Ranveer Singh latest news: দীপিকাৰে সৈতে বিচ্ছেদৰ সম্পৰ্কত মৌনতা ভংগ কৰিলে ৰণবীৰ সিঙে

author img

By

Published : Sep 29, 2022, 4:53 PM IST

ranveer singh

প্ৰেমিক বুলি ক’লেই সততে অসংখ্য লোকৰ মনলৈ ৰণবীৰ সিঙৰ কথাই আহে ৷ 6 বছৰীয়া প্ৰেমৰ পিছত 2018 চনত দীপিকাক বিয়া পতা ৰণবীৰে আজিও সময়-সুবিধা পালেই মুকলিকৈ প্ৰকাশ কৰে পত্নীলৈ থকা প্ৰেম ৷ অকলেই হওক, মানুহৰ ভিৰৰ মাজতেই হওক নতুবা কোনোবা মঞ্চতে হওক ৰণবীৰে সদায় এইটোৱেই দেখুৱাই যেন দীপিকাই তেওঁৰ অস্তিত্ব ৷ সেই ৰণবীৰ-দীপিকাৰ বিচ্ছেদৰ বাতৰিয়ে নিশ্চয়কৈ মৰ্মাহত কৰিছে বহুতকে (Ranveer Singh latest news) ৷ জানো আহকচোন দৰাচলতে ঘটনাটো কি-

চিটাৰা ডেস্ক, 29 ছেপ্টেম্বৰ : DeepVeer বলীউডৰ শীৰ্ষ জনপ্ৰিয় যুটি ৷ 2012 চনতে আৰম্ভ হোৱা প্ৰেমক 2018 চনৰ 14 নৱেম্বৰত সামাজিক স্বীকৃতি দিছিল ৰণবীৰ সিং আৰু দীপিকা পাডুকনে ৷ ৰণবীৰে প্ৰায়ে ৰাজহুৱাকৈ প্ৰকাশ কৰে যে দীপিকা তেওঁৰ জীৱনৰ উজ্জ্বল তৰা ৷ দীপিকাৰ বাবেই যেন ৰণবীৰৰ অস্তিত্ব ৷ কিন্তু শেহতীয়াকৈ চলি ফুৰা কিছুমান খবৰে মৰ্মাহত কৰিছে দুয়োৰে অনুৰাগীক ৷ শুনিবলৈ পোৱা গৈছে যে দুয়োৰে বৈবাহিক জীৱনলৈ আহিছে কিছু উত্থান-পতন ৷

বহু বাতৰি আৰু ভাইৰেল হোৱা টুইটৰ মতে বৰ্তমানে একো ঠিক চলা নাই দীপিকা আৰু ৰণবীৰৰ মাজত (Ranveer Singh Deepika Padukone relation) ৷ এক কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈছে দুয়োৰে বৈবাহিক জীৱন (Ranveer Deepika divorce news) ৷ পিছে মন কৰিব লগীয়া কথাটো হ’ল যে এই বাতৰিবোৰ প্ৰচলন হৈ থকাৰ মাজতে ৰণবীৰে এটা অনুষ্ঠানত অংশ লৈছিল ৷ তাত দীপিকাৰ সৈতে নিজৰ বৰ্তমানে চলি থকা সম্পৰ্কৰ কথা মুকলিকৈ প্ৰকাশ কৰে অভিনেতাজনে (Deepika Ranveer separation rumours) ৷ ৰণবীৰ এই ভিডিঅ’টো এতিয়া সাংঘাতিক ধৰণে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ কিনো ক’লে অভিনেতাজনে জানো আহকচোন-

শেহতীয়াকৈ দীপিকাক কিছু শাৰিৰীক অসুস্থতাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ বিভিন্ন টেষ্ট কৰোৱা হয় অভিনেত্ৰী গৰাকীৰ ৷ অৱশ্যে এই সন্দৰ্ভত দীপিকাৰ টীমে এতিয়ালৈকে একো কথা সদৰি কৰা নাই ৷ ইয়াৰ পূৰ্বেও দীপিকাক প্ৰজেক্ট কে ৰ শ্বুটিঙৰ সময়ত হঠাতে অসুস্থ হৈ পৰাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷

কামৰ ক্ষেত্ৰত দীপিকাক শ্বাহৰুখ খানৰ সৈতে পাঠান ছবিখনত দেখিবলৈ পোৱা যাব ৷ আনহাতে হৃত্বিকৰ সৈতে আছে তেওঁৰ আন এখন ছবি নাম ফাইটাৰ ৷ আনহাতে ৰণবীৰ ব্যস্ত আছে ৰোহিত শেট্টীৰ চাৰ্কাছ ছবিখনকলৈ ৷

লগতে পঢ়ক : Award winning Assamese film Bridge: 30 ছেপ্টেম্বৰত চাবলৈ নাপাহৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি ব্ৰিজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.