ETV Bharat / entertainment

Kalki 2898 AD First Glimpse: প্ৰজেক্ট কে নহয়, সলনি হ’ল অমিতাভ, প্ৰভাস-দীপিকা পাডুকনৰ ছবিৰ নাম

author img

By

Published : Jul 21, 2023, 11:07 AM IST

মেকাৰে শ্বেয়াৰ কৰিলে কলকী ২৮৯৮ AD প্ৰথম আভাস ৷ ছবিখনৰ প্ৰথম আভাসত অমিতাভ বচ্চন, দীপিকা পাডুকন আৰু প্ৰভাছক ভৱিষ্যত জগতত দেখুওৱা হৈছে। ২০২৪ চনত মুক্তি পাব কলকী ২৮৯৮ AD।

Project K: Deepika Padukone Prabhas starrer now titled Kalki 2898 AD first glimpse out
কলকী ২৮৯৮ AD প্ৰথম আভাস

চিটাৰা ডেস্ক, 21 জুলাই: আহি গ’ল প্ৰভাস, দীপিকা পাডুকন আৰু অমিতাভ বচ্চনৰ অভিনীত বহু প্ৰত্যাশিত ছবি প্ৰজেক্ট কেৰ প্ৰথম আভাস । বৃহস্পতিবাৰে মেকাৰসকলে ছান ডিয়েগো কমিক-কনত প্ৰথম আভাস দেখুৱাই ছবিখনৰ নাম প্ৰকাশ কৰিছে ৷ এই ছবিখনৰ নাম প্ৰজেক্ট কে নহয়, বৰঞ্চ ‘কলকী ২৮৯৮ AD’ হিচাপে ৰখা হৈছে। ছবিখনৰ প্ৰথম আভাসতে অমিতাভ বচ্চন, দীপিকা পাডুকন আৰু প্ৰভাকক ভৱিষ্যত জগতত দেখুওৱা হৈছে । এইখন কল্পবিজ্ঞান চলচ্চিত্ৰ য’ত দীপিকা, অমিতাভ আৰু প্ৰভাসক যুদ্ধসদৃশ পৰিস্থিতিত যোদ্ধা হিচাপে দেখুওৱা হৈছে । কলকি ২৮৯৮ AD ছবিখন মুক্তি লাভ কৰিব ২০২৪ চনত ।

প্ৰজেক্ট কে, কমিক-কনত প্ৰদৰ্শিত প্ৰথমখন ছবি

প্ৰজেক্ট কে ২০২৩ চনৰ ছান ডিয়েগো কমিক-কন (এছডিচিচি)ত আত্মপ্ৰকাশ কৰা প্ৰথমখন ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে । এই অনুষ্ঠানৰ পূৰ্বে নিউয়ৰ্ক চহৰৰ টাইমছ স্কোৱাৰত প্ৰজেক্ট কেৰ বিলবোৰ্ডত লিখা আছিল ‘ফাৰ্ষ্ট লুক ২০ জুলাই’। ইয়াৰ পূৰ্বে প্ৰভাস, কমল হাছান আৰু ৰাণা আমেৰিকাত ছুটী লৈ থকা কেইবাখনো ছবি ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছিল। প্ৰজেক্ট কেৰ ফাৰ্ষ্ট লুক মুক্তি পোৱাৰ এদিন পূৰ্বে আমেৰিকাৰ এখন পাৰ্টিত প্ৰভাছক দেখা গৈছিল, য’ত তেওঁ অনুৰাগীৰ সৈতে মত বিনিময় কৰিছিল ।

ছান ডিয়েগো কমিক-কনত উপস্থিত নাছিল দীপিকা

অনুষ্ঠানত প্ৰভাস, কমল হাছান আৰু ৰাণা ডাগ্গুবাটি উপস্থিত থাকে । খবৰ অনুসৰি আমেৰিকাত স্ক্ৰীণ এক্টৰছ গিল্ড-আমেৰিকান ফেডাৰেচন অৱ ৰেডিঅ’ এণ্ড টেলিভিছন আৰ্টিষ্টৰ (SAG-AFTRA) চলি থকা ধৰ্মঘটৰ বাবে দীপিকা পাডুকন অনুষ্ঠানটোৰ অংশ নহ’ল । দীপিকা SAG-AFTRA ৰ সদস্য।

নাগ অশ্বিনীৰ পৰিচালিত ছবি কলকী ২৮৯৮ AD

প্ৰজেক্ট কে পৰিচালনা কৰিছে নাগ অশ্বিনে। এই ছবিখনৰ সন্দৰ্ভত তেওঁ পূৰ্বে কৈছিল, ‘ভাৰতত এতিয়ালৈকে শ্ৰেষ্ঠ ছুপাৰহিৰো ছবি ৰচনা কৰা হৈছে । আমি অনুভৱ কৰোঁ যে আমাৰ ছবিখনে আমাক ইয়াক আগস্থানলৈ আনি বিশ্বৰ সৈতে মত বিনিময় কৰাৰ সুযোগ দিয়ে আৰু কমিক-কনে আমাক আমাৰ কাহিনীক আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ আগত প্ৰদৰ্শন কৰাৰ এক মঞ্চ প্ৰদান কৰে ।’

লগতে পঢ়ক: Naseeruddin Shah Birthday: পৰিয়াল পাকিস্তানত, নাছিৰুদ্দিন ভাৰতত, জানক নাছিৰুদ্দিনৰ জীৱনৰ কিছুমান নজনা কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.