ETV Bharat / entertainment

কাঁ মহোৎসৱত এইয়া কি কৰিলে ৰণবীৰে দীপিকাৰ সৈতে

author img

By

Published : May 23, 2022, 2:26 PM IST

Updated : May 23, 2022, 2:58 PM IST

দীপিকা পাডুকনৰ অলৰাউণ্ডাৰ স্বামী ৰণবীৰ সিঙে অৱশেষত ভৰি দিলে কাঁ চলচ্চিত্ৰ মহোৎসৱ 2022 ত । উপস্থিত হৈয়েই দীপিকাক পাই ফূৰ্তিত সকলো পাহৰি গ’ল ৰণবীৰে ৷ এতিয়া কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ৰণবীৰ দীপিকাৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

Ranveer Singh and Deepika Padukone
কাঁ মহোৎসৱত এইয়া কি কৰিলে ৰণবীৰে দীপিকাৰ সৈতে

চিটাৰা ডেস্ক, 23 মে’ : বলীউডৰ বিখ্যাত অভিনেত্ৰী দীপিকা পাডুকনে 'কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২২'ৰ পৰা নিজৰ ষ্টাইলিছ ফটোবোৰেৰে সকলোকে মুগ্ধ কৰি আছে । দীপিকা পাডুকনে এই মহোৎসৱত প্ৰথমবাৰৰ বাবে বিচাৰক হিচাপে যোগদান কৰিছে । দেশৰ বাবে এইটো গৌৰৱৰ বিষয় যে এগৰাকী ভাৰতীয় চেলিব্ৰিটীয়ে কাঁ মহোৎসৱৰ জুৰী সদস্যত যোগদান কৰিছে । দীপিকা বিগত ছদিন ধৰি ফ্ৰান্সত আছে আৰু এতিয়া তেওঁৰ স্বামী তথা অভিনেতা ৰণবীৰ সিঙো উপস্থিত হৈছেগৈ তাত (Ranveer Singh and Deepika Padukone latest updates) । দুয়োৰে ফটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷

কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২২ৰ পৰা ভাইৰেল হোৱা ফটোত স্বামী স্ত্ৰী দুয়োকে যথেষ্ট ফূৰ্তিত থকা দেখিবলৈ পোৱা গৈছে ৷ ফেনপেজ এটাই শ্বেয়াৰ কৰিছে এই ফটো ৷ ফটোবোৰত ৰণবীৰ-দীপিকাক হাঁহি ধেমালিৰে কুল লুকত দেখা গৈছে ।

চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেত্ৰী ৰেবেকা হলেও ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ সৈতে ফটোৰ বাবে প’জ দিছে । কাঁ চলচ্চিত্ৰ মহোৎসৱ 2022 ত দীপিকা পাডুকনে তেওঁৰ নিত্য নতুন বিভিন্ন চেহেৰাৰে সকলোকে মোহিত কৰি ৰাখিছে (Ranveer Singh and Deepika Padukone at cannes 2022) ।

Ranveer Singh and Deepika Padukone
কাঁ মহোৎসৱত এইয়া কি কৰিলে ৰণবীৰে দীপিকাৰ সৈতে

কাঁ চলচ্চিত্ৰ মহোৎসৱ ২৮ মে'লৈকে চলিব । ভাৰতৰ পৰা এটা 11 জনীয়া প্ৰতিনিধি দল ইয়াত উপস্থিত হৈছে । দক্ষিণৰ অভিনেত্ৰী পূজা হেগড়ে, তামান্না ভাটিয়া আৰু ঐশ্বৰ্য ৰায় ইতিমধ্যেই তাৰ পৰা ঘৰলৈ উভতি আহিছে ।

লগতে পঢ়ক: Cannes 2022: সব্যসাচীৰ ক’লা নেট গাউন পিন্ধি ফৰেভাৰ ইয়ং স্ক্ৰীণিঙত অদিতি ৰাও হায়দৰী

Last Updated : May 23, 2022, 2:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.