ETV Bharat / entertainment

Raveena Tandon: চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী গ্ৰহণ বলীউডৰ অভিনেত্ৰী ৰবীনা টেণ্ডনৰ

author img

By

Published : Apr 5, 2023, 10:01 PM IST

Raveena Tandon receives Padma Shri from President Murmu
পদ্মশ্ৰী বঁটা লাভ কৰিলে ৰবীনা টেণ্ডনে

বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা অভিনেত্ৰী ৰবীনা টেণ্ডনক চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয় (Raveena Tandon)।

চিটাৰা ডেস্ক, ৫ এপ্ৰিল : ৰাষ্ট্ৰপতি ভৱনত বুধবাৰে অনুষ্ঠিত হয় এক সোণালী অনুষ্ঠান (President Draupadi Murmu) ৷ এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বলীউডৰ মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডনক চতুৰ্থ সৰ্বোচ্চ অসামৰিক পদ্মশ্ৰী বঁটা প্ৰদান কৰে (Raveena Tandon receives Padma Shri) । এই অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকে (Raveena receives fourth highest civilian award) ।

Raveena Tandon receives Padma Shri from President Murmu
পদ্মশ্ৰী বঁটা লাভ কৰিলে ৰবীনা টেণ্ডনে

শীৰ্ষ সন্মানৰ বাবে নিৰ্বাচিত হোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি অভিনেত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয়, "সন্মানিত আৰু কৃতজ্ঞ । ভাৰত চৰকাৰ, সকলোকে বহুত বহুত ধন্যবাদ ৷ মোৰ অৱদান, মোৰ জীৱন, মোৰ আবেগ আৰু উদ্দেশ্য-ছবি আৰু কলা ৷ যিয়ে মোক কেৱল চলচ্চিত্ৰ উদ্যোগলৈই নহয়, কিন্তু তাৰ বাহিৰেও অৱদান আগবঢ়াবলৈ অনুমতি দিছিল, সেয়া স্বীকাৰ কৰাৰ বাবে ভাৰত চৰকাৰক বহুত বহুত ধন্যবাদ । মই সেই সকলোলোকক ধন্যবাদ জনাইছো যিসকলে মোক আৰ্ট এণ্ড ক্ৰাফ্ট অফ ছবিৰ এই যাত্ৰাৰ মাজেৰে পথ প্ৰদৰ্শন কৰিছিল- যিসকলে ইয়াৰ মাজেৰে মোৰ হাত ধৰিছিল আৰু যিসকলে মোক ওপৰৰ স্থানৰ পৰা চাইছিল । মই মোৰ দেউতাৰ ওচৰত ঋণী।"

'মোহৰা', 'মে খিলাড়ি তু অনাৰি', 'সত্তা', 'শ্বুল' আৰু বহুতো ব্লকবাষ্টাৰ ছবিৰে বলীউডত এ লিষ্টাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল ৰবীনা টেণ্ডনে । ব্লকবাষ্টাৰ ছবি ‘কে জি এফ ২’ ত অভিনয়ৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে । ৱৰ্ক ফ্ৰণ্টত ৰবীনাক পৰৱৰ্তী সময়ত সঞ্জয় দত্ত, পাৰ্থ সন্থান আৰু খুছালী কুমাৰৰ সৈতে আগন্তুক ৰোমান্টিক-কমেডী ছবি ‘ঘুডচাদী’ত দেখা পোৱা যাব ।

ইয়াৰ পূৰ্বে জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰৰ শিতানত মুঠ ১০৬ টা পদ্ম বঁটা ঘোষণা কৰিছিল । শিতানসমূহৰ ভিতৰত আছিল কলা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱা আদি। (ANI)

লগতে পঢ়ক: State film award 2023 Nahid Afrin controversy: এয়া অনাকাংক্ষিত ভুল, ক্ষমা খুজিলে জুৰী ব’ৰ্ডে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.