ETV Bharat / entertainment

নৱবৰ্ষৰ দিনা ৰজনীকান্তৰ ঘৰত ভিৰ অনুৰাগীৰ, অনুৰাগীক নমস্কাৰ জনাই ক’লে -ধন্যবাদ

author img

By ANI

Published : Jan 1, 2024, 1:14 PM IST

Rajinikanth greets fans: নৱবৰ্ষত নিজৰ প্ৰিয় তাৰকা ৰজনীকান্তক শুভেচ্ছা জনাবলৈ তেওঁৰ বাসগৃহত ভিৰ কৰেহি হাজাৰ হাজাৰ অনুৰাগীয়ে ৷ এই সময়চোৱাত অনুৰাগীৰ মৰমৰ প্ৰতি সঁহাৰি জনাই অনুৰাগীক অভিবাদন জনাই ছুপাৰষ্টাৰগৰাকীয়ে ৷ চাওক ভিডিঅ’ ৷

Rajinikanth greets fans gathered outside his Chennai residence on New Year
ৰজনীকান্তৰ ঘৰৰ বাহিৰত ভিৰ অনুৰাগীৰ

চিটাৰা ডেস্ক, ১ জানুৱাৰী: আজি ২০২৪ চনৰ পহিলা দিন ৷ দেশজুৰি আজি উদযাপন কৰা হৈছে নৱবৰ্ষ ৷ নৱবৰ্ষৰ এই ক্ষণত সকলোৱে ইজনে সিজনক নতুন বছৰৰ শুভেচ্ছা জনোৱা পৰিলক্ষিত হৈছে । এনে পৰিস্থিতিত চলচ্চিত্ৰ তাৰকাৰ অনুৰাগীসকলেও নিজৰ প্ৰিয় তাৰকাক শুভেচ্ছা জনাবলৈ তেওঁলোকৰ বাসগৃহত উপস্থিত হোৱা দেখা যায় ৷

সোমবাৰে চেন্নাইত পৰিয়ালৰ সৈতে নৱবৰ্ষ উদযাপন কৰে ছুপাৰষ্টাৰ ৰজনীকান্তে । ইফালে বৃহৎ সংখ্যক অনুৰাগীয়ে ছুপাৰষ্টাৰগৰাকীক এবাৰ চাবলৈ আৰু নতুন বছৰৰ শুভেচ্ছা জনাবলৈ তেওঁৰ ঘৰৰ বাহিৰত ভিৰ কৰেহি ৷ ৰজনীকান্তে অনুৰাগীৰ মৰমৰ প্ৰতি সঁহাৰি জনাই ঘৰৰ মূল গেটত অনুৰাগীক লগ কৰিবলৈ আহে ৷ ছুপাৰষ্টাৰগৰাকীয়ে অনুৰাগীক দূৰৰ পৰাই নমস্কাৰ জনাই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে ।

১ জানুৱাৰীত চেন্নাইৰ প’জ গাৰ্ডেনৰ বাসগৃহৰ বাহিৰত ৰজনীকান্তে নৱবৰ্ষৰ বাবে অনুৰাগীক অভিবাদন জনায় । এই সময়চোৱাত ক্ৰিস্প চাৰ্ট পৰিধান কৰিছিল ছুপাৰষ্টাৰগৰাকীয়ে ৷ ৰজনীকান্তে হাঁহি এটা মাৰি অনুৰাগীক ধন্যবাদ জনাই তাৰ পিচত ভিতৰলৈ সোমাই যায় । ইফালে অনুৰাগীয়ে ৰজনীকান্তৰ বাবে হাত জোকাৰি ‘থালাইৱা’ বুলি চিঞৰি থকা দেখা গৈছিল । উল্লেখ্য যে, ৰজনীকান্তে আগন্তুক ছবি ‘ভেট্টাইয়া’ৰ শ্বুটিঙৰ পৰা বিৰতি লৈ বছৰৰ প্ৰথমটো দিন পত্নী লতা, কন্যা আৰু নাতি-নাতিনীয়েকৰ সৈতে কটায় ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে ৰজনীকান্তে অতি সোনকালে ‘ভেট্টাইয়া’ৰ শ্বুটিং পুনৰ আৰম্ভ কৰিব । শেহতীয়াকৈ শ্বুটিং চেটৰ পৰা তেওঁৰ আৰু ফহাদ ফাছিলৰ এটা ক্লিপ অনলাইনত ফাদিল হৈছিল ।

লাইকা প্ৰডাকচনৰ প্ৰযোজনাত নিৰ্মিত একচন ছবি ‘ভেট্টাইয়া’ পৰিচালনা কৰিছে টি জে গ্নানভেলে । ছবিখনত ৰজনীকান্ত, ফহাদ ফাছিল, ৰাণা দগ্গুবাটি, অমিতাভ বচ্চন, মঞ্জু ৱাৰিয়ৰ, ঋতিকা সিং, দুশাৰা বিজয়নকে ধৰি বহু তাৰকাক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব । ‘ভেট্টাইয়া’ৰ সংগীত আগবঢ়াইছে অনিৰুদ্ধ ৰবিচন্দৰে । ৰজনীকান্তক শেষবাৰৰ বাবে দেখা গৈছিল তেওঁৰ ছুপাৰহিট ছবি ‘জেইলাৰ’ত । এই ছবিখন ২০২৩ চনৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিসমূহৰ ভিতৰত অন্যতম আছিল ।

লগতে পঢ়ক: নৱবৰ্ষত পত্নীৰ সৈতে ৰোমান্টিক হ’ল ৰণদ্বীপ, বিকিনি পিন্ধি স্বামীৰ সৈতে সূৰ্যাস্ত উপভোগ লিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.