ETV Bharat / entertainment

Chandrayaan3 soft landing: চন্দ্ৰযান সন্দৰ্ভত আকৌ মন্তব্য কৰিছে অভিনেতা প্ৰকাশ ৰাজে

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 1:40 PM IST

দক্ষিণ আৰু বলীউড ছবিৰ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজক চন্দ্ৰযান ৩ সন্দৰ্ভত দিয়া বক্তব্যৰ বাবে শেহতীয়াকৈ ব্যাপকভাৱে সমালোচনা কৰা হৈছিল ৷ একে সময়তে চন্দ্ৰযান ৩ ৰ সফল অৱতৰণৰ পিচত এতিয়া তেওঁ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Prakash Raj calls Chandrayaan-3 landing on Moon 'proud moment' after social media criticism
প্ৰকাশ ৰাজৰ প্ৰতিক্ৰিয়া চন্দ্ৰযান ৩ ক লৈ

চিটাৰা ডেস্ক, 24 আগষ্ট: শেহতীয়াকৈ প্ৰকাশ ৰাজে চন্দ্ৰযান ৩ ৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল ৷ ইয়াৰ পিচতে এই পোষ্টটোক লৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তেওঁক ব্যাপক ভাৱে সমালোচনা কৰে ৷ আনকি চন্দ্ৰযানক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি কৰ্ণাটকৰ বগালকোটৰ বানাহট্টি থানাতো অভিনেতাজনৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হয় । এতিয়া চন্দ্ৰযান ৩ চন্দ্ৰত অৱতৰণ কৰাৰ পিচতে পোহৰলৈ আহিছে প্ৰকাশ ৰাজৰ আন এটা পোষ্ট । এই পোষ্টটোত কি ক’লে প্ৰকাশ ৰাজে জানো আহক ৷

প্ৰকাশ ৰাজে টুইটযোগে লিখিছে, ‘‘ভাৰত আৰু মানৱতাৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত । ধন্যবাদ ISRO, Chandrayan 3, Vikram Lander আৰু এই কামটো সম্ভৱ কৰি তোলা সকলোকে ধন্যবাদ । আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য অন্বেষণৰ ক্ষেত্ৰত ই আমাক পথ প্ৰদৰ্শন কৰক ।’’ এতিয়া তেওঁৰ এই পোষ্টটোক লৈও ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে ।

  • PROUD MOMENT for INDIA and to Humankind.. 🙏🏿🙏🏿🙏🏿Thank you #ISRO #Chandrayaan3 #VikramLander and to everyone who contributed to make this happen .. may this guide us to Explore and Celebrate the mystery of our UNIVERSE .. #justasking

    — Prakash Raj (@prakashraaj) August 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এটা পোষ্টৰ বাবে ট্ৰ’ল হ’ল প্ৰকাশ ৰাজ

২০ আগষ্টত তেওঁ টুইটাৰত এটা কাৰ্টুনৰ ফটো শ্বেয়াৰ কৰিছিল । ছবিখনত চাৰ্ট আৰু লুংগী পৰিধান কৰা এজন ব্যক্তিয়ে চাহ ঢালি থকা দেখা গৈছে । এই ফটোখন শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখিছে, "ব্ৰেকিং নিউজ: বিক্ৰম লেণ্ডাৰৰ জৰিয়তে চন্দ্ৰৰ পৰা প্ৰথমখন ছবি ওলাইছে ।" এই পোষ্টটোৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে সমালোচনা কৰা হৈছিল অভিনেতাজনক ৷ ব্যৱহাৰকাৰীৰ প্ৰতিক্ৰিয়া দেখি তাৰ পিচত পুনৰ তেওঁ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

পুনৰ টুইট কৰি তেওঁ কয়, ‘‘নেতিবাচক লোকসকলে কেৱল নেতিবাচক বস্তুহে দেখা পায় ৷ কেৰালাৰ চাহ বিক্ৰেতাৰ সৈতে সংযোগ স্থাপন কৰি আৰ্মষ্ট্ৰঙৰ সময়ৰ কথা কৈ ধেমালি কৰি আছিলো । ইয়াত কোনজন চাহ বিক্ৰেতাক দেখিলে ট্ৰ’লাৰ সকলে ? যদি আপুনি কৌতুক বুজি নাপায়, তেন্তে এই কৌতুক আপোনাৰ ওপৰত ।’’

চন্দ্ৰযানৰ সফলতাত সুখী বলীউড

উল্লেখ্য যে, ২৩ আগষ্টৰ সন্ধিয়া প্ৰায় ৬:০৪ বজাত চন্দ্ৰযান ৩ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰি ইতিহাস ৰচনা কৰে ৷ ইয়াৰ পিচতে বলীউডৰ সকলো তাৰকাই ছ’চিয়েল মিডিয়া এই বৃহৎ সফলতাৰ বাবে সকলোকে অভিনন্দন জ্ঞাপন কৰিছে । শ্বাহৰুখ খান, অক্ষয় কুমাৰ, অজয় ​​দেৱগন, অনুপম খেৰ, ছানী দেওল আদি বহু তাৰকাই শুভেচ্ছা প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: Chandrayaan 3: চন্দ্ৰযান ৩ অৱতৰণৰ পূৰ্বে উপভোগ কৰক তথ্যচিত্ৰ ‘চন্দ্ৰযান ২ - দ্য লেণ্ডিং; জানি লওক এই ছবিখন কোনটো অ’টিটিত চাব পাৰিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.