ETV Bharat / entertainment

মেগাজিন শ্বুটৰ বাবে নগ্ন হ’ল ৰণবীৰ সিং;নেটিজেনে আকৌ প্ৰশংসা কৰিছে দীপিকাক

author img

By

Published : Jul 22, 2022, 12:32 PM IST

এখন আলোচনীৰ বাবে কৰা নগ্ন ফটোশ্বুটৰ জৰিয়তে ৰণবীৰ সিঙে নিশ্চিত কৰি দিলে যে চৰ্চালৈ আহিবলৈ তেওঁ কিমান দূৰ যাত্ৰা কৰিবলৈ সাজু । অভিনেতাগৰাকীয়ে নিজৰ ছবিৰে ইণ্টাৰনেটত ধুমুহা সৃষ্টি কৰাৰ বিপৰীতে নেটিজেনে আকৌ তেওঁৰ পত্নী দীপিকা পাডুকনক প্ৰশংসা কৰিছে ! সবিশেষ জানিবলৈ আগলৈ পঢ়ক ।

Ranveer goes
মেগাজিন শ্বুটৰ বাবে নগ্ন হ’ল ৰণবীৰ সিং

চিটাৰা ডেস্ক, 22 জুলাই : বক্স অফিচত হয়তো ৰণবীৰ সিঙে চমকপ্ৰদ অভিনয় কৰিব পৰা নাই, কিন্তু তেওঁ কেতিয়াও বাতৰিৰ শিৰোনাম দখল কৰাত ব্যৰ্থ নহয় ৷ বিয়েৰ গ্ৰীলছৰ সৈতে বন্যপ্ৰাণীত কৰা দুঃসাহসিক অভিযানৰ পৰা আৰম্ভ কৰি শ্বাহৰুখ খানৰ মন্নটৰ কাষত ১১৯ কোটি টকাৰ অট্টালিকা ক্ৰয় কৰালৈকে ৰণবীৰ কেতিয়াও হেডলাইনৰ তললৈ নমা নাই ৷

পত্নী দীপিকা পাডুকনক কাঁ মহোৎসৱলৈ লৈ যোৱাৰ সময়তো চৰ্চাত আছিল অভিনেতাজন । অৱশ্যে তেওঁৰ এই সফলতাৰ আঁৰত সদায় দীপিকাৰ হাত থাকে । কিন্তু এইবাৰ তেওঁ যি কৰিছে অকলেই কৰিছে ৷ সম্পূৰ্ণ উলংগ হৈ এখন মেগাজিনৰ বাবে ফটোশ্বুট কৰে অভিনেতাজনে ৷

আশীষ শ্বাহৰ কেমেৰাত এইদৰে বন্দী হ’ল অভিনেতাজন ৷ ‘পেপাৰ’ মেগাজিনৰ বাবে তেওঁৰ সুঠাম দেহাটো দেখুৱাই ফটো তোলে ৰণবীৰ সিঙে ৷ ৰণবীৰে এক সাক্ষাৎকাৰত কয় যে, "মহামাৰীৰ পিছৰ পৰা মই কামৰ প্ৰতি ক্ষুধাতুৰ হৈ আছো । মই কাম কৰিবলৈ, দিবলৈ, পৰিবেশন কৰিবলৈ, আইডিয়া দিবলৈ, সৃষ্টি কৰিবলৈ, সহযোগিতা কৰিবলৈ উৎসুক হৈ আছিলো । মোৰ কামৰ প্ৰতি ক্ষুদ্ৰ ক্ষুধা আছে আৰু মই দিনটোত ২০ ঘণ্টাকৈ কাম কৰি আছো আৰু মই ইয়াৰ বাবে যথেষ্ট সুখ অনুভৱ কৰিছো" ৷

তেওঁ লগতে কয়, "এইয়া চাবিকাঠি । মই এটা পৰীক্ষামূলক পৰ্যায়ত আছো । মই চাব বিচাৰো যে মই নিজকে কিমান পৰ্যায়লৈ ঠেলিব পাৰো । মই চাব বিচাৰো যে মই কিমান কাম কৰিবলৈ সক্ষম - শাৰিৰীক, মানসিক, আৱেগিকভাৱে । মই কিমান দ্ৰুতগতিত কৰিব পাৰো" ৷

ফটোবোৰ ওলোৱাৰ পিছৰে পৰা অনুৰাগীসকলে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কিছুমানে যদি হাঁহিছে, আন কিছুমানে আকৌ আমোদ লৈছে ।

নেটিজেনসকলে ৰণবীৰৰ পত্নী দীপিকা পাডুকনক আলোচনীখনৰ বাবে সকলোকে উদং কৰিবলৈ অনুমতি দিয়াৰ বাবেও প্ৰশংসা কৰিছে । এজন অনুৰাগীয়ে লিখিছে, "বাহ..তেওঁৰ পত্নীয়ে অনুমতি দিলে?!" আনহাতে আন এজনে লিখিছে, "MR DEEPIKA PADUKONE IS SO HAWT OMG।" এজন অনুৰাগীয়ে মন্তব্য কৰিছে, "THAT’S @deepikapadukone ‘s HUSBAND EVERYBODY" ৷

লগতে পঢ়ক: Ranveer-Deepika's new home: মুম্বাইত কোটিটকীয়া ঘৰ কিনি শ্বাহৰুখৰ চুবুৰীয়া হ’ল DeepVeer

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.