত নিৰ্মিত । এই যুদ্ধৰ সময়ত ভাৰতৰ প্ৰথমজন ফিল্ড মাৰ্শ্বাল তথা সেনা প্ৰধান ছেম মানেকশ্বৱে বৃহৎ অৱদান আগবঢ়াইছিল । এই ছবিখন তেওঁৰ কাহিনীৰ আধাৰত নিৰ্মিত । তেওঁ নিজৰ জীৱনকো তুচ্ছ কৰি দেশক কেনেদৰে বচালে সেয়া ছবিখনত দেখুওৱা হ’ব । উল্লেখ্য যে, ১ ডিচেম্বৰত ছবিখন ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে ।

লগতে পঢ়ক: Ganapath Trailer: পৃথিৱীখন সলনি কৰিবলৈ আহি আছে গণপত, চাওক গণপতৰ আকৰ্ষণীয় ট্ৰেইলাৰ

লগতে পঢ়ক: 12th Fail Trailer Out: UPSC ত সফলতাৰ আধাৰত নিৰ্মিত বিক্ৰান্ত মচ্ছীৰ ‘12th Fail’ ৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.