ETV Bharat / entertainment

সুস্থিৰ অৱস্থালৈ আহিছে যদিও এতিয়াও life support তে আছে ৰাজু শ্ৰীবাস্তৱ

author img

By

Published : Aug 16, 2022, 9:56 PM IST

Raju Srivastava
ৰাজু শ্ৰীবাস্তৱ

কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ মেনেজাৰে তেওঁৰ স্বাস্থ্যৰ বৰ্তমান অৱস্থা সন্দৰ্ভত এটা আপডেট শ্বেয়াৰ কৰিছে । ৫৮ বছৰীয়া ষ্টেণ্ডআপ কমেডিয়ানজন এতিয়াও ভেণ্টিলেটৰত আছে যদিও চিকিৎসাৰ ফলত তেওঁ কিছু সুস্থ হৈ উঠিছে । বিগত ১০ আগষ্টত হৃদ ৰোগত আক্ৰান্ত হৈ ৰাজু All India Institute of Medical Sciences (AIIMS) এইমছত ভৰ্তি হৈ আছে ।

চিটাৰা ডেস্ক, 16 আগষ্ট : Life support লৈ আই চি ইউত ভৰ্তি হৈ থকা জনপ্ৰিয় কমেডিয়ান তথা অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ অৱস্থাৰ সামান্য উন্নতি হৈছে বুলি মঙলবাৰে তেওঁৰ বিজনেছ মেনেজাৰে প্ৰকাশ কৰে । বিগত ১০ আগষ্টত হৃদ ৰোগত আক্ৰান্ত হোৱাত শ্ৰীবাস্তৱক সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ত ভৰ্তি কৰোৱা হৈছিল । সেইদিনাই ৫৮ বছৰীয়া ষ্টেণ্ডআপ কমেডিয়ানজনৰ এঞ্জিওপ্লাষ্টিও (angioplasty) কৰা হৈছিল ।

"ৰাজুৰ অৱস্থা লাহে লাহে ভাল হৈ আহিছে । চিকিৎসাৰ প্ৰতি সঁহাৰি জনাইছে তেওঁ । স্বাস্থ্যৰ উন্নতি হৈছে আৰু এতিয়া তেওঁ শৰীৰৰ অংগসমূহ অলপ লৰচৰ কৰিব পাৰিব", শিল্পীজনৰ মেনেজাৰ নয়ন ছোনীয়ে এইদৰে কয় । তেওঁ লগতে আৰু কয়, "তেওঁ আই চি ইউত ভেণ্টিলেটৰৰ সহায়ত আছে । চিকিৎসকে জনাইছে যে তেওঁৰ চেতনা ঘূৰি আহিবলৈ প্ৰায় এসপ্তাহ সময় লাগিব" ৷

যোৱা সপ্তাহত শ্ৰীবাস্তৱৰ পৰিয়ালে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত এক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁৰ অৱস্থা সুস্থিৰ হৈছে ৷ ৰাজুৰ অনুৰাগী সকলক লগতে প্ৰচাৰ হোৱা যিকোনো উৰাবাতৰি/ভুৱা বাতৰিক আওকাণ কৰি চলিবলৈ অনুৰোধ কৰিছিল ।

১৯৮০ চনৰ পৰা মনোৰঞ্জন জগতৰ চিনাকি মুখ হিচাপে পৰিগণিত হোৱা শ্ৰীবাস্তৱে ২০০৫ চনত ৰিয়েলিটী ষ্টেণ্ড-আপ কমেডী শ্ব’ The Great Indian Laughter Challengeৰ প্ৰথম ছিজনত অংশগ্ৰহণ কৰাৰ পিছত খ্যাতি লাভ কৰে ৷ শ্ৰীবাস্তৱে হিন্দী চলচ্চিত্ৰ যেনে Maine Pyar Kiya, Baazigar, Bombay to Goa আৰু Aamdani Atthani Kharcha Rupaiyaৰ ৰিমেকত অভিনয় কৰিছে ।

লগতে পঢ়ক : মোহময়ী অভিনেত্ৰী মনীষা কৈৰালাৰ আজি ৫২ বছৰীয়া জন্মদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.