ETV Bharat / entertainment

টাইগাৰ 3 ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিলে ছলমান খানে

author img

By

Published : Aug 15, 2022, 6:04 PM IST

(Salman Khan Tiger 3)
টাইগাৰ 3 ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিলে ছলমান খানে

76 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ছলমান খানে অনুৰাগী সকলক দিলে এটা সুখবৰ । বহু প্ৰতীক্ষিত ছবি টাইগাৰ 3 ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে ছলমান খানে (Salman Khan Tiger 3) ৷ জানো আহকচোন কেতিয়া দৰ্শকৰ ওচৰলৈ আহিব ছবিখন-

চিটাৰা ডেস্ক, 15 আগষ্ট : দেশে 76 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে ছলমান খানে স্বাধীনতা দিৱসৰ সমান্তৰালকৈ উদযাপন কৰিছে আন এটা বিশেষ দিন ৷ ছলমান খানৰ জনপ্ৰিয় ছবি টাইগাৰে আজি সম্পূৰ্ণ কৰিছে মুক্তিৰ 10 টা বছৰ ৷ এই বিশেষ দিনটো ভাইজানে তেওঁৰ অনুৰাগী সকলৰ বাবে আৰু অধিক বিশেষ কৰি তোলে ৷ অনুৰাগীসকলক জনালে তেওঁৰ আগন্তুক ছবি টাইগাৰ 3 ৰ মুক্তিৰ তাৰিখ (Salman Khan Tiger 3) ৷

ছ’চিয়েল মিডিয়াত ছলমান খানে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । এক থা টাইগাৰ চলচ্চিত্ৰ খনৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ ওপৰত এই ভিডিঅ'টো শ্বেয়াৰ কৰা হৈছে । এই ভিডিঅ'ত এক থা টাইগাৰ আৰু টাইগাৰ জিন্দা হাে দুয়োখন ছবিৰে ক্লিপ দেখুওৱা হৈছে । ভিডিঅ’টোৰ অন্তত ঘোষণা কৰা হৈছে টাইগাৰ 3 ৰ মুক্তিৰ তাৰিখ । ২০২৩ চনৰ ২১ এপ্ৰিলত ঈদত মুক্তি পাব টাইগাৰ 3 ছবিখনে (tiger 3 release date) ৷

লকডাউনৰ মাজত এই ছবিখনৰ শ্বুটিং বন্ধ হৈ পৰিছিল আৰু পৰিস্থিতি নিয়ন্ত্ৰলৈ অহাৰ পিছত পুনৰ শ্বুটিং আৰম্ভ কৰা হৈছিল । ছবিখনৰ এটা টিজাৰো অনুৰাগীসকলৰ বাবে শ্বেয়াৰ কৰা হৈছে, য’ত কেটৰিণা আৰু ছলমান খানক দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক : জাতীয় পতাকাৰ ৰঙেৰে উদ্ভাসিত হ’ল মুকেশ আম্বানীৰ বাসগৃহ এন্টিলিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.