ETV Bharat / entertainment

Ranbir Kapoor: অৰিজিতৰ কনচাৰ্টত ৰণবীৰ কাপুৰৰ হঠাৎ এন্ট্ৰি, চান্না মেৰেয়া গীতত কৰিলে নৃত্য

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 1:42 PM IST

Updated : Nov 5, 2023, 2:25 PM IST

Ranbir Kapoor grooves to 'Channa Mereya', bows down to Arijit Singh on stage
অৰিজিত সিঙৰ সৈতে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিলে ৰণবীৰ সিঙে

অভিনেতা ৰণবীৰ কাপুৰৰ ছবি এনিমেল অতি সোনকালে ছবিগৃহত মুক্তি পাব ৷ এই ছবিখনৰ প্ৰচাৰৰ বাবে শেহতীয়াকৈ চণ্ডীগড়ত উপস্থিত হয় অভিনেতাগৰাকী, য’ৰ পৰা তেওঁৰ এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ।

চিটাৰা ডেস্ক, 5 নৱেম্বৰ: আগন্তুক ছবি ‘এনিমেল’ৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰে । ৰণবীৰ ছ’চিয়েল মিডিয়াৰ পৰা প্ৰায়ে আঁতৰি থাকে যদিও কিবা নহয় কিবা কাৰণত ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত । শেহতীয়াকৈ ৰণবীৰ কাপুৰৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, যিটো ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ।

অৰিজিত সিঙৰ সৈতে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিলে ৰণবীৰ সিঙে

আচলতে চণ্ডীগড়ত চলি থকা অৰিজিতৰ সংগীতানুষ্ঠানত উপস্থিত হৈছিল ৰণবীৰ কাপুৰ । এই সংগীতানুষ্ঠানত অভিনেতাগৰাকীয়ে অৰিজিতৰ সৈতে দৰ্শকক আমোদ দিয়ে । দুয়োকে একেলগে দেখাৰ পিচত আনন্দিত হৈ পৰে অনুৰাগী । এই সময়চোৱাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টোত ৰণবীৰ কাপুৰে আকৌ এবাৰ তেওঁৰ ব্লকবাষ্টাৰ ছবি ‘এ দিল হায় মুছকিল’ৰ কথা সোঁৱৰাই দিয়ে দৰ্শকক ।

কনচাৰ্টত ৰণবীৰ কাপুৰে চান্না মেৰেয়া গীতত নৃত্য কৰে

ভিডিঅ'টোত ৰণবীৰ কাপুৰক তেওঁৰ ছবিৰ ছুপাৰহিট গীত "চান্না মেৰেয়া"ত নৃত্য কৰা দেখা যায় । অভিনেতাজনৰ এই নৃত্য দেখি সংগীতানুষ্ঠানত উপস্থিত থকা দৰ্শকৰ সুখৰ সীমা নোহোৱা হৈ পৰে । এই সময়চোৱাত অৰিজিতে ৰণবীৰৰ অভিনীত ‘ব্ৰহ্মাষ্ট্ৰ’ৰ ছবিখনৰ ‘ৰাসিয়া’ গীতটোও পৰিৱেশন কৰে ৷ এই গীতটোতো ৰণবীৰে অৰিজিতক সমৰ্থন কৰে । দৰাচলতে তেওঁৰ ছবিখনৰ প্ৰচাৰৰ বাবে চণ্ডীগড়ত উপস্থিত হৈছিল অভিনেতাগৰাকী ।

কেতিয়া মুক্তি পাব ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’ ?

উল্লেখ্য যে, ৰণবীৰ কাপুৰৰ ছবি এনিমেল ১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব । এই ছবিখনত তেওঁৰ সৈতে দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মান্দান্না আৰু অনিল কাপুৰকো দেখা যাব । শেহতীয়াকৈ মুক্তি পোৱা ছবিখনৰ টিজাৰত অভিনেতাজনৰ শক্তিশালী ৰূপ দেখা গৈছিল । একে সময়তে অনুৰাগীসকলে এতিয়া আগ্ৰহেৰে অপেক্ষা কৰি আছে ৰণবীৰৰ ছবিখনৰ ট্ৰেইলাৰৰ বাবে । কিছুদিন পূৰ্বে ছবিখনৰ ‘সত্ৰংগা’ গীতটি মুক্তি পাইছে, যিটো গীত দৰ্শকে যথেষ্ট ভাল পাইছে ।

লগতে পঢ়ক: Animal Song: অৰিজিতৰ কণ্ঠত মুকলি এনিমেলৰ নতুন গীত, এবাৰ শুনিলে বাৰে বাৰে শুনিবলৈ মন যাব আপোনাৰো

Last Updated :Nov 5, 2023, 2:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.